ETV Bharat / politics

নাগৰিকত্ব পোৱাৰ পূৰ্বেই ভোটাৰ তালিকাত নাম কেনেকৈ সোমাল ? ছোনিয়া গান্ধীলৈ আদালতৰ জাননী

নিৰ্বাচনী তালিকাৰ অভিযোগ খাৰিজক প্ৰত্যাহ্বান জনাই ছোনিয়া গান্ধীক জাননী জাৰি কৰিলে ৰাউজ এভিনিউ আদালতে ।

Sonia Gandhi receives notice
ছোনিয়া গান্ধী (PTI)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 3:22 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে জাননী ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেওঁৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সৈতে জড়িত এক গোচৰত জাননী জাৰি কৰিছে । ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি এখন আবেদনৰ ভিত্তিত ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীক জাননী জাৰি কৰে ।

ইয়াৰ উপৰিও আবেদনখনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ খাৰিজ কৰা দণ্ডাধীশৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে । আদালতে এই বিষয়ত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি সম্পূৰ্ণ কেছ ৰেকৰ্ড (TCR) চমন কৰিছে । ৬ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিয়ে বিশেষ ন্যায়াধীশ বিশাল গগনে । এই জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব ছোনিয়া আৰু ৰাজ্য চৰকাৰে ।

এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱা বুলি, কিন্তু ইমানৰ পিছতো ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা হৈছিল ।

১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা ছোনিয়াৰ নাম আঁতৰাই পিছত ১৯৮৩ চনত সংযোজন কৰা হয় । ১৯৮৩ চনত ছোনিয়া ভাৰতীয় নাগৰিক হৈ পৰে । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । যিহেতু ১৯৮৩ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হৈছিল, গতিকে ভোটাৰ তালিকাত যোগ হ'বলৈ কিছুমান প্ৰৱঞ্চনামূলক নথি দাখিল কৰা হ'ব লাগিব, যিটো এটা চিনাক্তকৰণযোগ্য অপৰাধ । এনেক্ষেত্ৰত আদালতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ নিৰ্দেশ দিব লাগে । এই বিষয়ত দণ্ডাধীশ আদালতে ছোনিয়া গান্ধী বা দিল্লী আৰক্ষী কোনো এজনকো জাননী জাৰি কৰা নাছিল ।

মূল অভিযোগসমূহ:

অভিযোগত উল্লেখ আছে যে ছোনিয়া গান্ধী মূলতঃ ইটালীৰ নাগৰিক । ১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ১৯৮৩ চনত নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে । এই অনিয়মৰ তদন্ত আৰু এই কথিত অবৈধ পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিষয়াক জগৰীয়া কৰিবলৈ আদালতক অনুৰোধ জনাইছে ।

বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ছোনিয়া গান্ধী আৰু নিৰ্বাচনী বিষয়াসকলক তথ্য দাখিল কৰিবলৈ কয় । ই ৰাজহুৱা ব্যক্তিসকলৰ নিৰ্বাচনী তথ্য তন্ন তন্নকৈ পৰীক্ষা কৰি ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াত আইনী অনুসৰণ নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

আদালতে সকলো প্ৰতিবাদীকে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে । আদালতে জাননী জাৰি কৰাৰ পাছতো কংগ্ৰেছ দলৰ তাৎক্ষণিক আনুষ্ঠানিক সঁহাৰি নাপালে । এই গোচৰটো এতিয়া ভাৰতীয় নাগৰিকত্ব আৰু নির্বাচনী প্রক্রিয়াৰ নিয়মাৱলীৰ ওপৰত আবদ্ধ হৈ আছে আৰু সকলোৰে দৃষ্টি এতিয়া পৰৱর্তী শুনানিৰ ওপৰত ৷

লগতে পঢ়ক : সামাজিক মাধ্য়মত ভাৰত বিৰোধী মন্তব্য়: প্ৰাক্তন অধ্যাপকক জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

লগতে পঢ়ক : 'বন্দে মাতৰম’ক প্ৰথম ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ কৃতিত্ব কংগ্ৰেছ দলৰহে: লোকসভাত উদাত্ত কণ্ঠ গৌৰৱ গগৈৰ