ETV Bharat / politics

‘ভাৰতত অলপ বেছি সময় অতিবাহিত কৰক’ : ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ কটাক্ষ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুকলিকৈ বিতৰ্ক কৰাৰ বাবে সাজু বুলি কংগ্ৰেছে যি দাবী কৰিছিল, তাৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ লগতে সমগ্ৰ দলটোক তীব্ৰ সমালোচনা কৰে৷

RIJIJU ATTACKS RAHUL
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (IANS)
author img

By ETV Bharat Assamese Team

Published : November 5, 2026 at 8:22 AM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ তীব্ৰ সমালোচনা ৷ বুধবাৰে কংগ্ৰেছ সাংসদ গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে বাক্যবাণৰ জৰিয়তে আক্ৰমণ বিৰোধী দলটোৰ বাবে প্ৰয়োজনীয় একাধিক চৰ্তৰ কথা উল্লেখ কৰে ৷

মন্ত্ৰী ৰিজিজুৱে কয় যে, যদিহে বিৰোধী দলটোৱে নিৰ্বাচনত অধিক আসন লাভ কৰিবলৈ বিচাৰে, তেন্তে দলটোৰ শীৰ্ষনেতাসকলে ভাৰতত অধিক সময় অতিবাহিত কৰাটো নিতান্তই প্ৰয়োজনীয় ৷ তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে ভাৰত বিৰোধী লোকক সাক্ষাৎ কৰাটো বন্ধ কৰা উচিত ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুকলিকৈ বিতৰ্ক কৰাৰ বাবে সাজু বুলি কংগ্ৰেছে যি দাবী কৰিছিল, তাৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ লগতে সমগ্ৰ দলটোক তীব্ৰ সমালোচনা কৰে ৷

বুধবাৰে এক্সত প্ৰকাশিত এটা পোষ্টত তেওঁ মন্তব্য কৰে যে যদি ৰাহুল গান্ধীয়ে সাতটা চৰ্ত পূৰণ কৰিবলৈ সক্ষম হয়, তেন্তে হয়তো কংগ্ৰেছে সংসদত অধিক আসন লাভ কৰিব পাৰে ।

ৰিজিজুৱে সাংসদ গান্ধীক কটাক্ষ কৰি কয় যে তেওঁ বিদেশলৈ গোপনে আহ-যাহ কৰি থকাৰ পৰিৱৰ্তে ভাৰতত অধিক সময় পাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় ৷

মন্ত্ৰী ৰিজিজুৱে ৰাহুল গান্ধীক দলৰ জ্যেষ্ঠজনৰ পৰা প্ৰয়োজনীয় কথা শিকিবলৈ আৰু জ্ঞান আহৰণ কৰিবলৈও আহ্বান জনায় ৷ যি ভাৰতীয় পৰম্পৰাৰ অন্যতম নিদৰ্শন ৷ বিজেপিৰ শীৰ্ষনেতা ৰিজিজুৱে ৰাহুল গান্ধীক ভাৰত বিৰোধী যিকোনো উৎসৰ সৈতে সম্পৰ্কিত সকলো বিষয় পৰিহাৰ কৰিবলৈ আৰু তেনেধৰণৰ লোকসকলক সাক্ষাৎ নকৰিবলৈও আহ্বান জনায় ।

চতুৰ্থটো চৰ্ত হিচাপে মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক বিজেপি, আৰএছএছ আৰু প্ৰধানমন্ত্ৰী মোদীজীৰ প্ৰতি থকা ঘৃণাৰ অন্ত পেলাবলৈ আৰু বিজেপিক শত্ৰু হিচাপে ধৰি লোৱাৰ সলনি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে জ্ঞান কৰিবলৈও পৰামৰ্শ জাৰি কৰে ৷

ইয়াৰ লগতে মন্ত্ৰী ৰিজিজুৱে সংসদক অধিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ আৰু দলীয় সাংসদসকলক বিতৰ্ক আৰু আলোচনাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ ৰাহুল গান্ধীক আহ্বান জনায় ৷ মন্ত্ৰীগৰাকীয়ে নিজৰ অন্তিম দুটা চৰ্ত হিচাপে ভাৰতৰ সংবিধানক সন্মান কৰা, সাংবিধানিক প্ৰতিষ্ঠানক সন্মান কৰা, কংগ্ৰেছ দলক গণতান্ত্ৰিক সংগঠন হিচাপে কাম কৰিবলৈ দিয়া আৰু বংশানুক্ৰমিক ৰাজনীতিৰ অন্ত পেলাবলৈ ৰাহুল গান্ধীক আহ্বান জনায় ৷

ইয়াৰ পূৰ্বে ৰিজিজুৱে সংসদত দিয়া ভাষণৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰিছিল ৷ এই ভিডিঅ’টোত বিৰোধী নেতাসকলক সদনৰ মজিয়াৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছিল ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰিজিজুৱে কয়, ‘‘সংসদ বিতৰ্ক আৰু আলোচনাৰ স্থান । তথাপিও যিসকলে গণতন্ত্ৰ, বিতৰ্ক বা আলোচনাত বিশ্বাস নকৰে, তেওঁলোকেই এতিয়া বিতৰ্কৰ আহ্বান জনাইছে ।’’

উল্লেখ্য যে, বুধবাৰে ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছিল ৷ তেওঁ কৈছিল যে মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে প্ৰধানমন্ত্ৰীগৰাকীক দেশদ্ৰোহী বুলি তেওঁ প্ৰমাণ কৰিব পাৰে ৷ ৰাহুল গান্ধীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ৰাহুল গান্ধীৰ এই মুকলি প্ৰত্যাহ্বানৰ পিছত মনে মনে নাথাকিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৷ খাৰ্গে কয় যে প্ৰধানমন্ত্ৰী সন্মুখলৈ আহি ‘ভোট চুৰি’ সম্পৰ্কীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগে ।

খাৰ্গে কয়, ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল তেওঁৰ ব্যৰ্থ ‘ডিমাগী নক্সাল’ আখ্যানৰ পুনৰাবৃত্তিহে কৰিছে ! ভোট চুৰিৰ বিষয়টো সন্দৰ্ভত তেওঁৰ হাতত কোনো উত্তৰ নাই । তদুপৰি ৰাহুল গান্ধীৰ মুকলি প্ৰত্যাহ্বানৰ প্ৰতি তেওঁৰ কোনো সঁহাৰি নাই ৷’’ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জাতীয় স্বাৰ্থ কেনেকৈ বিদেশী শক্তিৰ ওচৰত বন্ধকত ৰাখিছে, সেই সম্পৰ্কে আলোচনাৰ আহ্বান জনোৱাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান বুলিয়েই খাৰ্গে প্ৰধানমন্ত্ৰীক সমালোচনা কৰে ৷

ইয়াৰ প্ৰত্যুত্তৰত খাৰ্গেক সামাজিক মাধ্যমৰ জৰিয়তে উভতি ধৰি মন্ত্ৰী ৰিজিজুৱে কয়, ‘‘খাৰ্গে-জী, 'ডিমাগী নক্সাল' কেৱল এক আখ্যান নহয়, বৰং এটা নিৰ্দিষ্ট শব্দ । 'ডিমাগী নক্সাল' হ'ল সেইসকল, যিয়ে মাওবাদীসকলৰ নীতি আৰু কাম-কাজক সমৰ্থন কৰে ৷ সমান্তৰালকৈ ভাৰতীয় সংবিধানক অৱমাননা কৰে, বিচ্ছিন্নতাবাদী নেতাসকলৰ সৈতে একত্ৰিত হৈ ৩৭০ অনুচ্ছেদৰ পোষকতা কৰে, ভাৰতৰ উন্নয়ন প্ৰকল্পসমূহ স্থবিৰ কৰিবলৈ বিচাৰে আৰু ইয়াক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ ৰচে । উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ পৰা পৃথক কৰাৰ উদ্দেশ্যে 'চিকেনছ নেক' কৰিডৰ ।’’

মঙলবাৰে গান্ধীয়ে বিৰোধী দলটোক ৰাষ্ট্ৰ বিৰোধী বুলি সমালোচনা কৰাৰ পিছতেই মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায় ৷ আনহাতে, বিদেশী ৰাষ্ট্ৰৰ সৈতে থকা সংযোগ সম্পৰ্কে কৰা দাবী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে কিয় মানহানিৰ গোচৰ দাখিল কৰা নাই বুলিও তেওঁ প্ৰশ্ন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীয়ে দেশক অস্থিৰ কৰি তোলাৰ বাবে বিদেশৰ পৰা সাহায্য বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰাহুল গান্ধীয়ে তেওঁক মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনায় । এই বিতৰ্কিত মন্তব্যৰ মাত্ৰ এদিনৰ পিছতে বিদেশৰ সাহায্যত প্ৰধানমন্ত্ৰীৰ চকীখন ৰাহুল গান্ধীয়ে দখল কৰিবলৈ প্ৰয়াস কৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আন এক গুৰুতৰ অভিযোগ কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: অভিনেতা নাছিৰুদ্দিন শ্বাহ নগৰীয়া 'ডিমাগী নক্সাল' : কিৰেণ ৰিজিজু