আচল কুকুৰ সংসদৰ ভিতৰত বহি আছে... ! কাক ক'লে ? কোনে ক'লে ?
এটা ৰাস্তাৰ কুকুৰ আৰু এসোপামান প্ৰশ্ন । সংসদলৈ কুকুৰ কিয় আনিব লগা হ'ল সাংসদে ?

By ANI
Published : December 1, 2025 at 6:41 PM IST
নতুন দিল্লী : আজিৰে (সোমবাৰ) পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন ৷ পুৱাৰে পৰা আৰম্ভ হোৱা অধিৱেশনলৈ আহিল এজন এজনকৈ সাংসদ । সময়মতে সংসদলৈ আহিল কংগ্ৰেছৰ সাংসদ ৰেনুকা চৌধুৰীও ।
ৰেণুকা চৌধুৰীয়ে অধিৱেশনলৈ অহাৰ সময়ত লগত আনে এটা কুকুৰ । কিন্তু কুকুৰটো অনাৰ বাবে আন সাংসদসকলে আপত্তি কৰে । তেতিয়া তেওঁ কয়, "প্ৰকৃত কুকুৰ সংসদৰ ভিতৰত বহি আছে আৰু প্ৰতিদিনে মানুহক কামুৰি আছে ।"

চৌধুৰীয়ে কয় যে পুৱা সংসদলৈ অহাৰ পথত তেওঁ এই কুকুৰৰ পোৱালিটোক উদ্ধাৰ কৰিছিল । এটা দুৰ্ঘটনাৰ সময়তে ৰাস্তাৰ ওচৰত বিচৰণ কৰি থকা এই কুকুৰ পোৱালিটোৱে আঘাত পাইছিল । যাৰ বাবে তেওঁ কুকুৰটোক নিজৰ গাড়ীত উঠাই লৈ আহিছিল । পিছত কুকুৰটোক গাড়ীৰ ভিতৰতে ৰাখি কংগ্ৰেছ সাংসদগৰাকীয়ে অধিৱেশনৰ বাবে গাড়ীৰ পৰা নামি যায় ।
এই সন্দৰ্ভত সংবাদ সংস্থা ANI-এ প্ৰশ্ন কৰাত তেওঁ কয়, "কিবা আইন আছে নেকি ? মই বাটত আছিলো । স্কুটী আৰু এখন গাড়ীৰ মাজত সংঘৰ্ষ হৈছিল । তেতিয়া এই সৰু কুকুৰ পোৱালিটোৱে ৰাস্তাত বিচৰণ কৰি আছিল । মই ভাবিছিলো যে এই দুৰ্ঘটনাত কুকুৰটোৱে আঘাত পাব । গতিকে মই কুকুৰটোক গাড়ীত ভৰাই লৈ আহিলো । সংসদত মোক নমাই দিয়াৰ পিছত কুকুৰটোক পুনৰ মোক গাড়ীতে পঠিয়াই দিলো । গাড়ীখন গুচি গ'ল, কুকুৰটোও। গতিকে এই আলোচনাৰ কি লাভ ?"

নেচনেল ডেম’ক্ৰেটিক এলায়েন্সৰ (National Democratic Alliance চমুকৈ NDA) কোনো সাংসদৰ নাম উল্লেখ নকৰাকৈয়ে চৌধুৰীয়ে শাসকীয় দলটোক কটাক্ষ কৰি কয় - "প্ৰকৃত কুকুৰবোৰ সংসদত বহি আছে ৷ সেইবোৰ আলোচনা কৰা নহয় ।"
তেওঁ কয়, "প্ৰকৃততে কামোৰা মানুহ সংসদত বহি আছে । তেওঁলোকে চৰকাৰ চলায় । আজি মই এটা অমাত জন্তুৰ যত্ন লৈছো আৰু এইটো এটা ডাঙৰ আলোচনাৰ বিষয় হৈ পৰিছে । চৰকাৰৰ আৰু একো কাম নাই নেকি ? মই কুকুৰটোক ঘৰলৈ পঠিয়াই ঘৰত ৰাখিবলৈ ক'লো...।"
ইফালে সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত বিশেষকৈ লোকসভাত বিৰোধী সাংসদসকলে বিশেষ নিবিড় সংশোধন (SIR)ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধীয়ে সদনত "ভোট চুৰি, গাদ্দী ছোড়" শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । ফলত লোকসভাৰ কামকাজ দুপৰীয়ালৈ স্থগিত ৰখা হয় ।

