সম্প্ৰসাৰণ হ'ল মন্ত্রীসভা: চৰ্চাত থকা দুই ন-বিজেপি বিধায়কৰ প্ৰতিক্ৰিয়া
মন্ত্রীসভা সম্প্ৰসাৰণ সন্দৰ্ভত ভূপেন বৰা-প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া

Published : June 5, 2026 at 6:00 PM IST
গুৱাহাটী: কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহি বিধায়ক হ'ল যদিও মন্ত্রিত্ব লাভ নকৰিলে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই । মন্ত্রিত্বৰ বাবে শক্তিশালী এই দুই নেতাৰ নাম চৰ্চাত আছিল যদিও স্থান নাপালে ।
শুকুৰবাৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত মন্ত্রীসভাত অন্তৰ্ভুক্ত হ'ল ১২ গৰাকী মন্ত্রী । গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ১২ গৰাকী বিধায়কক মন্ত্ৰীৰূপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় । এই শপত অনুষ্ঠানত অংশ গ্ৰহণ কৰে দুই ন-বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই ।
মন্ত্রিত্ব লাভ কৰা আটাইকেইজন দক্ষ : প্ৰদ্যুৎ বৰদলৈ
শপত গ্ৰহণ অনুষ্ঠানৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে কয়, "এইটো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ দ্বিতীয়টো সম্প্ৰসাৰণ । স্বাভাৱিকতে মন্ত্রিত্ব লাভ কৰা আটাইকেইজন দক্ষ বুলি জনাজাত । ইয়াত নতুন মুখো আছে আৰু পুৰণা মুখো আছে । আজি শপত লোৱা এই মন্ত্রীসভা অসমৰ সমগ্ৰ জনজীৱনৰ প্ৰতিবিম্ব । এই মন্ত্রীসভা যথেষ্ট সন্তুোলিত । তেওঁলোকৰ অভিজ্ঞতা আছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মন্ত্রীসভাই অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে ভালদৰে কাম কৰি যাব ।"
অকলে মই বাদ পৰা নাই : ভূপেন বৰা
আনহাতে বিধায়ক ভূপেন বৰাই কয়, "নিশ্চিতভাৱে বিজেপিয়ে ভিজন ডকুমেণ্টৰ যোগেদি ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ অগ্ৰাধিকাৰ ভিত্তিত বাস্তৱ ৰূপায়ণ কৰাটো চৰকাৰখনৰ মূল দায়িত্ব হ'ব । মই নিশ্চিত যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল আৰু অভিজ্ঞ নেতৃত্বত শপত লোৱা মন্ত্রীসকলে ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি সমূহ ৰূপায়ন কৰিবলৈ সক্ষম হ'ব ।"
মন্ত্রিত্ব পাব বুলি চলা চৰ্চা সন্দৰ্ভত তেওঁ কয়, "আশা-নিৰাশাৰ কথা নহয়, চৰ্চাটো সংবাদ মাধ্যমে কৰিব পাৰে । ১০২ গৰাকী জয়ী হৈ আহিছে,গতিকে যিমানেই মন্ত্রীসভা ভালদৰে বনাওক কিয় ৮৫ জন বিধায়কে মন্ত্রী হোৱাৰ সুযোগ নাপাব । এই ৮৫ জনৰ ভিতৰত মই আছো । অকলে মই বাদ পৰা নাই । ৮৫ জন বিধায়ক বাদ পৰিছে । গতিকে সাংবিধানিক বিধি অনুসৰি ১৯ জনে মন্ত্রিত্ব পাব । এটা সময় আছিল যেতিয়া ৩০-৩৫ জন মন্ত্রী ল'ব পাৰে । তেনে অৱস্থাত আক্ষেপ কৰিব পাৰে । এতিয়া জাতিগত, ধৰ্ম, অঞ্চল, উপজাতি আদিৰ কথা আছে । সকলো মিলাই মন্ত্রীসভাখন কৰা হৈছে । মই মন্ত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰিছো ।"
মন্ত্রী হিচাপে সমগ্ৰ অসমৰ বাবে কাম কৰিব লাগিব : মন্ত্ৰিত্ব লাভৰ পাছত সুশান্ত বৰগোঁহাইৰ প্ৰতিক্ৰিয়া

