ৰাজ্যসভা নিৰ্বাচন ২০২৬ : ১০ ৰাজ্যত চলি আছে ভোটগ্ৰহণ
সোমাবাৰে অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ তিনিখন ৰাজ্যত ১১খন ৰাজ্যসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷

By ANI
Published : March 16, 2026 at 1:00 PM IST
নতুন দিল্লী: সোমবাৰে অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলিব ভোটদান প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, ৰাজ্যসভাত খালী হোৱা ৩৭খন আসনৰ বাবে ১০খন ৰাজ্যত অনুষ্ঠিত হৈছে ভোটদান ৷ মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, পশ্চিম বংগ, বিহাৰ, অসম, ছত্তীশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ ৰাজ্যসভাৰ প্ৰতিনিধিৰ কাৰ্যকাল এপ্ৰিল মাহত অন্ত পৰিব ৷
ইতিমধ্যে ২৬জন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৷ তিনিখন ৰাজ্যত ১১খন ৰাজ্যসভা আসনৰ বাবে আজি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে ৷ ইয়াৰে বিহাৰত ৫খন আসন, ওড়িশাত ৪খন আসন আৰু হাৰিয়ানাত ২ খন আসন বাবে ভোটদান প্ৰক্ৰিয়া চলি আছে ৷
উল্লেখ যে, ২৬খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে ৭খন, কংগ্ৰেছে ৫খন, তৃণমূল কংগ্ৰেছে ৪খন, ডি এম কে, শিৱ সেনা, এন চি পি, এন চি পি(এছ পি), এ আই এ ডি এম কে, পি এম কে আৰু ইউ পি পি এলে এখনকৈ আসনত জয়লাভ কৰিছে ৷ বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাসকলৰ ভিতৰত শাৰদ পাৱাৰ, অভিষেক সিংভি, তিৰুচ্ছি শিৱা, বিনোদ টাওডে অন্যতম ৷
ইফালে আজি বিয়লি ৪ বজাত ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে আজিয়েই বিয়লি ৫ বজাৰ পৰা ভোটগণনা কৰা হ'ব ৷ ভোটদান প্ৰক্ৰিয়া চলি থকা ৰাজ্যসমূহৰ ভিতৰত বিহাৰ ৰাজ্যসভা নিৰ্বাচনে অতি তাৎপৰ্য বহন কৰিছে ৷ কাৰণ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অৱতীৰ্ণ হৈছে ৰাজ্যসভা নিৰ্বাচনত ৷ কিয়নো নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আটাইতকৈ দীঘলীয়া কাৰ্যকালত আছিল ৷ ইফালে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যসভা নিৰ্বাচন বাবে মনোনয়ন পত্ৰ দাখিল কৰা কাৰ্যক সমৰ্থ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷
এই সন্দৰ্ভত নীতিশ কুমাৰে Xত কয়,"মই প্ৰতিশ্ৰুতি দিব বিচাৰো বন্ধুত্বপূৰ্ণ সহযোগিতা বৰ্তমানেও আছে আৰু ভৱিষ্যতেও অব্যাহত থাকিব ৷ এখন উন্নত বিহাৰ গঢ়ি তোলাৰ মোৰ সংকল্প অটল হৈ থাকিব ৷ যিখন নতুন চৰকাৰ গঠন হ'ব সেইখনলৈ মোৰ সম্পূৰ্ণ সহযোগিতা আৰু পথ প্ৰদৰ্শক হৈ থাকিম ৷"

