ৰাজ্যসভালৈ যোৱাৰ মন বদৰুদ্দিন আজমলৰ : কংগ্ৰেছৰ পৰা সমৰ্থন বিচাৰি পত্র এ আই ইউ ডি এফৰ
বিৰোধীৰ শক্তি ৪৩ খন আসন । তৎপৰতা নাই গৌৰৱ গগৈৰ ।

Published : February 28, 2026 at 9:57 PM IST
গুৱাহাটী: এইবাৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ মন মেলিছে লোকসভাৰ প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে । ৯ এপ্রিলত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কার্যকাল অন্ত পৰিব । ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছে ।
১৬ মাৰ্চত ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । ইয়াৰ বাবে পাঁচ মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া চলিব । ইয়াৰ পাছত ৬ মাৰ্চত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ৯ মাৰ্চ । ১৬ মাৰ্চৰ দিনা তিনিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰি সেইদিনাই বিয়লি ভোটগণনা কৰা হ'ব ৷

তিনিওখন আসনতে প্রার্থী থিয় কৰাব বিজেপিয়ে !
ইতিমধ্যে শাসকীয় দল বিজেপিয়ে এইবাৰ তিনিওখন আসনতে প্রার্থী থিয় কৰাব বুলি ঘোষণা কৰিছে ৷ কিন্তু ৰাজসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়ালৈকে কংগ্ৰেছে কোনোধৰণৰ কুচকাৱাজেই আৰম্ভ কৰা নাই । ইয়াৰ বিপৰীতে বিৰোধী দল এ আই ইউ ডি এফে প্রার্থী থিয় কৰোৱাৰ বাবে কংগ্ৰেছৰ সহায় বিচাৰিছে ।
এ আই ইউ ডি এফে সভাপতি বদৰুদ্দিন আজমলক বিৰোধীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বাবে কংগ্ৰেছৰ সহায় বিচাৰি পত্র প্ৰেৰণ কৰিছে । কংগ্ৰেছ দলে সমৰ্থন কৰিলে তৃতীয়খন আসনত বদৰুদ্দিন আজমল জয়ী হ'ব পাৰে; কিন্তু সমৰ্থন নকৰিলে বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব ।
এ আই ইউ ডি এফে বিচাৰিছে কংগ্ৰেছৰ সমৰ্থন :
উল্লেখ্য যে, অজিত কুমাৰ ভূঞাক বিৰোধীৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছে প্ৰক্ষেপ কৰাৰ সময়ত এ আই ইউ ডি এফ দলে সমৰ্থন কৰিছিল । যাৰ বাবে এ আই ইউ ডি এফ দলে এইবাৰ কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে ৷ কিন্তু বিগত সময়ৰ সম্পৰ্কৰ পৰা চালে কংগ্ৰেছ দলে এ আই ইউ ডি এফ দলক সমৰ্থন কৰাৰ সম্ভাৱনা কম । অৱশ্যে ৰাজনীতিত অসম্ভৱ বুলি কোনো কথা নাই । এ আই ইউ ডি এফৰ পত্রৰ প্ৰতি কংগ্ৰেছে কি সঁহাৰি জনাই সেয়া দুই-এদিনতে জানিব পৰা যাব ।
তৎপৰতা নাই গৌৰৱ গগৈৰ :
বৰ্তমান সময়ত কংগ্ৰেছ দল বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আগন্তুক বিধানসভা নিৰ্বাচনকলৈ অত্যন্ত ব্যস্ত হৈ আছে । বিৰোধীৰ মিত্রতাৰ প্ৰসংগৰ লগতে 'সময় পৰিৱৰ্তন যাত্রা'ক লৈ কংগ্ৰেছ ব্যস্ত হৈ আছে । ৰাজ্যসভাৰ নিৰ্বাচনকলৈ কংগ্ৰেছৰ বিশেষ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই ।

লক্ষণীয় বিষয় যে এন ডি এৰ বিধায়কৰ সংখ্যাৰ ফালৰ পৰা দুখন আসনত শাসকীয় দলৰ প্রার্থী জয়ী হোৱাটো নিশ্চিত । তেনেস্থলত তৃতীয়খন আসনত বিৰোধী দলবোৰে সন্মিলিতভাৱে যুঁজিলেহে জয়ী হ'ব পাৰিব; কিন্তু তৃতীয়খন আসনক লৈ এতিয়া বিৰোধী শিবিৰৰ মাজত ভাঙোন আহি পৰাহে পৰিলক্ষিত হৈছে ।
চৰ্চাত প্ৰাক্তন সাংসদ কুইন ওজা :
মন কৰিবলগীয়া যে ৯ এপ্রিলত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কার্যকাল অন্ত পৰিব । গেৰুৱা দলটোৰ এটা সূত্ৰৰ মতে বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী আৰু ভূৱনেশ্বৰ কলিতাক পুনৰ দিল্লীলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত দলত চৰ্চা চলিছে । চৰ্চা চলিছে লোকসভাৰ প্ৰাক্তন সাংসদ কুইন ওজাৰ নাম । অৱশ্যে দলৰ একাংশই কেইবাবাৰো ৰাজ্যসভাৰ সাংসদ হোৱা ভূৱনেশ্বৰ কলিতাৰ পৰিৱৰ্তে এইবাৰ দলৰ আন কোনো এজনকহে দিল্লীলৈ প্ৰেৰণ কৰাৰ দাবী তুলিছে । এইক্ষেত্ৰত দ্বিতীয়খন আসনৰ বাবে বিজেপি নেতা পুলক গোহাঁইৰ নামো চৰ্চালৈ আহিছে ।
আনহাতে তৃতীয়খন আসনত বিৰোধীয়ে কি সিদ্ধান্ত লয়, সেয়া লক্ষ্য কৰিহে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰিছে ৷ কিন্তু বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে বিৰোধী দলবোৰে যে এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব পাৰিব তাত সন্দেহ আছে ।
বিৰোধীৰ শক্তি ৪৩ খন আসন :
আজিৰ তাৰিখত সামগ্ৰিকভাৱে বিৰোধী পক্ষৰ শক্তি হৈছে ৪৩ খন আসন । ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ ২৬, এ আই ইউ ডি এফৰ ১৫, চি পি এমৰ এখন আৰু ৰাইজৰ দলৰ এখন আসন ৷ কিন্তু, বিজেপিৰ সৈতে বিৰোধী পক্ষৰ কেইবাগৰাকী বিধায়কে হাত মিলাই আহিছে । শেহতীয়াকৈ কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা শ্বেৰমান আলী আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে ।
আনহাতে বিধায়ক শশীকান্ত দাস, কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসক কংগ্ৰছে নিলম্বিত কৰি থৈছে যদিও তেওঁলোকে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূর্বে বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে । সেই হিচাপত কংগ্ৰেছৰ বিধায়ক সংখ্যা এতিয়া ২১ জনলৈ হ্ৰাস পাব । ইয়াৰ বিপৰীতে বিজেপিৰ বিধায়ক আৰু তিনিগৰাকী বৃদ্ধি পাব ।
এ আই ইউ ডি এফে এইবাৰ ৰাজ্যসভাৰ তৃতীয়খন আসনত বদৰুদ্দিন আজমলক বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে আৰু ইয়াৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে; কিন্তু কংগ্ৰেছে এ আই ইউ ডি এফৰ এই আহ্বান মানি লোৱাৰ সম্ভাৱনা কম । প্ৰকৃতাৰ্থত সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰিব বিচৰা নাই ।
এতিয়া যদি কংগ্ৰেছে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এ আই ইউ ডি এফৰ সৈতে বুজাবুজি কৰে, তেনেহ'লে সেয়া বিজেপিৰ বাবে আন এটা ডাঙৰ ৰাজনৈতিক অস্ত্ৰ হৈ পৰিব । এনে পৰিপ্ৰেক্ষিতত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী কৰোৱা অংক মিলাবলৈ গৈ কংগ্ৰেছে বিপদ চপাই লোৱাৰ সম্ভাৱনা ক্ষীণ । যাৰ বাবে ৰাজ্যসভাৰ তৃতীয়খন আসনো বিজেপি মিত্ৰজোঁটৰ হাতলৈ যোৱাটো নিশ্চিত হৈ পৰিছে । তেনেহ'লে ৰাজ্যসভাত অসমৰ পৰা বিৰোধী শূন্য হৈ পৰিব ।

