ৰাজ্যসভাত বিজেপিৰ সদস্য হিচাপে স্বীকৃতি পালে ৰাঘৱ চাড্ডাসহ আপ দল এৰা ৭ সাংসদে
দল সলনি কৰা সাংসদৰ সদস্যপদ খাৰিজৰ বিপৰীতে ৰাজ্যসভাই বিজেপিত একত্ৰীকৰণত অনুমতি দিলে ।

Published : April 27, 2026 at 12:46 PM IST
নতুন দিল্লী : আম আদমি পাৰ্টী এৰা ৭ সাংসদক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । সৰ্বত্ৰে বিষয়টোক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ কেজৰিৱালৰ দলটোৱে পালে আন এক আঘাত । ৰাঘৱ চাড্ডাসহ ৭ সাংসদৰ সদস্যপদ খাৰিজৰ বাবে আম আদমি পাৰ্টীয়ে আবেদন কৰিছিল যদিও ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে সাংসদকেইজনক বিজেপিক একত্ৰিত কৰাৰ আনুষ্ঠানিক অনুমতি প্ৰদান কৰিলে । সোমবাৰে এক সূত্ৰই জনোৱা মতে ৰাজ্যসভাই আপৰ ৭ সাংসদৰ বিজেপিত মিলিত হোৱাৰ অনুমতি দিলে । ইয়াৰ লগে লগে ৰাজ্যসভাত বিজেপিৰ শক্তি ১১৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে আপৰ শক্তি ৩ লৈ হ্ৰাস পালে ।
ৰাজ্যসভাৰ ৱেবছাইটৰ মতেও ৭ জন সাংসদেই এতিয়া বিজেপিৰ সদস্য তালিকাৰ অংশ । সূত্ৰই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে ৭ জন সাংসদে একত্ৰীকৰণ হোৱাৰ পিছত তেওঁলোকক বিজেপি সাংসদ হিচাপে স্বীকৃতি দিবলৈ ৰাজ্যসভাৰ অধ্যক্ষক আবেদন জনাইছিল ।
উল্লেখ্য যে ২৪ এপ্ৰিলত ৰাঘৱ চাড্ডা, অশোক মিট্টল, সন্দীপ পাঠক, হৰভজন সিং, ৰাজেন্দ্ৰ গুপ্তা, বিক্ৰম সাহনী আৰু স্বাতী মালিৱালে আপ এৰি বিজেপিৰ সৈতে একত্ৰিত হোৱাৰ ঘোষণা কৰিছিল । অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে নিজৰ নীতি, মূল্যবোধ আৰু আদৰ্শৰ পৰা আঁতৰি যোৱাৰ অভিযোগ কৰি তেওঁলোকে আপ ত্যাগ কৰিছিল ।
ইয়াৰ পিছত দেওবাৰে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সংবিধানৰ দশম অনুসূচীৰ অধীনত দলটোৱে আবেদন দাখিল কৰা বুলি উল্লেখ কৰি ৰাজ্যসভাৰ অধ্যক্ষক এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ সদস্যপদ খাৰিজৰ অনুৰোধ জনাইছিল ।
তেওঁ কৈছিল যে আপে এই বিষয়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু লোকসভাৰ এজন প্ৰাক্তন মহাসচিবকে ধৰি সংবিধান বিশেষজ্ঞৰ সৈতে পৰামৰ্শ লৈছে । যিয়ে স্পষ্ট কৰি দিছে যে আইনৰ অধীনত সাংসদসকল অযোগ্য ঘোষণা হ'ব লাগে । কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যসভাই তেওঁলোকক বিজেপি একত্ৰীকৰণত অনুমোদন জনোৱাৰ লগে লগে আপৰ ভিতৰচ'ৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :
দলত্যাগ কৰা ৭ সাংসদক অযোগ্য ঘোষণাৰ দাবী; ৰাজ্যসভাৰ অধ্যক্ষলৈ পত্ৰ আপৰ

