মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 'World's best political mafia leader' : ৰাজেন গোঁহাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা প্ৰাক্তন সাংসদ তথা অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাইৰ । মুখ্যমন্ত্ৰীক বিশ্বাস নকৰিবলৈ আহ্বান ।

Published : December 28, 2025 at 12:50 PM IST
ডিব্ৰুগড়: "ডাঙৰ জালত পৰিছিল যদিও লুইচ বাৰ্জাৰৰ পৰা আৰম্ভ কৰি মানবেন্দ্ৰ শৰ্মালৈকে, তেওঁক কোনেও একো কৰিব নোৱাৰিলে ৷ জুবিন গাৰ্গৰ মৃত্যু, জোনমণি ৰাভাৰ মৃত্যু 'থাপ' কৰি দিলে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 'World's best political mafia leader' ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতীত উল্লেখ কৰি তীব্ৰ সমালোচনা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ ।
বিজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহায়ে লাহে লাহে যেন মুখ খুলিছে বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ।
মৰাণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ'ল প্ৰাক্তন সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাইক ৷ মৰাণত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাধাৰণ সভাত উপস্থিত থকা ৰাজেন গোঁহায়ে সংবাদ মাধ্যমৰ সন্মুখত ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷
"সকলোকে বিশ্বাস কৰিব, এইজন মানুহক বিশ্বাস নকৰিব" বুলি উল্লেখ কৰি ৰাজেন গোঁহায়ে কয়, "যিসকলে গালখন পাতি দিলেই চুমা খাই, তেওঁলোকক মই ধিক্কাৰ দিছো । তেওঁলোকে নাজানে তেওঁলোকৰ শত্ৰু কোন ? তেওঁলোকৰ ল'ৰা-ছোৱালীক কোনে ধ্বংস কৰি আছে ৷"

আনহাতে "মিঞা-মুছলমান বুলি চিঞৰি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে আজানপীৰ, চান্দসাই কোন চিনি নাপায়" বুলি অভিযোগ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ গোঁহায়ে লগতে কয়, "অসমীয়া হিন্দু গাঁও আৰু অসমীয়া মুছলমান গাঁৱৰ মাজত থকা সম্প্ৰীতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় জুই লগাব বিচাৰিছে ? অচিনাকী বুলি কৈ থাকে, কেইজন অচিনাকী মানুহক খেদিলে, এজনকো খেদিব নোৱাৰিলে ।"

মুখ্যমন্ত্ৰী কটু সমালোচনা কৰি ৰাজেন গোঁহায়ে পুনৰ কয়, "তেওঁৰ যদি ইমানেই অসমীয়া প্ৰেম আছিল, অসমীয়া জাতিটোক থিয় কৰাব খুজিছিল, কিমান অসমীয়া ল'ৰাক আগবঢ়াই আনিব পাৰিলে । তেওঁ কৈ থকা মিঞাৰ ওপৰতে নিৰ্ভৰ কৰি সকলো কাম কৰিব লগা হৈছে ।"

