ETV Bharat / politics

সদনৰ অচলাৱস্থা : ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কিৰেণ ৰিজিজুৰ

কিৰেণ ৰিজিজুৰ মতে ৰাহুল গান্ধীয়ে সদনৰ কাম-কাজ সঠিকভাৱে চলা নিবিচাৰে ।

Union Minister for Minority affairs and Parliamentary affairs, Kiren Rijiju receives warm welcome, in Tawang on Saturday
ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কিৰেণ ৰিজিজুৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 2:59 PM IST

3 Min Read
Choose ETV Bharat

টাৱাং : "সদনৰ মসৃণ কাম-কাজৰ প্ৰতি আগ্ৰহী নহয় ৰাহুল গান্ধী ।" এই মন্তব্য সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ । ৰিজিজুৱে সোমবাৰে দাবী কৰে যে একাংশ এন জি অ'ই তেওঁক পাঠ পঢ়াইছে যে তেওঁৰ দলৰ বাবে 'ভাল দিন' আহিব আৰু সেইবাবেই তেওঁ সদন অস্থিৰ কৰি ৰাখিছে । ৰিজিজুৱে লগতে কয় যে সংসদৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছক 'শান্ত' কৰাৰ বাবে চৰকাৰে আৰু অতিৰিক্ত পদক্ষেপ ল'ব নোৱাৰে কাৰণ তেওঁ সদন সঠিকভাৱে চলিবলৈ 'বহু চেষ্টা' কৰিছে কিন্তু বিফল হৈছে ।

টাৱাঙত সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত তেওঁ কয়, "ৰাহুল গান্ধী সদন চলি থকাত আগ্ৰহী নহয় । তেওঁ ইছ্যু প্ৰস্তুত কৰাত আগ্ৰহী । ৰাহুল গান্ধীক কিছুমান বেচৰকাৰী সংস্থাই টিউচন দিছে যে আপোনাৰ দিন আহিব । কিন্তু তেওঁলোকৰ দিন নাহে । পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকৰ সংখ্যা (লোকসভাত) আৰু অধিক কমি যাব ।"

নিজা লোকসভা সমষ্টি অৰুণাচল ৱেষ্ট ভ্ৰমণত থকা ৰিজিজুৱে কয় যে সদন স্থবিৰ হৈ থকাত শাসকীয় পক্ষৰ কোনো সমস্যা নাই কাৰণ তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল আৰু আন দুই এজনৰ সৈতে কথা পতাকে ধৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বহু চেষ্টা চলাইছে ।

তেওঁ কয়, "কংগ্ৰেছক শান্ত কৰিবলৈ আমি অতিৰিক্ত একো কৰিবলৈ নাযাওঁ । এটাৰ পিছত আনটো নিৰ্বাচনত পৰাস্ত হোৱাৰ বাবেই কংগ্ৰেছ হতাশ হৈ পৰিছে । পৰিস্থিতি সলনি কৰিবলৈ তেওঁলোকে হাহাকাৰ কৰিছে ।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে সংসদত থকা সৰু সৰু দলবোৰৰ পৰা কংগ্ৰেছৰ ওপৰত হেঁচা পৰিছে যাতে সদন স্থবিৰ নকৰে কাৰণ কথা কোৱা সুযোগ হেৰুৱাইছে । তেওঁ কয়, "সকলো বিৰোধী কংগ্ৰেছৰ সৈতে নাই । সৰু সৰু দলসমূহে নিজা নিজা দলীয় সময় ব্যৱহাৰ কৰিব পৰা নাই । সৰু সৰু দলসমূহ ৰাহুল গান্ধীৰ ওপৰত অসন্তুষ্ট । কিছুমানে অধ্যক্ষৰ বিৰুদ্ধে প্ৰস্তাৱতো স্বাক্ষৰ কৰা নাই ।"

ৰিজিজুৱে কয় যে আন ৰাজনৈতিক দলৰ একাংশ সদস্যই তেওঁক কৈয়েই থাকিল যে তেওঁলোকে সদন চলি থকা বিচাৰে ।

উল্লেখ্য যে বাজেট দাখিলৰ পিছত সদনত একপ্ৰকাৰ অচলাৱস্থা অব্যাহত আছে । লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জেনেৰেল এম এম নাৰৱণেৰ অপ্ৰকাশিত স্মৃতিগ্ৰন্থৰ উদ্ধৃতি দি চীনৰ সৈতে ২০২০ চনৰ অচলাৱস্থাৰ বিষয়ে আলোচনা কৰাত তেওঁক বাধা দিয়া হৈছিল । যাৰ বাবে লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে বিৰোধীয়ে অসন্তুষ্টি প্ৰকাশ কৰে । আনকি সদনত অশান্ত পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত বিৰোধীৰ ৮ গৰাকী সদস্যক নিলম্বন কৰা হৈছিল । লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে মুকলিকৈ পক্ষপাতমূলক আচৰণ কৰাৰো অভিযোগ কৰে বিৰোধীৰ সাংসদসকলে । অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে আস্থা প্ৰস্তাৱো দাখিল কৰে ।

লগতে পঢ়ক :লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত ৯ মাৰ্চত আলোচনাৰ সম্ভাৱনা