আজি জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী, আইন-শৃংখলা ৰক্ষাত সহায় কৰিবলৈ সাজু কংগ্ৰেছ
সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আইন-শৃংখলা ৰক্ষাত চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে ।

Published : October 16, 2025 at 8:55 PM IST
গুৱাহাটী: ৰাজ্যৰ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰে সহায় বিচাৰিলে বিৰোধী দল হিচাপে চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত কংগ্ৰেছ দল । সোণাপুৰত জুবিন গাৰ্গৰ সমাধিথলীত উপস্থিত হৈ এই ঘোষণা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ ।
আনহাতে, শুকুৰবাৰে দুপৰীয়া সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী । সেই কথাও সদৰী কৰে গৌৰৱ গগৈয়ে । ৰাহুল গান্ধীয়ে শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা ডেৰ বজাত পোনে পোনে আহি সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হ’ব ৷ অৱশ্যে ৰাহুল গান্ধীৰ অসম ভ্ৰমণত নাথাকে কোনো দলীয় কাৰ্যসূচী ।
ৰাহুল গান্ধীৰ শুকুৰবাৰৰ অসম ভ্ৰমণৰ বিষয়ে গৌৰৱ গগৈয়ে কয়, “কাইলৈ আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহি সমাধিক্ষেত্ৰত জুৱিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । লগতে, পৰিয়ালৰ লগতো সাক্ষাৎ কৰি নিজৰ সমবেদনা জ্ঞাপন কৰিব । কাইলৈ আমাৰ কোনো দলীয় কাৰ্যসূচী নাই । এইটো ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা ব্যক্তিগত ভ্ৰমণ । তেওঁ প্ৰায় ডেৰটা বজাত বিমানবন্দৰৰ পৰা পোনে পোনে সমাধিক্ষেত্ৰলৈ যাব ৷ সমাধিক্ষেত্ৰত শ্ৰদ্ধা জনাই কাহিলিপাৰাৰ ঘৰলৈ যাব ।”
আনহাতে, সোণাপুৰত জুবিন গাৰ্গৰ সমাধিথলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বৃহস্পতিবাৰে আবেলি গৌৰৱ গগৈয়ে বুধবাৰৰ বাক্সাৰ হিংসাত্মক কাৰ্যক গৰিহণা দি গৃহ বিভাগে আগতীয়া সতৰ্কতা লোৱাটো উচিত আছিল বুলি মন্তব্য কৰে ৷
এই প্ৰসংগত গৌৰৱ গগৈৰ মন্তব্য, “কালি বাক্সাত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিল, তাত আমি অতিশয় দুঃখিত ৷ জুবিন গাৰ্গৰ অনুৰাগী, সাংবাদিক আৰু আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হ’ল ৷ এনেকুৱা এটা ঘটনা হ’ব নালাগিছিল । এনে পৰিস্থিতিৰ বাবে গৃহ বিভাগে আগৰে পৰাই ব্যৱস্থা ল’ব লাগিছিল ।”
লগতে জুৱিন গাৰ্গৰ অনুৰাগীসকলৰ প্ৰতি গৌৰৱ গগৈৰ আহ্বান, “মই অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলক বিনম্ৰ আহ্বান জনাইছোঁ যে এই সময়ত আমাক সাহস, ধৈৰ্য আৰু প্ৰাৰ্থনাৰ প্ৰয়োজন, যাতে জুবিন গাৰ্গৰ অসম্পূৰ্ণ কামবোৰ আমি সম্পূৰ্ণ কৰিব পাৰিব লাগিব, সময়ৰ ভিতৰত যাতে তদন্ত সম্পূৰ্ণ কৰি তথ্যসমূহ সংগ্ৰহ কৰি ন্যায়ালয়ত তেওঁলোকে জমা দিব পাৰে । ”
এই সময় হিংসাৰ সময় নহয়, এই সময়ত ধৈৰ্য, সাহস, আত্মনিয়ন্ত্ৰণ লাগিব বুলি আহ্বান জনাই চৰকাৰে বিচাৰিলে আইন-শৃংখলা ৰক্ষাৰ বাবে সহায় কৰিবলৈ কংগ্ৰেছ দল প্ৰস্তুত বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷
গৌৰৱ গগৈয়ে কয়, “যদি অসমৰ আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা চৰকাৰে সহায় বিচাৰে আমি বিৰোধী দল হিচাপে চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত আছোঁ । আমি মাত্ৰ বিচাৰো ন্যায় ।”
উল্লেখ্য যে দুদিন-তিনিদিনৰ পিছত সমগ্ৰ অসমে জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া তিথি উদযাপন কৰিব ৷ কংগ্ৰেছ দলেও দলৰ অনুৰাগীসকলে নিজৰ নিজৰ জিলাত কাৰ্যালয়ত স্মৃতিচাৰণ সভা পাতিব বুলি এ পি চি চিৰ সভাপতিগৰাকীয়ে লগতে মন্তব্য কৰে ।

