ETV Bharat / politics

নবীনৰ হাতেৰে মুখ মিঠা কৰি বিজেপিত ভৰি থলে 'আপ' এৰা তিনি সাংসদে

বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে সাংসদসকলে ।

Raghav Chadha joins BJP
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে ৰাঘৱ চাড্ডা, সন্দীপ পাঠক আৰু অশোক মিট্টল (ANI)
author img

By ANI

Published : April 24, 2026 at 8:42 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: আম আদমি পাৰ্টীয়ে আকস্মিকভাৱে পোৱা খবৰ চম্ভালি ল’বলৈ নৌপাওঁতেই বিজেপি পালেগৈ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা, সন্দীপ পাঠক আৰু অশোক মিট্টল ৷ শুকুৰবাৰে সন্ধিয়া তিনিওগৰাকী ৰাজনীতিকে গেৰুৱা দলটোত যোগদান কৰে ৷

ৰাজধানী নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে সাংসদসকলে । নবীনে সাংসদসকলক মিঠাই খুৱাই দললৈ আদৰণি জনায় ৷

আনহাতে, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে আপৰ এই খহনীয়াৰ পিছত ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কৰে ৷ কেজৰিৱালে কেন্দ্ৰৰ শাসকীয় দলটোৱে পুনৰবাৰ পাঞ্জাবী লোকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে ।

সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰে অৰবিন্দ কেজৰিৱালে ৷ এক্সত প্ৰকাশিত এটা পোষ্টত তেওঁ কয়, ‘‘বিজেপি নে ফিৰ ছে পাঞ্জাবিঅ’ কে সাথ কিয়া ধক্কা’’ অৰ্থাৎ বিজেপিয়ে আকৌ এবাৰ পাঞ্জাৱীসকলৰ সৈতে প্ৰতাৰণা কৰিলে ৷

ইফালে দলৰ তিনিজন সাংসদ ক্ৰমে ৰাঘৱ চাড্ডা, সন্দীপ পাঠক আৰু অশোক মিট্টলে দলত্যাগৰ কথা ঘোষণা কৰি কয় যে ৰাজ্যসভাত দলটোৰ দুই-তৃতীয়াংশ সদস্যই বিজেপিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে ।

সন্দীপ পাঠক আৰু অশোক মিট্টলো উপস্থিত থকা সংবাদমেলত ৰাঘৱ চাড্ডাই কয়, ‘‘আমি সিদ্ধান্ত লৈছো যে আমি ৰাজ্যসভাত আম আদমি পাৰ্টীৰ দুই তৃতীয়াংশ সদস্যই ভাৰতৰ সংবিধানৰ নীতি অনুসৰি বিজেপিৰ সৈতে একত্ৰিত হ’ম ।’’

সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত সাংসদ চাড্ডাই কয় যে আম আদমি পাৰ্টীৰ ৰাজ্যসভাত ১০ গৰাকী সাংসদ আছে ৷ ইয়াৰে ৭ গৰাকীয়ে দলটো ত্যাগ কৰি বিজেপিৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে ।

চাড্ডাই লগতে কয় যে আম আদমি পাৰ্টীয়ে নিজৰ মূল মতাদৰ্শৰ পৰা বিচ্যুত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ দলটোৱে এতিয়া ব্যক্তিগত লাভালাভৰ বাবে কাম কৰি থকাৰো তেওঁলোকে অভিযোগ উত্থাপন কৰে ।

সংবাদমেলত চাড্ডাই কয়, ‘‘মই মোৰ তেজ আৰু ঘামেৰে লালন-পালন কৰা আৰু মোৰ যৌৱনৰ ১৫ টা বছৰ উৎসৰ্গা কৰা আম আদমি পাৰ্টীয়ে নিজৰ নীতিৰ পৰা আঁতৰি গৈছে । এতিয়া এই দলটোৱে জাতীয় স্বাৰ্থত নহয়, ব্যক্তিগত স্বাৰ্থতহে কাম কৰে ৷ যোৱা কেইবছৰমানৰ পৰা মই মোক নিজক ভুল দলৰ সঠিক ব্যক্তিৰ দৰে অনুভৱ কৰি আহিছো । সেয়েহে আজি মই ঘোষণা কৰিছো যে মই আম আদমি পাৰ্টী এৰি জনসাধাৰণৰ ওচৰলৈ আহি আছো ।’’

ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা আম আদমি পাৰ্টীয়ে ৰাঘৱ চাড্ডাক অপসাৰণ কৰাৰ কিছুদিন পিছতে তেওঁ দল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: কেজৰিৱালৰ দলত এতিয়া চোৰেই চোৰ ! ৰাঘৱ চাড্ডাৰ দলত্যাগৰ ঘোষণাৰ পিছত মন্ত্ৰী কপিল মিশ্ৰৰ কটাক্ষ