পঞ্জাৱৰ উপ-নিৰ্বাচনৰ ফলাফল: আপৰ হৰমীত সিং সন্ধুৰ জয়লাভ
টাৰ্ণ তৰণ আসনৰ বাবে চলিছিল গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা ৷ এইখন আসন পূৰ্বে আপৰ বিধায়ক প্ৰয়াত কাশ্মীৰ সিং সোহালৰ দখলত আছিল ৷

Published : November 14, 2025 at 5:30 PM IST
চণ্ডীগড়: শুকুৰবাৰে পঞ্জাৱত ঘোষণা হয় উপ-নিৰ্বাচনৰ ফলাফল ৷ ৰাজ্যখনৰ টাৰ্ণ তৰণ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে আম আদমী পাৰ্টীৰ হৰমীত সিং সন্ধুক ১২ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয়ী ঘোষণা কৰা হয় ।
শিৰোমণি আকালি দলৰ সুখৱিন্দৰ কৌৰে ১৫,৫২১ টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ কৰণবীৰ সিঙে লাভ কৰে তৃতীয় স্থান ।
টাৰ্ণ তৰণ আসনৰ বাবে চলিছিল তুমুল প্ৰতিদ্বন্দ্বিতা ৷ এই আসন পূৰ্বে আপৰ বিধায়ক প্ৰয়াত কাশ্মীৰ সিং সোহালৰ নামত আছিল ৷ জুন মাহত সোহালৰ মৃত্যুৰ পিছত আসনখন খালী হৈ পৰে । জুলাই মাহত আপত যোগদান কৰা সন্ধুক দলটোৱে উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে ।
এই আসনৰ পৰা তিনিবাৰৰ বিধায়ক পদত অধিষ্ঠিত হোৱা সন্ধুৱে ২০০২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে টাৰ্ণ তৰণৰ পৰা আৰু ক্ৰমে ২০০৭ আৰু ২০১২ চনত শিৰোমণি আকালি দলৰ টিকটত জয় লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল ।
এই আসনৰ পৰা কংগ্ৰেছে বুৰ্জক প্ৰক্ষেপ কৰিছিল । তেওঁ দলটোৰ টাৰ্ণ তৰণ জিলা সমিতিৰ সভাপতি । এগৰাকী কৃষক আৰু ব্যৱসায়ী বুৰ্জে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
এছ এ ডিয়ে চৰকাৰী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা এজন সৈনিকৰ পত্নী ৰন্ধাৱাক নিৰ্বাচনী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ে টাৰ্ণ তৰণ জিলা ইউনিটৰ সভাপতি হৰজিৎ সিং সন্ধুক টিকট প্ৰদান কৰে ৷ ২০২২ চনত বিজেপিত যোগদান কৰাৰ পূৰ্বে হৰজিৎ সিং সন্ধু এছ এ ডি দলৰ সদস্য আছিল ।
লগতে পঢ়ক: তেলেংগানাৰ উপ-নিৰ্বাচনত বিজেপিয়ে হেৰুৱালে আমানতৰ ধন, জিকিল কংগ্ৰেছ

