সেয়া উপদেশ নহয়, ব্য়ৰ্থতাৰহে প্ৰমাণ, প্ৰধানমন্ত্ৰীক ৰাহুলৰ কটাক্ষ
অৰ্থনৈতিক চাপৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশবাসীক উদ্দেশ্যি জনোৱা আহ্বানৰ পিছতে বিৰোধীৰ সমালোচনাৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী ।

Published : May 11, 2026 at 1:48 PM IST
|Updated : May 11, 2026 at 2:06 PM IST
নতুন দিল্লী: ‘‘ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কমকৈ কৰক ৷’’ পশ্চিমৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে এই আহ্বান জনোৱাৰ পিছতে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ লোকসভাৰ বিৰোধী দলপতি তথা শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক উভতি ধৰি কঠোৰ সমালোচনা কৰে ৷ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যই অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰিচালনাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিফলন ঘটাইছে বুলি মন্তব্য কৰে ।
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সামাজিক মাধ্যমতো আক্ৰমণ কৰি কঠোৰ সমালোচনা কৰে ৷ সামাজিক মাধ্য়মত প্ৰকাশিত এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে দেশবাসীকহে দোষাৰোপ কৰিছে ৷
मोदी जी ने कल जनता से त्याग मांगे - सोना मत ख़रीदो, विदेश मत जाओ, पेट्रोल कम जलाओ, खाद और खाने का तेल कम करो, मेट्रो में चलो, घर से काम करो।
— Rahul Gandhi (@RahulGandhi) May 11, 2026
ये उपदेश नहीं - ये नाकामी के सबूत हैं।
12 साल में देश को इस मुक़ाम पर ला दिया है कि जनता को बताना पड़ रहा है - क्या ख़रीदे, क्या न…
কংগ্ৰেছ নেতা গান্ধীয়ে কয়, ‘‘কালি মোদীজীয়ে দেশবাসীক সম্বোধন কৰি কৈছিল যে তেওঁলোকে সোণ কিনিব নালাগে, বিদেশলৈ যাব নালাগে, কমকৈ ইন্ধন ব্যৱহাৰ কৰিব লাগে, সাৰ আৰু খোৱাতেলৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে, মেট্ৰ’ ব্যৱহাৰ কৰিব লাগে আৰু ঘৰৰ পৰাই কাম কৰিব লাগে । এইবোৰ কোনো ধৰণৰ উপদেশ নহয়, এয়া ব্যৰ্থতাৰ প্ৰমাণহে ।’’
ৰাহুল গান্ধীয়ে পুনৰ কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে নিজৰ ১২ বছৰীয়া শাসনকালত দেশখনক এনে এটা পৰ্যায়লৈ লৈ গৈছে, য’ত দেশৰ জনসাধাৰণে কি কিনিব, কি নিকিনিব, ক’লৈ যাব, ক’লৈ নাযাব তাৰ উল্লেখ কৰা হৈছে । প্ৰতিবাৰেই তেওঁলোকে যিকোনো পৰিস্থিতিৰে দায়িত্ব দেশবাসীৰ ওপৰত জাপি দি নিজে উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷’’ দেশ চলোৱাটো এতিয়া দুৰ্নীতিগ্ৰস্ত প্ৰধানমন্ত্ৰীগৰাকীৰ ক্ষমতাৰ ভিতৰত নাই বুলি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰে ৷
India continues to scale new heights of progress but at the same time there are several challenges we have to overcome.
— Narendra Modi (@narendramodi) May 10, 2026
Here is my appeal to my fellow Indians. pic.twitter.com/vIz1nT2EF6
উল্লেখ্য যে, দেওবাৰে হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদ পেৰেড খেলপথাৰত বিজেপিৰ এক জনসভা অনুষ্ঠিত হৈছিল ৷ এই জনসভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকি দেশবাসীক সম্বোধন কৰি এক বিশেষ আহ্বান জনাইছিল ৷ পশ্চিমৰ যুদ্ধ আৰু যোগান ব্যৱস্থাত জন্মা ব্যাঘাতৰ ফলত বিশ্বব্যাপী সৃষ্টি হোৱা অৰ্থনৈতিক চাপৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক উদ্দেশ্যি এই আহ্বান জনায় । প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পিছতে লোকসভাৰ বিৰোধী দলপতি গান্ধীয়ে কঠোৰ সমালোচনাৰে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷
২০২০ চনৰ পিছৰে পৰা দেশত কৰ’না মহামাৰীৰ পিছত সৃষ্টি হোৱা পৰিৱেশ আৰু বৰ্তমানে চলি থকা যুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক চাপৰ কথা প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰি কৈছিল, ‘‘সমগ্ৰ বিশ্বৰ যোগান ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পৰিছে ৷ যাৰ ফলত চুবুৰীয়া দেশতো মূল্যবৃদ্ধি হৈছে । তেলৰ মূল্য বৃদ্ধিৰ বোজা যাতে ভাৰতৰ জনসাধাৰণৰ ওপৰত নপৰে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত লৈছে ৷’’ বিভিন্ন দেশৰ সৈতে হোৱা আলোচনাৰ মাধ্যমৰে ইন্ধনৰ নাটনিজনিত সমস্যাৰ সমাধান কৰিব পাৰিব বুলি দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক আশ্বাস প্ৰদান কৰে ৷
প্ৰধানমন্ত্ৰীয়ে কয় যে অদূৰ ভৱিষ্যতে ভাৰতৰ পেট্ৰ’ল-ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট পৰিমাণে হ্ৰাস পাব ৷ বিদেশী মুদ্ৰা বচাই ভাৰতক সকাহ দিয়াৰ উদ্দেশ্যৰে দেশবাসীলৈ এই আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ হায়দৰাবাদৰ জনসভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশ্যি ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উপৰিও এবছৰলৈ সোণৰ দৰে মূল্যবান ধাতু ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল ৷
লগতে পঢ়ক: "ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কম কৰক", কিয় ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে

