জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ অভিযোগনামা দিয়া হ’ল; এইবাৰ গৌৰৱৰ প্ৰতি চকু মুখ্যমন্ত্ৰীৰ
জটিলতা জড়িত থকা গোচৰত কেৱল অসম এছ আই টিয়ে সকলো দিশৰ তদন্ত কৰাটো সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

By PTI
Published : December 13, 2025 at 11:47 AM IST
গুৱাহাটী : প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগৰ তদন্ত কেন্দ্ৰীয় সংস্থাৰ হাতত অৰ্পণ কৰা হ’ব । শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এছ আই টি গঠন কৰিছিল । যোৱা ১০ ছেপ্টেম্বৰত এছ আই টিয়ে তেওঁৰ হাতত প্ৰতিবেদন দাখিল কৰে ।
এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ অভিযোগনামা ইতিমধ্যে এছ আই টিয়ে দাখিল কৰিছে, গতিকে এতিয়া আমি গৌৰৱ গগৈৰ গোচৰলৈ আগবাঢ়িম ।"
তেওঁ কয় যে জুবিন গাৰ্গৰ সৈতে জড়িত গোচৰটো নিষ্পত্তি হৈ নিয়মীয়া বিচাৰলৈ যোৱাৰ পিছত “আমি এই মাহৰ শেষৰ ফালে বা অহা মাহৰ ভিতৰত কিছু নথি-পত্ৰ দাখিল কৰিম” ।
"বিষয়টো অৱশ্যে অধিক তদন্তৰ বাবে কেন্দ্ৰীয় সংস্থালৈ যাব । ইমান জটিলতা জড়িত থকা গোচৰত কেৱল অসম এছ আই টিয়ে সকলো দিশৰ তদন্ত আৰু তথ্য উন্মোচন কৰাটো সম্ভৱ নহ'ব ।"
তেওঁ অৱশ্যে দাবী কৰে যে এই গোচৰত এছ আই টিয়ে যিয়েই তথ্য লাভ নকৰক কিয়, “অভিযুক্তৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণৰ বাবে এয়াই যথেষ্ট” ।
উল্লেখ্য যে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ কৰি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণক ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ এই অভিযোগ খাৰিজ কৰি দাবী কৰিছে যে এই অভিযোগ ফ্লপ হ'বলৈ গৈ থকা 'চি গ্ৰেড বলীউড ছবি'ৰ দৰে আছিল ।

