ETV Bharat / politics

বিহাৰ বিধানসভা নিৰ্বাচনত এগজিট প’লে এন ডি এক দিলে পূৰ্ণ সমৰ্থন

দুটা পৰ্যায়ত ভোটদান সম্পন্ন হোৱা বিহাৰত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে(NDA) ক্ষমতা অক্ষুণ্ণ ৰাখিব বুলি এগজিট প’লৰ ভৱিষ্যদ্বাণী ৷

Bihar Election 2025
ভোটদানৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে অন্যান্যসকল (PTI)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 10:03 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আনুষ্ঠানিকভাৱে শেষ হোৱাৰ লগে লগে সামৰণি পৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ৷ তাৰ লগে লগে টেলিভিছন চেনেলসমূহে প্ৰকাশ কৰে নিৰ্বাচনকেন্দ্ৰিক এগজিট প’ল ৷ এগজিট প’লে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে(এন ডি এ) ক্ষমতাৰ বাঘজৰী পুনৰ চম্ভালিব বুলি ভৱিষ্যদ্বাণী কৰে ।

আই এন এছ-মেট্ৰিজৰ সমীক্ষাত এন ডি এ ক্লীন ছুইপ কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে । য’ত তেওঁলোকে নূন্যতম ২০ খন আৰু সৰ্বাধিক ১৪৭ খন আসন লাভ কৰিব বুলি দাবী কৰা হৈছে ৷ মহাজোঁটবন্ধনে সৰ্বাধিক ৯০ খন আসনৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে ৭০ খন আসন লাভ কৰিব বুলি এগজিট প’লে দাবী কৰে ৷

আই এন এছ-মেট্ৰিজৰ অনুমান অনুসৰি জন সুৰজ পাৰ্টীয়ে সৰ্বাধিক দুখন আসন লাভ কৰিব পাৰে নাইবা এখনো আসন লাভ নকৰিবও পাৰে । আনহাতে, পিপলছ ইনচাইটে এন ডি এ সৰ্বাধিক ১৫৯ খন আৰু নূন্যতম ১৩৩ খন লাভ কৰিব বুলি দাবী কৰিছে ৷ বিৰোধীয়ে সৰ্বাধিক ১০১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷

দৈনিক ভাস্কৰৰ মতে, এন ডি এয়ে ১৪৫-১৬০ খন আসন লাভ কৰিব পাৰে । যাৰ বাবে বিৰোধীয়ে সৰ্বাধিক ৯১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে এই সংখ্যা ৭৩ খনলৈকে হ্ৰাস পাব পাৰে ৷ আন একাংশ দলে হয়তো ৫-১০ খন আসন পাব পাৰে ।

পিপলছ ইনচাইটে শাসকীয় মিত্ৰজোঁটে ১৪৮ খন আসন লাভ কৰাৰ দাবী কৰে যদিও নিৰ্বাচনী ফলাফলত হীন-ডেঢ়ি হ’লে আসনৰ সংখ্যা ১৩৩ খনলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে ৷ তেওঁলোকে বিৰোধী দলক দিছে ৮৭-১০২ খন আসন । অন্যান্যসকলে তিনিৰ পৰা ছখন আসন লাভ কৰাৰো দাবী কৰে পিপলছ ইনচাইটে ৷

জে ভি চি(JVC)ৰ এগজিট প’ল অনুসৰি এন ডি এক দিয়া হৈছে ১৩৫-১৫০ খন আসন ৷ ইণ্ডিয়া ব্লক ৮৩-১০০ খন আসন লাভতে সীমাবদ্ধ থাকিব বুলিও তেওঁলোকে দাবী কৰে ৷ আনহাতে, জন সুৰজ পাৰ্টীয়ে সৰ্বাধিক এখন আসনহে লাভ কৰাৰ দাবী তোলে জে ভি চিয়ে ৷

চাণক্য ষ্ট্ৰেটেজিছৰ এগজিট প’লত এন ডি এৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে । শাসকীয় এন ডি এক ১৩০-১৩৮ খন আসন দিয়াৰ বিপৰীতে ইণ্ডিয়া ব্লকে ১০০-১০৮ খন আসন লাভ কৰাৰ দাবী কৰা হৈছে ৷ চাণক্য ষ্ট্ৰেটেজিছৰ এগজিট প’ল অনুসৰি জন সুৰজ পাৰ্টীয়ে লাভ নকৰে এখনো আসন ৷

নিউজ-১৮ ৰ মেগা এগজিট প’লেও এন ডি এক দিয়ে পূৰ্ণ সমৰ্থন ৷ ইয়াত এন ডি এয়ে ১৪০-১৫০ খন আসন লাভ কৰাৰ কথা কোৱা হৈছিল ৷ আনহাতে ইণ্ডিয়া ব্লকে ৮৫-৯৫ খন আসন, বিজেপিয়ে ৫৫-৬৫ খন আসন আৰু জনতা দলে (ইউনাইটেড) ৬০-৭০ খন আসন লাভৰ দাবী কৰা হৈছে ৷

এই এগজিট প’লত ৰাষ্ট্ৰীয় জনতা দলে ৫০-৬০ খন আসন, কংগ্ৰেছে ১৫-২০ খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । আনহাতে, চাণক্য ষ্ট্ৰেটেজিছৰ এগজিট প’লৰ দৰেই জন সুৰজ পাৰ্টীয়ে এখনো আসন লাভ নকৰে বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

পি এম আৰ কিউ(PMARQ) ৰ এগজিট প’লত এন ডি এৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে । ইয়াত ভৱিষ্যদ্বাণী কৰা হৈছে যে এন ডি এয়ে ১৪২-১৬২ খন আসন লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকে ৮০-৮৯ খন আসন লাভ কৰিব ৷ পি এম আৰ কিউৰ এগজিট প’লত প্ৰকাশ পাইছে যে জন সুৰজ পাৰ্টীয়ে ১-৫ খন আসন আৰু অন্যান্যসকলে ০-৩ খন আসন লাভ কৰিব পাৰে ।

২৪৩ জনীয়া বিহাৰ বিধানসভাৰ বাবে ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়াৰ বিপৰীতে ইণ্ডিয়া ব্লকে আৰ জে ডি নেতা তেজস্বী যাদৱক প্ৰক্ষেপ কৰিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৷

২০২০ ৰ বিধানসভা নিৰ্বাচনত আৰ জে ডিয়ে ৭৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭৪ খন আৰু জনতা দলে(ইউনাইটেড) ৪৩খন আসন লাভ কৰে । কংগ্ৰেছে মাত্ৰ ১২ খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাত