জীৱন গগৈ : চিচিবৰগাঁও খঙীয়াচাপৰিৰ পৰা দিছপুৰলৈ ৰাজনৈতিক যাত্ৰা
সদ্যসমাপ্ত অসম বিধানসভা নিৰ্বাচনত সৰলতা আৰু নিষ্ঠাকে মূলধন হিচাপে লৈ নিৰ্বাচনী যুঁজত নমা ধেমাজিৰ জীৱন গগৈৰ নাম অন্তৰ্ভুক্ত হৈছে ৰাজ্যখনৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ তালিকাত ৷

Published : May 10, 2026 at 4:21 PM IST
ধেমাজি: ‘ৰাজপাট দখল’ অথবা ‘ৰাজনৈতিক যাত্ৰা’... এই শব্দ দুটা দেখাত অতিকৈ সহজ যেন লাগিলেও ইয়াৰ আঁৰত এগৰাকী ব্যক্তিৰ বহু শ্ৰম, কষ্ট আৰু সাধনা জড়িত হৈ থাকে ৷ বহু কষ্টৰ ফলতহে এই সফলতা লাভ কৰিব পাৰি ৷ সাধাৰণতে ৰাজনীতিত বাহুবল, ধনবলৰ ব্যৱহাৰ সহজলভ্য বুলি কোৱা হয় যদিও সকলোৰে ক্ষেত্ৰত এয়া সঁচা নহয় ৷
ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ বা খোপনি পুতিবলৈও এগৰাকী লোকক অধ্যৱসায়ৰ প্ৰয়োজন ৷ সৰলতা আৰু নিষ্ঠাৱান লোক হ’লেও সেই সফলতা আজিৰ তাৰিখত আৰ্জিব পাৰি ৷ সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত সৰলতা আৰু নিষ্ঠাকে মূলধন হিচাপে লৈ নিৰ্বাচনী যুঁজত নমা ধেমাজিৰ জীৱন গগৈৰ নাম অন্তৰ্ভুক্ত হৈছে ৰাজ্যখনৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ তালিকাত ৷
ধেমাজি জিলাৰ নৱগঠিত ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে খঙীয়াচাপৰিৰ জীৱন গগৈক ৷ সৰবৰহী লোক হিচাপে অঞ্চলটোত পৰিচিত জীৱন গগৈয়ে কেৱল সৰলতাকে মূলধন হিচাপে লৈ বহুতকে চেৰ পেলাই নিৰ্বাচনৰ জৰিয়তে ৰাজনৈতিক ক্ষেত্ৰখনত সফলতা লাভ কৰে ৷
উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিটোৰ বাবে শাসক-বিৰোধী উভয়ে দলীয় প্ৰাৰ্থিত্বৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছিল । পিছে সকলোকে হতবাক কৰি মনোনয়নপত্ৰ দাখিলৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে জীৱন গগৈক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷ অৱশেষত প্ৰত্যাশিতভাৱেই 40,682 টা ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বী তথা ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল বৰুৱাক পৰাজিত কৰিছিল জীৱন গগৈয়ে ৷ নৱগঠিত সমষ্টিটোৰ প্ৰথমগৰাকী বিধায়ক হিচাপে গগৈৰ নামত ইতিহাসত লিপিবদ্ধ হ’ল ৷

এগৰাকী সাধাৰণ দলীয় কৰ্মীৰ পৰা বিধায়কৰ পদ লাভ কৰা জীৱন গগৈৰ এই ৰাজনৈতিক যাত্ৰাৰ কথা আজি অঞ্চলবাসীৰ চৰ্চাৰ বিষয় ৷
জীৱন গগৈৰ পৰিচয়/পৰিয়াল
০১/০১/১৯৭৫ চনত জন্ম লাভ কৰা জীৱন গগৈৰ পিতৃ আছিল প্ৰয়াত ঘনকান্ত গগৈ আৰু মাতৃ প্ৰয়াত গুণন্তি গগৈ ৷ তেওঁ ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ অন্তৰ্গত খঙীয়া চাপৰি গাঁৱৰ বাসিন্দা ৷ ১৯৯৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে গগৈয়ে বিভিন্ন সামাজিক কামত জড়িত হৈ পৰে ৷ তেওঁৰ আছে চাৰিজন ভাতৃ আৰু এগৰাকী ভগ্নী ৷ জীৱন গগৈৰ পত্নীৰ লগতে আছে এটি পুত্ৰ সন্তান ৷

মাছখোৱা জিলা পৰিষদৰ সদস্য
২০২৫ চনত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত মাছখোৱা জিলা পৰিষদৰ সদস্য হিচাপে জীৱন গগৈ নিৰ্বাচিত হয় ৷ ঠিক ছমাহৰ পিছতে অৰ্থাৎ চলিত বৰ্ষৰ ৯ এপ্ৰিলত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনত চিচিবৰগাঁও সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক হিচাপেও জীৱন গগৈ নিৰ্বাচিত হয় ৷
ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত
জীৱন গগৈয়ে ৰাজনৈতিক জীৱনৰ প্ৰথমছোৱা সময়ত অসম গণ পৰিষদৰ সৈতে জড়িত আছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০০০ চনৰ পৰা গেৰুৱা দল বিজেপিৰ সৈতে তেওঁ জড়িত হৈ পৰে ৷ বুথ পৰ্যায়ৰ নেতা জীৱন গগৈয়ে পৰৱৰ্তী সময়ত বিজেপিৰ আজোহা পঞ্চায়তৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰিও গ্ৰাম্য মণ্ডলৰ সম্পাদক হিচাপে কাম কৰিছিল ৷ তেওঁ পশ্চিম ধেমাজি মণ্ডলৰ সভাপতি আৰু মাছখোৱা মণ্ডলৰ সভাপতিৰো দায়িত্ব পালন কৰিছিল ৷

