ৰাজনৈতিক মিত্রতা ভবাৰ দৰে সৰল অংক নহয়, জটিল : অসম জাতীয় পৰিষদ
বিৰোধীৰ মিত্রতা সন্দৰ্ভত গুৱাহাটীত সংবাদমেল অসম জাতীয় পৰিষদৰ । মিত্ৰতা সন্দৰ্ভত কি ক'লে পৰিষদে জানিবলৈ পঢ়ক...

Published : February 21, 2026 at 11:12 PM IST
গুৱাহাটী : "বিৰোধীৰ মিত্রতা বিষয়টো ক্ষীপ্ৰতাৰে সমাপন কৰিব লাগে । নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৰ লগত মিত্রতাৰ কথা আহিলে ভোট ট্ৰান্সফাৰৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ । প্ৰতিটো সমষ্টিতে প্ৰতিটো দলৰে কিছু প্ৰাৰ্থী থাকে আৰু সকলোৰে আশা থাকে । চৰকাৰী পক্ষত মিত্রতা সহজ কাৰণ তেওঁলোকৰ চৰকাৰ থাকে । কিন্তু বেলেগ বেলেগ দল থকাৰ বাবে বিৰোধীৰ মাজত জটিলতা থাকে ।" এই মন্তব্য অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।
শনিবাৰে দলৰ গুৱাহাটীৰ কাৰ্যালয়ত আয়োজন সংবাদমেলত বিৰোধীৰ মিত্রতা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতি গগৈয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গগৈয়ে কয়, "নিৰ্বাচনলৈ বেছি দিন নাই । গতিকে প্ৰথমে মিত্রতাটো চূড়ান্ত হ'ব লাগিব, ঘোষণা হ'ব লাগিব । তাৰ পিছত ইছ্যুবেছ মানুহৰ ওচৰলৈ যাব লাগিব । নেতৃত্ব দি থকাসকলক জনগণে সন্মূখত দেখা পাব লাগিব । বিৰোধীৰ ঐক্যবদ্ধতা দেখা পাব লাগিব । যাৰবাবে আমি মিত্রতাৰ বিষয়টো তাৎক্ষণিকভাৱে সম্পন্ন কৰিবৰ বাবে বাৰম্বাৰ আহ্বান জনাইছো । আমাৰ কথা স্পষ্ট । বিৰোধীৰ ভোট বিভাজন ৰোধ কৰিবৰ বাবে আমি আগৰ পৰা কৈ আহিছো । আজি পুনৰ কৈছো দেৰি কৰিব নালাগে । শীঘ্ৰে এই কাম সম্পন্ন কৰিব লাগে ।"
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমি কিবা কেৰুন বুলি ক'ব খোজা নাই । বিষয়টোৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰিছে । আসন বুজাবুজিৰ ক্ষেত্রত জটিলতা থাকিবই । শাসকীয় দলৰ লগত অগপৰ আসন বুজাবুজি আজিলৈকে চূড়ান্ত হোৱা নাই । আমাৰ বিৰোধী দলৰ মাজত জটিলতা থাকিবই । জটিলতা থাকিলেও বিষয়টো সোনকালে সম্পন্ন কৰাৰ পৰিৱেশ আছে আৰু এইটো হ'ব । আমি এতিয়ালৈকে বিশ্বাসযোগ্যতাৰে যিখিনি কথা পাতিছো সেইখিনি এতিয়া কোৱাটো উচিত নহ'ব । আমি বিশ্বাসী যে গোটেই প্ৰক্ৰিয়াটো শীঘ্ৰে সম্পন্ন হ'ব ।"
তেওঁ লগতে কয়, "আমি বিজেপি বিৰোধী স্থিতি লোৱা সকলো সংগঠনকে লোৱাৰ কথা কৈছো । আমাৰ যুঁজখন জনগণৰ অন্যায়ৰ বিৰুদ্ধে । আমি সকলোকে লৈ আগবাঢ়িব কৈছো । আমি যোগাত্মকভাৱে আগবাঢ়ি গৈছো । আমি জাতীয়তাবাদৰ দৃষ্টিভংগীৰে ৰাজনীতি কৰিব বিচাৰিছো । আমাৰ ৰাজনীতিত কোনো ধৰ্ম নাই, কোনো জাত-পাত আৰু বৰ্ণ নাই । আমি সকলোকে লৈ আগবাঢ়ি যাব বিচাৰিছো । বিজেপিক পৰাভূত কৰাটো আমাৰ সকলোৰে লক্ষ্য আছে আৰু তাৰ বাবে এৰা-ধৰা, বুজাবুজি, সন্মান, স্বাভিমান আৰু আত্মসন্মানলৈ সকলো আগবাঢ়িব লাগিব । আমাৰ চিন্তাটো ক্ষমতাকেন্দ্ৰিক তথা দলকেন্দ্ৰিক হোৱাতকৈ জনগণৰ চিন্তাকলৈ আমি চিন্তিত ।"
সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "ৰাজনৈতিক মিত্রতা ভবাৰ দৰে সৰল অংক নহয় । জটিল অংক । চৰকাৰৰ অংশীদাৰ দলবোৰৰ মিত্রতা আজিলৈকে ঘোষণা কৰিব পৰা নাই । আমি কোনো অংশীদাৰিত্বত নাই । ভিন্ন দলৰ চিন্তাধাৰাক একত্রিত কৰাৰ ক্ষেত্রত কিছু জটিলতা থাকে । যিখিনি আগবাঢ়ি আছে সেইখিনি যোগাত্মভাৱে আগবাঢ়ি আছে । যি হ'ব ৰাইজে বিচৰা ধৰণে হ'ব । কেইখন আসনত বুজাবুজি হ'ব সেইটো এতিয়া কোৱাটো উচিত নহ'ব । আমি সংখ্যালঘুৰ ৰাজনীতি নকৰো ।"
তেওঁ লগতে কয়, "আমি সকলোকে লৈ আগবাঢ়ি যোৱাৰ পক্ষত আছো । ইয়াৰ বাবে আমি সকলোকে আহ্বান জনাইছো । আলোচনা চলি আছে । সোনকালে নিষ্পত্তি হ'ব । শাসকীয় পক্ষৰে মিত্রতা হোৱা নাই ।"

