৭১ বছৰীয়া হ’ল মমতা বেনাৰ্জী: প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা, ৰিপ্লাই দিয়া নাই বংগকন্যাই
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

By PTI
Published : January 5, 2026 at 3:37 PM IST
নতুন দিল্লী : আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জন্মদিন ৷ মমতা বেনাৰ্জী হৈছে পশ্চিমবংগৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰী বেনাৰ্জীক জন্মদিনৰ দিনা পুৱাই এক্সত এক পোষ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰত্যেক বৰ্ষৰ লেখিয়াকৈ এইবাৰো প্ৰধানমন্ত্ৰী মোদীয়ে পুৱাই বংগৰ মুখ্যমন্ত্ৰীগৰাকীক সৌজন্যতাৰে বিশেষ দিনটোৰ শুভেচ্ছা জনায় ৷ সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স পোষ্টত লিখিছে, "পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা দিদিক (মমতা বাইদেউ) জন্মদিনৰ শুভেচ্ছা জনালো । তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।" অৱশ্যে এই বিষয়ত এতিয়ালৈকে মমতা বেনাৰ্জীয়ে কোনো সঁহাৰি দিয়া নাই ।
Birthday wishes to West Bengal Chief Minister Mamata Didi. I pray for her good health and long life.@MamataOfficial
— Narendra Modi (@narendramodi) January 5, 2026
তথ্য মতে, ১৯৫৫ চনৰ ৫ জানুৱাৰীত জন্ম হৈছিল মমতা বেনাৰ্জীৰ । এইবেলি ৭১ বছৰ সম্পূৰ্ণ কৰা মমতা বেনাৰ্জীয়ে ৭ বাৰ লোকসভালৈ নিৰ্বাচিত হৈছে । ইয়াৰ উপৰিও কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি পশ্চিমবংগৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী হিচাপে বৰ্তমান তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে ।
বংগৰ মুখ্যমন্ত্রীগৰাকীয়ে নিজে এখন গ্রন্থখনত উল্লেখ কৰে, ‘‘মাৰ মতে সন্ধি পূজাৰ সময়ত মোৰ জন্ম হৈছিল, দুৰ্গা পূজাৰ মহাষ্টমীৰ দিনা । মায়ে কোৱা মতে মোৰ জন্মৰ তিনিদিন আগৰে পৰা ধাৰাসাৰ বৰষুণ দি আছিল ৷ মোৰ জন্ম হোৱাৰ পাছতে সেই ধাৰাসাৰ বৰষুণজাক বন্ধ হৈ গৈছিল ৷’’
অৱশ্যে চৰকাৰী তথ্য মতে, বংগৰ মুখ্যমন্ত্রীগৰাকীৰ জন্ম ৫ জানুৱাৰীত ৷ সেই অনুসৰি তেওঁৰ বৰ্তমান বয়স ৭১ বছৰ । যিহেতু তেওঁৰ এয়া প্ৰকৃত জন্মদিন নহয়, সেয়েহে মমতা বেনাৰ্জীয়ে এই জন্মদিনটো পালনৰ পক্ষপাতী নহয় । অৱশ্যে এই দিনটোতে নেত্ৰীগৰাকীৰ জন্ম হোৱা বুলি কোৱা হয় ৷

