ETV Bharat / politics

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাজনাথ সিং, সীতাৰমণ, নীতিন নবীন, ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী... গুৱাহাটী নদন-বদন

মাজত মাত্ৰ কেইটামান ঘণ্টা, দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ৷

PM MODI ARRIVE IN GUWAHATI
নিশা গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 6:27 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমত এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে মঙলবাৰে শপতগ্ৰহণ কৰিব ৷ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শপতগ্ৰহণ কৰিবলৈ সাজু হৈছে ৷

ইতিমধ্যে হৈ উঠিছে খানাপাৰ খেলপথাৰ ৷ মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ উদ্যোগপতিসকল ৷

নিশা গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat Assam)

মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া অসমৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত অশংগ্ৰহণৰ বাবে সোমবাৰে নিশাই গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিশা ১০.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হ'ব আৰু নিশাটো কইনাধৰাত কটাব বুলি সোমবাৰে উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ সোমবাৰে নিশাৰ ভিতৰতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন গুৱাহাটীত উপস্থিত হ'ব বুলি প্ৰকাশ কৰিছে শৰ্মাই ৷

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈ ডঃ শৰ্মাই কয়,"শপতগ্ৰহণ অনুষ্ঠানত ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব । একেদৰে, দেশৰ বিশিষ্ট উদ্যোগপতি, বিদেশৰ ৰাষ্ট্ৰদূত, অসমৰ সত্ৰাধিকাৰসকল, দলৰ কাৰ্যকৰ্তা, বুথ কমিটিৰ সভাপতিসকল উপস্থিত থাকিব । মঙলবাৰে দিনৰ ১১ বজাত শপতগ্ৰহণ অনুষ্ঠান আছে ৷"

ইপিনে, তৃতীয়বাৰৰ বাবে অসমত গঠন হ'বলগীয়া বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাকে লৈ সংবাদ মাধ্যমত চৰ্চা অব্যাহত আছে । এই সম্পৰ্কে শৰ্মাই কয় যে, যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে মঙলবাৰে পুৱা ৭ বজাতহে জ্ঞাত হ'ব । নতুন মন্ত্ৰীসভা সন্দৰ্ভত সোমবাৰে নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে আলোচনা কৰিব লাগিব বুলি তেওঁ ব্যক্ত কৰে ।

লগতে পঢ়ক:দ্বিতীয়বাৰৰ বাবে মুখ্য়মন্ত্ৰী হৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কি কৰিব?