ETV Bharat / politics

শপত লোৱা কেৰালামৰ নতুন চৰকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

মুখ্যমন্ত্ৰী হিচাপে ভি ডি সতীশনৰ নেতৃত্বত শপত লোৱা কেৰালামৰ নতুন চৰকাৰক অভিনন্দন জনাই কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিলে প্ৰধানমন্ত্ৰীয়ে ।

PM Narendra Modi
শপত লোৱা কেৰালামৰ নতুন চৰকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন (FILE photo/ANI)
author img

By ANI

Published : May 18, 2026 at 2:19 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত সোমবাৰে কেৰালামৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ চৰকাৰে শপতগ্ৰহণ কৰিলে । য'ত জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে আৰু তেওঁৰ লগতে ২০ গৰাকী বিধায়কেও কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । এই শপতগ্ৰহণ অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰেলামৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা ভিডি সতীশনক অভিনন্দন জনোৱাৰ লগতে জনসাধাৰণৰ আশা পূৰণৰ ক্ষেত্ৰত নৱগঠিত চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰৰ পৰা পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে ।

সম্প্ৰতি বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সৰ এটা পোষ্টত কেৰালামৰ নতুন চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰে । পোষ্টটোত তেওঁ লিখিছে, "কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ভি ডি সতীশন জীলৈ অভিনন্দন । তেওঁৰ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা থাকিল । ৰাইজৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত নৱগঠিত কেৰালাম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে ।"

কেৰালামৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় । শপত লোৱা ২০ জনীয়া কেবিনেটত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেশ চেন্নিথালা, কে মুৰালীধৰণ আৰু কেপিচিচিৰ সভাপতি ছানি জোছেফৰ লগতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ নেতা পি কে কুনহালিকুট্টী, পিকে বছিৰ, এন ছামছুদ্দিন, কেএম শ্বাজি আৰু ভিই আব্দুল গফুৰ আছে ।

মন্ত্ৰী হিচাপে শপত লোৱা বাকী বিধায়কসকল হৈছে ক্ৰমে মন্স জোছেফ, শিবু বেবী জন, অনুপ জেকব, চিপি জন, এপি অনিল কুমাৰ, টি ছিদ্দিক, পিচি বিষ্ণুনাথ, ৰ'জী এম জন, বিন্দু কৃষ্ণ, এম লিজু, কেএ থুলাছি, অ'জে জানেশ ।

শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুকে ধৰি কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ভি ডি সতীশনৰ