এই বিজয়ে আমাক ৰাজ্যখনক নতুন শিখৰলৈ লৈ যাবলৈ উৎসাহিত কৰিছে: প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ আকৰ্ষণীয় প্ৰদৰ্শনক ‘সুশাসন, উন্নয়ন, জনকল্যাণ আৰু সামাজিক ন্যায়ৰ বিজয়’ বুলি অভিহিত কৰে ৷

By ANI
Published : November 14, 2025 at 9:11 PM IST
নতুন দিল্লী: বিহাৰ বিধানসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট(এন ডি এ)ৰ ঐতিহাসিক জয় নিশ্চিত হোৱাৰ পিছত শুকুৰবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
প্ৰধানমন্ত্ৰী মোদীক কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দলৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনায় ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ আকৰ্ষণীয় প্ৰদৰ্শনক ‘সুশাসন, উন্নয়ন, জনকল্যাণ আৰু সামাজিক ন্যায়ৰ বিজয়’ বুলি অভিহিত কৰি ৰাজ্যখনৰ প্ৰগতিৰ বাবে নতুন শক্তিৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
বিহাৰত বিজেপিৰ নিৰ্বাচনী সাফল্য নিশ্চিত হোৱাৰ পিছত বিহাৰবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীৰ দলীয় কাৰ্যালয়ৰ পৰা দিয়া ভাষণৰ আৰম্ভণিতে ‘জয় ছঠিমাইয়া’ বুলি কয় ।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বিহাৰত প্ৰতি ঘণ্টাত মখানা খীৰ বনোৱা হ'ব আৰু মই সুখী যে ইয়াত দলীয় কৰ্মীক মখানা খীৰ দিয়া হ'ল । এন ডি এৰ মানুহে জনসাধাৰণৰ সেৱা কৰে আৰু আমি মানুহৰ হৃদয় চুৰি কৰিছো ।’’
তেওঁ বিৰোধীক ঠাট্টাসূচকভাৱে কয়, ‘‘সমগ্ৰ বিহাৰে আকৌ এবাৰ এন ডি এ চৰকাৰ বুলি কৈছে ।’’ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণৰ জৰিয়তে লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা বিজয়ী প্ৰয়াত কৰ্পুৰী ঠাকুৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
Speaking from the @BJP4India HQ.
— Narendra Modi (@narendramodi) November 14, 2025
https://t.co/z9kQk3U2be
নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘বিহাৰৰ একাংশ দলে মেৰুকৰণৰ ওপৰত ভিত্তি কৰি MY সূত্ৰ সৃষ্টি কৰিছিল । এই বিজয়ে এটা নতুন MY সূত্ৰ দিছে, যিটো হৈছে মহিলা আৰু যুৱশক্তি ৷ মই বিহাৰৰ যুৱক-যুৱতী আৰু মহিলাসকলক ধন্যবাদ জনাইছো । লগতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সমগ্ৰ দলটোক ধন্যবাদ জনাইছো ।’’
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ গতিধাৰা আৰু লক্ষ্য দেখিয়েই বিহাৰৰ ৰাইজে এন ডি এৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে ।
তেওঁ কয়, ‘‘যেতিয়া জংগলৰাজক ক্ষমতাৰ পৰা অপসাৰণ কৰা হৈছিল, তেতিয়া পৰিস্থিতি স্বাভাৱিক হৈ পৰিছিল । এইবাৰ দুটা পৰ্যায়ৰ নিৰ্বাচনত পুনৰ ভোটগ্ৰহণ হোৱা নাছিল আৰু ভোটদান শান্তিপূৰ্ণ আছিল । ভাৰতৰ নিৰ্বাচন আয়োগ, নিৰাপত্তা বাহিনী আৰু বিহাৰৰ ভোটাৰক ধন্যবাদ জনাইছো ।’’
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভোটাৰসকলে নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণক গুৰুত্ব সহকাৰে লৈছিল আৰু এই কথা বিহাৰৰ নিৰ্বাচনে প্ৰমাণ কৰিলে ।
লগতে পঢ়ক: বাস্তৱ হ'ল সপোন ! বিধায়ক হ'ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ

