ETV Bharat / politics

মোদী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ইতিহাস বিকৃতকাৰী : জয়ৰাম ৰমেশ

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্ম জয়ন্তীৰ দিনটোত বিজেপিক সমালোচনা কংগ্ৰেছৰ ।

Congress general secretary in charge of communications Jairam Ramesh
মোদী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ইতিহাস বিকৃতকাৰী : জয়ৰাম ৰমেশ (File/ANI)
author img

By ETV Bharat Assamese Team

Published : January 23, 2026 at 2:08 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : 'বন্দে মাতৰম' প্ৰসংগত পুনৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কংগ্ৰেছৰ । যোৱা মাহত সংসদত 'বন্দে মাতৰম' সন্দৰ্ভত আলোচনাৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি বদনাম অনাৰ লগতে ৰাষ্ট্ৰীয় গীতৰ ইতিহাস বিকৃত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তোলে কংগ্ৰেছে ।

কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ স্মৃতি আৰু উত্তৰাধিকাৰক 'প্ৰণালীবদ্ধভাৱে ধ্বংস কৰিছে' আৰু শেহতীয়া দৃষ্টান্তটো হৈছে এম জি এনৰেগা বাতিল ।

ৰমেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এক্সত এটা পোষ্টত এই মন্তব্য কৰে । ৰমেশে কয় যে যোৱা মাহত সংসদত জাতীয় গীতৰ ওপৰত হোৱা আলোচনাৰ সময়ত জাতীয় গীতৰ ইতিহাসকো বিকৃত কৰাৰ চেষ্টা কৰা হৈছিল, গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বদনাম কৰা হৈছিল-যাৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৰু তেওঁ সহযোগীসকল উন্মোচন হৈ পৰিছিল ।

তেওঁ কয়, "আজি ২০২৬ চনৰ ২৩ জানুৱাৰীত ৰাষ্ট্ৰই নেতাজীৰ ১২৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছে, যিয়ে ১৯৩৭ চনত বন্দে মাতৰমৰ পিছত হোৱা বিতৰ্ক সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যিটো 'প্ৰধানমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে দমন কৰিছিল' ।"

ইয়াৰ উপৰিও ৰমেশে উল্লেখ কৰে যে বিশিষ্ট ইতিহাসবিদ তথা নেতাজীৰ পৰিনাতি সুগতা বসুৱে লিখিছে যে নেতাজীয়ে ১৯৪২ চনৰ ২ নৱেম্বৰত বাৰ্লিনত ফ্ৰী ইণ্ডিয়া চেণ্টাৰ উদ্বোধন কৰিছিল আৰু জনগণ মনক জাতীয় সংগীত হিচাপে বাছি লৈছিল । ১৯৪৩ চনৰ ২ অক্টোবৰত ছিংগাপুৰত নেতাজীয়ে 'জয় হিন্দ'ক আজাদ হিন্দ চৰকাৰৰ একত্ৰিকৰণৰ শ্ল'গান হিচাপে বাছি লৈছিল - যিটো শ্ল'গানক প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলে কেতিয়াও গ্ৰহণ নকৰে বুলি ৰমেশে অভিযোগ কৰে ।

ৰমেশে অভিযোগ কৰে, "অৱশ্যেই নেতাজীয়েই আছিল যিয়ে ১৯৪৪ চনৰ ৬ জুলাইত ছিংগাপুৰৰ পৰা ৰেডিঅ' সম্প্ৰচাৰত মহাত্মা গান্ধীক প্ৰথমবাৰৰ বাবে জাতিৰ পিতা বুলি অভিহিত কৰিছিল - যাৰ স্মৃতি আৰু উত্তৰাধিকাৰ প্ৰধানমন্ত্ৰীয়ে পদ্ধতিগতভাৱে ধ্বংস কৰিছে, শেহতীয়া উদাহৰণ হৈছে এমজি এনৰেগা বাতিল কৰা ।"

কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ইতিহাস বিকৃতকাৰী । সমগ্ৰ ৰাজনীতি বিজ্ঞান সেয়াই হৈছে । যোৱা মাহত জাতীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে দিনজোৰা বিতৰ্কত শাসকীয় দল আৰু বিৰোধীৰ সদস্যসকলে জাতীয়তাবাদকে ধৰি বহুতো বিষয়ৰ ওপৰত বিতৰ্কত লিপ্ত হৈছিল ।

কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক ইতিহাস পুনৰ লিখি "বন্দে মাতৰম" বিতৰ্কক ৰাজনৈতিক ৰং দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে মোদী আৰু শাসকীয় পক্ষৰ আন সদস্যসকলে কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক :কেন্দ্ৰই জাৰি কৰিলে লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ প্ৰশ্নাৱলীৰ অধিসূচনা