ETV Bharat / politics

উন্নয়নৰ নামত শূন্য, বিধায়ক শ্বেৰমান আলীক পৰাজয়ৰ বেদনা দিবলৈ সাজু সমষ্টিবাসী

বৰপেটা জিলাৰ পুৰণি বাঘবৰ সমষ্টি তথা বৰ্তমানৰ ২২নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৰাস্তাৰ দুৰৱস্থাই ৰাইজৰ লগতে স্কুলৰ ছাত্ৰ- ছাত্ৰীক দুৰ্ভোগ ভোগাইছে ।

Baghbar Assembly Constituency
বাঘবৰ সমষ্টিত পথৰ দুৰৱস্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 11:22 AM IST

3 Min Read
Choose ETV Bharat

জনীয়া : বাঘবৰ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ । উন্নয়নৰ নামত চৰম ব্যৰ্থতাৰ অভিযোগ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে । ৰাস্তা নিৰ্মাণৰ কামতো ব্যাপক দুৰ্নীতিৰ অভিযোগ তেওঁৰ বিৰুদ্ধে । প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ বাবে জৰুৰীকালীন অৱস্থাত গাঁওবাসীয়ে জীৱনটো হাতত লৈ যাতায়াত কৰে ৰাস্তাৰে । কিন্তু খবৰ ল'বলৈ আহৰি নাই বিধায়ক শ্বেৰমান আলী আহমেদৰ । আগন্তুক নিৰ্বাচনত দল বাগৰা নেতা বিধায়ক শ্বেৰমান আলী আহমেদক পৰাজয়ৰ বেদনা দিব বুলি তীব্ৰ হুংকাৰ ৰাইজৰ ।

হয়, ভাবিবলৈ আচৰিত হ'লেও এয়াই হ'ল পুৰণি বাঘবৰ সমষ্টিৰ উন্নয়নৰ বাস্তৱ ছবি । উন্নয়নৰ নামত জয়গান গোৱা বিধায়ক শ্বেৰমান আলী আহমেদৰ চকুত পৰিবনে এনেবোৰ দৃশ্য । এয়া মানুহ যাতায়াত কৰা পথ নে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ দৃশ্য আপুনি ধৰিবকে নোৱাৰিব ।

বিধায়ক শ্বেৰমান আলীক পৰাজয়ৰ বেদনা দিবলৈ সাজু সমষ্টিবাসী (ETV Bharat Assam)

আচলতে এইবোৰ কোনো পুখুৰীৰ দৃশ্য নহয় । জনসংখ্যাৰে গিজগিজাই থকা এটি গাঁৱৰ পথহে । উল্লেখ্য যে বৰপেটা জিলাৰ পুৰণি বাঘবৰ সমষ্টি তথা বৰ্তমানৰ ২২নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত পাহাৰতুলিৰ পৰা কেজাইকাটা হৈ মালেগৰলৈ যোৱা ৰাস্তাৰ দুৰৱস্থাই বাৰুকৈ জলা-কলা খুৱাইছে হাজাৰ হাজাৰ ৰাইজৰ লগতে স্কুলৰ ছাত্ৰ- ছাত্ৰীক ।

জানিব পৰা মতে, ৰাস্তা নিৰ্মাণৰ এবছৰ পিছতেই এটা অংশ নদীৰ খহনীয়াই লৈ যোৱাৰ পিছতো কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাত বাকী থকা পথ সম্পূৰ্ণৰূপে জহি-খহি গৈছে । কিন্তু বৰ্তমানলৈকে কোনো খবৰ ল'বলৈ সময় পোৱা নাই বিধায়ক শ্বেৰমান আলী আহমেদে । ইয়াৰ উপৰি ঠিকাদাৰ আৰু বিধায়ক শ্বেৰমান আলী আহমেদৰ মাজত ভাল মিল থকাৰ বাবেই দ্বিতীয়বাৰ ৰাস্তা মেৰামতিৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Baghbar Assembly Constituency
বাঘবৰ সমষ্টিত পথৰ দুৰৱস্থা (ETV Bharat Assam)

স্থানীয় ৰাইজৰ অভিযোগ, "বিধায়ক হোৱাৰ পূৰ্বে তেখেতে মাটিৰ ব্যৱসায় কৰিছিল । কিন্তু বৰ্তমান আগৰ ব্যৱসায় ধৰি ৰাখিব নোৱৰাৰ বাবেই ব্যাপক দুৰ্নীতি সংঘটিত কৰি ধন ঘটাৰ সহজ উপায় উলিয়াইছে । কিন্তু অতি ব্যস্ততাপূৰ্ণ ৰাস্তাটোৰ মাজত ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁতৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে ১০৮ এম্বুলেন্স সেৱাৰ লগতে জৰুৰীকালীন বাহনৰ ।"

লগতে স্থানীয় ৰাইজে কয়, "অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জৰুৰীকালীন অৱস্থাতো গাঁওবাসীয়ে জীৱনটো হাতত লৈ এই ৰাস্তাটোৰেই অহা-যোৱা কৰিবলগীয়া হয় । কিন্তু খবৰ ল'বলৈ আহৰি নাই বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ । দীৰ্ঘদিন ধৰি চলি থকা খহনীয়াই গাঁওখনত মানুহ বসবাস কৰা চাৰিটাকৈ বস্তি, পকী ৰাস্তা আৰু তিনিটাকৈ ট্ৰান্সমিটাৰ সম্পূৰ্ণৰূপে উঠাই নিয়ে যদিও গাঁওখনৰ সমস্যা বৰ্তমানলৈকে সমাধান কৰিব পৰা নাই বিধায়ক শ্বেৰমান আলী আহমেদে ।"

গাঁওবাসীৰ অভিযোগ, স্বচ্ছ আৰু নিকা কামৰ উদ্দেশ্যে অসমত বিজেপি চৰকাৰৰ শাসন কালতো গাঁৱলীয়া অঞ্চলৰ ৰাস্তা যেন পুখুৰী সদৃশ অৱস্থা । কেৱল ভোটৰ সময়ত প্ৰতিনিধিসকলে নানা ধৰণৰ প্ৰলোভন দেখুৱাই ৰাইজৰ পৰা ভোটহে আদায় কৰে । কিন্তু ভোট যোৱাৰ পিছত প্ৰতিনিধিসকলে কোনো দিনে খবৰ ল'বলৈ নাহে । দীৰ্ঘদিন ধৰি সমস্যাত ভুগি থকা গাঁওবাসীয়ে অতিষ্ঠ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত দল বাগৰা নেতা বিধায়ক শ্বেৰমান আলী আহমেদক পৰাজয় কৰাৰ বেদনা দিব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক :কাক কাক দিব প্ৰাৰ্থিত্ব, কি কি চৰ্তত হ'ব বিৰোধীৰ মিত্ৰতা ? দিল্লীত আজি কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক
লগতে পঢ়ক :অসমত কংগ্ৰেছ চৰকাৰ পতনৰ পাঁচটা মুখ্য কাৰণৰ ভিতৰত এটা অন্যতম অখিল গগৈ : ভূপেন বৰা