ETV Bharat / politics

ভোটকেন্দ্ৰত শুভেন্দুক দেখি তৃণমূল সমৰ্থকৰ শ্ল'গান- চোৰ... চোৰ...

ভোটৰ মাজতে ভৱানীপুৰত উত্তেজনা অব্যাহত । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীৰ লাঠীচালনা ৷

West Bengal Assembly Election 2026
ভোটকেন্দ্ৰৰ বাহিৰত শুভেন্দুৰ বিৰুদ্ধে 'চোৰ' শ্ল'গান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 29, 2026 at 3:19 PM IST

3 Min Read
Choose ETV Bharat

কলকাতা: পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ভৱানীপুৰ সমষ্টিত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । তৃণমূল কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত পুনৰ সংঘাত । এইবাৰ বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীক লৈ দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয় । অধিকাৰীয়ে ভোটাৰক প্ৰলোভিত কৰাৰ অভিযোগ তৃণমূল কৰ্মীৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয় । নিৰ্বাচন আয়োগেও পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ।

উল্লেখ্য যে পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে । ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিৰ পৰা শুভেন্দু অধিকাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

West Bengal Assembly Election 2026
ভোটকেন্দ্ৰৰ বাহিৰত শুভেন্দুৰ বিৰুদ্ধে 'চোৰ' শ্ল'গান (ETV Bharat)

তাৰ মাজতে মুক্তাদল ক্ৰছিঙত উপস্থিত হোৱাৰ লগে লগে তৃণমূলৰ কৰ্মী আৰু সমৰ্থকে তেওঁক উদ্দেশ্যি 'চোৰ, চোৰ !' শ্ল'গান দিয়ে । অৱশ্যে সমদলটোক ছত্ৰভংগ দিবলৈ নিৰাপত্তা বাহিনীয়ে লাঠীচালনা কৰে । ইয়াৰ পিছত শুভেন্দু অধিকাৰীয়ে কেন্দ্ৰীয় বাহিনীৰ জোৱানৰ সৈতে পতুৱা পাৰা অঞ্চলত প্ৰৱেশ কৰে । সেই সময়ত তৃণমূল কৰ্মীৰ 'জয় বাংলা' শ্ল'গানৰ বিপৰীতে বিজেপি কৰ্মী আৰু সমৰ্থকে 'জয় শ্ৰী ৰাম' ধ্বনি দিয়ে । সেই সময়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

ইফালে বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শনৰ সময়ত শুভেন্দু অধিকাৰীয়ে কয় যে ৰাইজে কোনো ভয় নোহোৱাকৈ ভোটদান কৰিছে । ভোটাৰৰ হাৰ যদি ৯০ শতাংশৰ সীমা স্পৰ্শ কৰে তেন্তে বিজেপিৰ বিজয়ৰ ব্যৱধান আৰু অধিক হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁ কয়, "মই তথ্য লাভ কৰিছোঁ যে ইতিমধ্যে ভৱানীপুৰত ৩৫ শতাংশতকৈ অধিক ভোটদান হৈছে । মই নিশ্চিত যে এই সমষ্টিত ৮০ৰ পৰা ৮৫ শতাংশ ভোটদান হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আৰামদায়ক বিজয় সাব্যস্ত কৰিব ।" আত্মবিশ্বাসী বিৰোধী নেতাগৰাকীয়ে লগতে কয় যে ৭৭ নং ৱাৰ্ডৰ বাহিৰে বাকী ৮ টা ৱাৰ্ডতে বিজেপি অগ্ৰসৰ হ'বলৈ সাজু হৈছে ।

শুভেন্দুৱে চলিত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সাংগঠনিক প্ৰস্তুতিৰ সবিশেষও আলোকপাত কৰে । তেওঁ উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে বিজেপিয়ে ভৱানীপুৰৰ ২৬৭ টা ভোটকেন্দ্ৰৰ সকলোতে এজেণ্টক সফলভাৱে নিয়োগ কৰিছে । ইয়াৰ উপৰিও ৩৬ টা শিবিৰ স্থাপন কৰা হৈছে আৰু নিয়ম কঠোৰভাৱে পালন কৰি প্ৰতিটো বুথতে দুজন এজেণ্ট ৰখা হৈছে । ভোটাৰসকলক উদ্দেশ্যি তেওঁ কয়, "অনুগ্ৰহ কৰি ভোটকেন্দ্ৰলৈ যাওক । অৱশ্যে ভোটকেন্দ্ৰৰ ভিতৰত মোবাইল ফোন লৈ যোৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে দিয়া নিষেধাজ্ঞা ১০০ শতাংশ মানি চলাটো নিশ্চিত কৰক ।"

অৱশ্যে ভোটদান প্ৰক্ৰিয়া লেহেমীয়া সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয় যে ইভিএমৰ বুটামটো টিপাৰ পিছত ভিভিপিএটি ইউনিটৰ পৰা সংশ্লিষ্ট শব্দটো আহিবলৈ প্ৰায় ৭ ছেকেণ্ড সময় লাগে । এই বিলম্বৰ বাবেই সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটো লেহেমীয়া হৈছে । আনকি এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতেও ফোনযোগে কথা পাতিছে বুলি তেওঁ উল্লেখ কৰে ।

গৃহ মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি তেওঁ পৰৱৰ্তী সময়ত মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে কথা পাতি হাওৰা, বাৰাকপুৰ আৰু কলকাতাৰ উপকণ্ঠ অঞ্চলৰ বাবে অতিৰিক্ত নিৰ্বাচনী কৰ্মচাৰীৰ দল ৰাখিবলৈ অনুৰোধ জনায় । তদুপৰি তেওঁ জিলা নিৰ্বাচনী বিষয়াক চেতলা অঞ্চললৈ অতিৰিক্ত দল প্ৰেৰণ কৰিবলৈও অনুৰোধ জনাইছে । শুভেন্দুৱে নিৰ্বাচন আয়োগৰ ওচৰত ভোটদানৰ সময় বৃদ্ধিৰো দাবী জনায় ।

লগতে পঢ়ক :

তৃণমূল কংগ্ৰেছৰ কৰ্মীক লক্ষ্য কৰি লৈছে বাহিৰৰ নিৰ্বাচন পৰ্যবেক্ষকে: মমতাৰ গুৰুতৰ অভিযোগ