পৱন খেড়াক আত্মসমৰ্পণ কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
পৱন খেড়াই গুৱাহাটীলৈ আহি আদালতত আত্মসমৰ্পণ কৰিব লাগে ৷ মুখ্যমন্ত্ৰীয়ে ক'লে ।

By ANI
Published : April 17, 2026 at 4:17 PM IST
উত্তৰ দিনাজপুৰ (পশ্চিমবংগ) : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে জড়িত অভিযোগৰ গোচৰত দেশৰ উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ অন্তৰ্ৱৰ্তীকালীন জামিন আৱেদন নাকচ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ নেতা পৱন খেড়াই আইনৰ ওচৰত আত্মসমৰ্পণ কৰি গুৱাহাটীত হাজিৰ হ’ব লাগে ।
বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগত ব্যস্ত থকা মুখ্যমন্ত্ৰীয় উত্তৰ দিনাজপুৰত এএনআইৰ সৈতে হোৱা এক বাৰ্তালাপত কয়, "মই ভাবোঁ পৱন খেড়াই আইনৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে । তেওঁ গুৱাহাটীলৈ আহি আদালতত আত্মসমৰ্পণ কৰিব লাগে ।"
উল্লেখ্য যে দিনটোৰ আৰম্ভণিতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে তৰা গোচৰত কংগ্ৰেছ নেতা পৱন খেড়াক অসমৰ যিকোনো ন্যায়িক আদালতৰ কাষ চাপিবলৈ নিৰ্দেশ দি মঙলবাৰলৈ মঞ্জুৰ কৰা অন্তৰ্ৱৰ্তীকালীন জামিনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে নাকচ কৰে ।
তেলেংগানা উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে ১০ এপ্ৰিলৰ পৰা এসপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদানৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ আদেশ অনুসৰি, পৱন খেড়াই অসমৰ সংশ্লিষ্ট ন্যায়িক আদালতৰ কাষ চাপি আইন অনুসৰি উপযুক্ত সকাহ বিচাৰিব লাগিব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পাছপ’ৰ্ট আৰু সা-সম্পত্তিৰ তথ্য প্ৰকাশক লৈ উত্থাপিত অভিযোগৰ সৈতে জড়িত গোচৰত খেড়াক তেলেংগানা উচ্চ ন্যায়ালয়ে এসপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ।
তেওঁ অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভাৰত, ইউএই আৰু ইজিপ্তৰ তিনিখন পাছপ’ৰ্ট আছে আৰু ডুবাই আৰু আমেৰিকাৰ ৱাইমিঙৰ এটা কোম্পানীৰ অপ্ৰকাশিত বিলাসী সম্পত্তিৰ তেওঁৰ মালিক ।
ইফালে পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপে প্ৰচাৰ কৰা নথি-পত্ৰসমূহক 'এআই-জেনেৰেটেড ফেব্ৰিকেচন' বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালে পৱন খেড়াৰ এই দাবীসমূহ ভিত্তিহীন বুলি অস্বীকাৰ কৰিছে ।
আনহাতে, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ পশ্চিমবংগই পৰিৱৰ্তনৰ সাক্ষী হ’বলৈ নিশ্চিত হৈছে ।
উল্লেখ্য যে পশ্চিমবংগত অহা ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ'ব ।

