ETV Bharat / politics

মিথ্যাচাৰৰ সহায়ত বিজেপিয়ে ৰাহুল গান্ধীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে - যুৱৰাজৰ সমৰ্থনত নামিল সভাপতি খাৰ্গে

তুংগত গলবস্ত্ৰ(পাটকা) বিতৰ্ক ৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাহুল গান্ধীয়ে গলবস্ত্ৰ পৰিধান কৰাৰ সলনি হাতত লোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা ৷

RAHUL GANDHI GAMOSA ROW
এক বৈঠকৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে (PTI)
author img

By PTI

Published : January 28, 2026 at 11:21 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: বাৰুকৈয়ে চৰ্চা লাভ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ গলবস্ত্ৰ বিতৰ্কই ৷ মঙলবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীৰ সৈতে জড়িত গলবস্ত্ৰ বিতৰ্কক কেন্দ্ৰ কৰি বিজেপিক উভতি ধৰি কঠোৰ সমালোচনা কৰে ৷ শাসকীয় দলটোৱে মিথ্যাচাৰৰ সহায়ত গান্ধীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ প্ৰয়াস কৰা বুলি অভিযোগ উত্থাপন কৰে খাৰ্গেই ৷ এয়া কেতিয়াও সফল নহয় বুলিও তেওঁ কয় ৷

উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ অভ্যৰ্থনা অনুষ্ঠানত ‘‘এট হোম’’ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে উপস্থিত প্ৰতিগৰাকী ৰাজনীতিবিদ, আমন্ত্ৰিত অতিথিৰ লগতে ভি ভি আই পি আৰু ভি আই পি সকলক আদৰণি জনোৱা হৈছিল একোখনকৈ এৰী গলবস্ত্ৰৰে ৷ পিছে ৰাহুল গান্ধীয়ে গলবস্ত্ৰখন পৰিধান কৰাৰ সলনি হাতত লৈ থকাক কেন্দ্ৰ কৰি ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছিল ৷ তাৰপিছতে বিজেপিয়ে অভিযোগ কৰে যে কংগ্ৰেছ নেতাই দেশৰ উত্তৰ-পূৰ্বাঞ্চলক অপমান কৰিছে ।

খাৰ্গেয়ে লগতে দাবী কৰে যে গণৰাজ্য দিৱসৰ পেৰেডৰ সময়ত মোদী চৰকাৰে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক ৰাজ্যিক মন্ত্ৰীসকলৰ সৈতে তৃতীয় শাৰীত বহিবলৈ দি অপমান কৰিছিল ।

বিজেপিয়ে ৰাহুল গান্ধীক গলবস্ত্ৰ পৰিধান নকৰাৰ বাবে ৰাষ্ট্ৰপতি মুৰ্মুক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পাটকা (গলবস্ত্ৰ) পৰিধান কৰা নাছিল বুলি উভতি ধৰে ৷

বিজেপিৰ এই দাবী সন্দৰ্ভত জানিবলৈ বিচৰাত খাৰ্গে পি টি আইক কয়, ‘‘এয়া মিছা । আনকি প্ৰতিৰক্ষা মন্ত্ৰীয়েও গলবস্ত্ৰ পৰিধান কৰা নাছিল... বিজেপিৰ অধ্যক্ষয়ো পৰিধান কৰা নাছিল । গান্ধীজীয়ে ইয়াক পৰিধান কৰাৰ পিছতহে হাতত লৈছিল ৷ ৰাহুল গান্ধীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু তেওঁলোকৰ সংস্কৃতিক অপমান কৰা বুলি অপপ্ৰচাৰ চলাইছে বিজেপিয়ে । বিজেপিয়ে সেই সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে ।’’

খাৰ্গে কয়, ‘‘ৰাহুল গান্ধী একমাত্ৰ নেতা, যিয়ে উত্তৰ-পূবৰ প্ৰতিগৰাকী শিল্পীক সাক্ষাৎ কৰিছিল ৷ তেওঁলোকৰ সৈতে কৰমৰ্দন কৰিছিল ৷ আনকি অৰুণাচল প্ৰদেশৰ এগৰাকী শিল্পীকো সাৱটি ধৰি উষ্ম অভিবাদন জনাইছিল, যাৰ ফটোসমূহ আমাৰ হাতত উপলব্ধ ।’’

খাৰ্গে একপ্ৰকাৰ দাবী কৰিয়েই কয়, ‘‘এই লোকসকলে ভুৱা অপপ্ৰচাৰৰ জৰিয়তে ৰাহুল গান্ধীৰ ভাবমূৰ্তি ধ্বংস কৰিব বিচাৰে ৷ কিন্তু তেওঁলোক কেতিয়াও সফল নহ’ব । মই ইয়াৰ প্ৰত্যক্ষ সাক্ষী ।’’

তেওঁ কয়, ‘‘চৰকাৰে ৰাহুল গান্ধী আৰু মোক অপমান কৰিলে ৷ তৃতীয় শাৰীত বহিবলৈ দিলে... শিশুসকলৰ পিছফালে বহিবলৈ দিলে ৷ ৰাজ্যিক মন্ত্ৰীৰ কাষত বহিবলৈ দিলে । তেওঁলোকে আমাৰ ওচৰত ক্ষমা খুজিব লাগে ।’’

খাৰ্গে কয় যে গান্ধীয়ে গলবস্ত্ৰখন পৰিধান কৰিছিল যদিও খাদ্য গ্ৰহণৰ সময়ত সেইখন ডিঙিৰ পৰা আঁতৰাই টেবুলত থৈছিল । বিজেপিক উভতি ধৰি তেওঁ কয়, ‘‘বিজেপিৰ লোকসকলেহে সেয়া পৰিধান কৰা নাছিল ৷’’

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক বিনাচৰ্তে ক্ষমা খুজিবলৈ দাবী কৰিছিল ৷ ইয়াৰ এদিন পিছতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খাৰ্গেই বিজেপিক উভতি ধৰে ৷ অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিগণিত মণিপুৰৰ পৰম্পৰাগত ‘পাটকা’ পৰিধান কৰিবলৈ কংগ্ৰেছ নেতাই অস্বীকাৰ কৰাটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি অত্যন্ত সংবেদনহীন আৰু অসন্মানজনক বুলি অভিযোগ উত্থাপন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

একাংশ সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতিৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই সোমবাৰে এক্সৰ এটা পোষ্টত কয়, ‘‘লাজ লাগে ! ৰাহুল গান্ধীয়ে উত্তৰ-পূবক অপমান কৰিছে আৰু লগতে আমাৰ সন্মানীয় ৰাষ্ট্ৰপতিক অসন্মান কৰিছে ।’’

কংগ্ৰেছে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ লগতে দলটোৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ফটো এক্সত পোষ্ট কৰে আৰু ‘পাটকা’ পৰিধান নকৰাৰ বাবে সিঙকো ক্ষমা খুজিবলৈ দাবী কৰিব নেকি বুলি অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্রশ্ন কৰে ৷

লগতে পঢ়ক: অভিশপ্ত হৈ পৰিল বুধবাৰ, বিমান দুৰ্ঘটনাত চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল উপ মুখ্যমন্ত্ৰী