ETV Bharat / politics

কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক কৰিলে ঘেৰাওঃ সৰুপথাৰত লাগিব কংগ্ৰেছ প্ৰাৰ্থী

শেহতীয়াকৈ জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়াক কংগ্ৰেছে সমৰ্থন আগবঢ়াব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছত তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে ।

gaurav gogoi in golaghat
গোলাঘাটত গৌৰৱ গগৈক ঘেৰাও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 5:01 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: সমাগম বিধানসভা নিৰ্বাচন । সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিত শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে দলীয় প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । দলীয় নেতা-কৰ্মীসকলৰ মাজত মিত্ৰতাৰ ক্ষেত্ৰত ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে ।

জিলাখনৰ অন্যতম সমষ্টি হৈছে সৰুপথাৰ সমষ্টি । এই সমষ্টিত এইবাৰ কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে শেহতীয়াকৈ জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়াক সমৰ্থন আগবঢ়াব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছত তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে ।

সৰুপথাৰত কংগ্ৰেছ প্ৰাৰ্থী নিদিলে সমূহীয়া মুণ্ডনৰ হুংকাৰ (ETV Bharat Assam)

যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গোলাঘাট আৱৰ্ত ভৱনত জিৰণি লৈ ওলাই যোৱাৰ সময়ত জিলাখনৰ সৰুপথাৰ সমষ্টিৰ কেইবাশতাধিক দলীয় কৰ্মীয়ে ঘেৰাও কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক । দলীয় কৰ্মীসকলৰ দাবী - সৰুপথাৰ সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী আগবঢ়াব লাগিব ।

এই সম্পৰ্কে এজন কংগ্ৰেছ দলৰ কৰ্মীয়ে কয়, ‘‘সৰুপথাৰ সমষ্টিৰ তৃণমূল পৰ্যায়ৰ দলৰ কৰ্মীয়ে আজি গৌৰৱ গগৈক সাক্ষাৎ কৰিছোঁ আৰু তেওঁক ক'লোঁ যে কোনো কাৰণতে যাতে এই সমষ্টি মিত্ৰজোঁটক এৰি নিদিয়ে । যদি এই সমষ্টি মিত্ৰজোঁটক এৰি দিয়ে তেন্তে আমি হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি সামুহিক মুণ্ডন কৰিবলৈ বাধ্য হ’ম ।’’

gaurav gogoi in golaghat
তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীৰ মাজত বৃদ্ধি পাইছে ক্ষোভ (ETV Bharat Assam)

উল্লেখযোগ্য যে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰ’জ’লীনা তিৰ্কীক এইবাৰ কংগ্ৰেছ দলে খুমটাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ চিন্তা-চৰ্চা কৰি থকাৰ বিপৰীতে সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ দুজন নেতা ক্ৰমে - অমৃত বুঢ়াগোহাঁই আৰু পল্লৱ চেতিয়াই দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছিল ৷ কিন্তু কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই উক্ত সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জীৱন চুতীয়াক সমৰ্থন আগবঢ়াব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: হাতত ঝাড়ু, জাৱৰ পেলোৱা মোনা লৈ শিক্ষাৰ্থীৰ স্বচ্ছ অভিযান; লক্ষ্য- চিৰ সেউজীয়া পবাক জীয়াই ৰখা