উপ-ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণক সদনলৈ আদৰণি প্ৰধানমন্ত্ৰীৰ
সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথমদিনা নতুন সভাপতিক উচ্চ সদনলৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ বিপৰীতে SIRক লৈ বিৰোধীয়ে কৰা প্ৰতিবাদৰ বাবে লোকসভা দুপৰীয়ালৈ স্থগিত ৰখা হয় ।

By ANI
Published : December 1, 2025 at 1:46 PM IST
নতুন দিল্লী : ভাৰতৰ নৱ-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণক সোমবাৰে সংসদৰ উচ্চ সদনত আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰেৰণাদায়ক ৰাজনৈতিক যাত্ৰা আৰু সমাজসেৱাৰ প্ৰতি আজীৱন দায়বদ্ধতাক আলোকপাত কৰে ৷ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্যসভাৰ সভাপতিৰ পদ গ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ ৰাজনৈতিক যাত্ৰাক প্ৰশংসা কৰি সাংসদসকলৰ বাবে প্ৰেৰণা আখ্যা দিয়ে ৷
প্ৰধানমন্ত্ৰীয়ে সদনৰ সভাপতিক আশ্বাস দিয়ে যে সংসদৰ কাম-কাজৰ সময়ত ৰাজ্যসভাৰ সাংসদসকলে সদনৰ আৰু সভাপতিৰ পদৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব ৷ তেওঁ কয়, "আপোনাক আদৰণি জনোৱাটো এক গৌৰৱৰ মুহূৰ্ত আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু দেশখনক উন্নয়নৰ পথত আগুৱাই নিয়া হ'ব ৷ সদনৰ হৈ আপোনালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো ৷ মই নিশ্চিত যে ইয়াত বহি থকা সকলো সাংসদে উচ্চ সদনৰ মৰ্যাদা আৰু আপোনাৰ মৰ্যাদাও বজাই ৰাখিব ৷"
তেওঁ লগতে কয়, "আমাৰ সভাপতি এজন সাধাৰণ কৃষক পৰিয়ালৰ পৰা আহিছে আৰু তেওঁ সমাজসেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে ৷ ৰাজনৈতিক ক্ষেত্ৰখন তেওঁৰ সমাজসেৱাৰ এক অংশ হৈ আহিছে ৷ যুৱ সময়ৰ পৰা তেওঁৰ কাম সমাজ সেৱাৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এক প্ৰেৰণা ৷ ৰাজনীতিৰ উত্থান-পতনৰ মাজতো আপোনাৰ ইয়াত উপস্থিত হোৱাটোৱেই ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি ।"
প্ৰধানমন্ত্ৰীয়ে কয় "ৰাজ্যসভাৰ সভাপতি ৰাধাকৃষ্ণণৰ প্ৰট’কলৰ দ্বাৰা স্তব্ধ নোহোৱা অভ্যাসে তেওঁক ৰাজহুৱা জীৱনত ক্ষমতা প্ৰদান কৰে ৷ আপোনাক দীৰ্ঘদিন ধৰি চিনি পোৱা আৰু আপোনাৰ সৈতে কাম কৰাৰ সুযোগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ কথা ৷ কইৰ ব’ৰ্ড (Coir board)ৰ সভাপতি হিচাপে আপুনি প্ৰতিষ্ঠানটোক ইতিহাসৰ আটাইতকৈ লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিলে ৷"
"এনে সুযোগ মাত্ৰ দুই এজনেহে পায় ৷ ঝাৰখণ্ডৰ জনজাতীয় লোকৰ সৈতে যিদৰে আপোনাৰ যেনেদৰে সম্পৰ্ক গঢ়ি উঠিছিল, মুখ্যমন্ত্ৰীয়েও উল্লেখ কৰিছিল ৷ হেলিকপ্টাৰ পাওক বা নাপাওক, আপুনি আগবাঢ়ি গৈ থাকিল ৷ মই আপোনাক এজন শ্ৰমিক হিচাপে দেখিছো, এজন সাংসদ হিচাপে দেখিছো আৰু মই উপলব্ধি কৰিছো যে সাধাৰণতে মানুহ প্ৰট'কলৰ দ্বাৰা স্তব্ধ হৈ পৰে, কিন্তু প্ৰট'কলৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই ৷ প্ৰট’কলৰ পৰা মুক্ত জীৱনত এটা শক্তি আছে আৰু আমি সদায় আপোনাৰ মাজত সেইটো অনুভৱ কৰি আহিছো ৷" প্ৰধানমন্ত্ৰীয়ে কয়৷
চি পি ৰাধাকৃষ্ণণে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৫২টা ভোট লাভ কৰি জয়ী হোৱাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে ৩০০টা ভোট লাভ কৰিছিল । জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ইয়াৰ পূৰ্বে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৪ চনৰ জুলাইলৈকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ ২০২৪ চনৰ মাৰ্চৰ পৰা জুলাই মাহলৈ তেলেংগানা আৰু পুডুচেৰীৰ অতিৰিক্ত ৰাজ্যপাল হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতিও আছিল চি পি ৰাধাকৃষ্ণণ ।
উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন ৷ নতুন সভাপতিক উচ্চ সদনলৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ বিপৰীতে বিশেষ নিবিড় সংশোধন (SIR)ক লৈ বিৰোধীয়ে কৰা প্ৰতিবাদৰ বাবে লোকসভা দুপৰীয়ালৈ স্থগিত ৰখা হয় ।
লগতে পঢ়ক : নাটকৰ বাবে বহু ঠাই আছে, ইয়াত ডেলিভাৰীৰ প্ৰয়োজন : সংসদৰ অধিৱেশনৰ পূৰ্বে বিৰোধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

