প্ৰকৃত সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধ চৰকাৰ : বাজেট অধিবেশনৰ প্ৰথম দিনাই সংসদক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
চলিত বৰ্ষৰ বাজেট অধিৱেশন ৬৫ দিন ধৰি চলিব, য’ত ৩০ খন বৈঠক অনুষ্ঠিত হ’ব । ২ এপ্ৰিলত বাজেট অধিৱেশনৰ সামৰণি পৰিব ।

Published : January 28, 2026 at 12:01 PM IST
|Updated : January 28, 2026 at 2:46 PM IST
নতুন দিল্লী: আজি অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন । ভাৰত চৰকাৰৰ বাজেট অধিৱেশনৰ প্ৰাকক্ষণত সংসদত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনাই উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ ৰাষ্ট্ৰপতি মুৰ্মু সংসদত উপস্থিত হোৱাৰ লগে লগে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় ।
কেন্দ্ৰীয় বাজেট অধিবেশন ২০২৬ৰ আৰম্ভণিতে সংসদৰ যৌথ বৈঠকত ভাষণ দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ তেওঁ ভাষণত সামাজিক ন্যায়, কল্যাণ আৰু স্বচ্ছতাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এতিয়া সমগ্ৰ দেশৰ প্ৰায় ৯৫ কোটি নাগৰিকৰ ওচৰলৈ সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিছে । তেওঁ লগতে কয় যে চৰকাৰে দুৰ্নীতি আৰু কেলেংকাৰী মোকাবিলা কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে, ৰাজহুৱা ধনৰ উন্নত আৰু স্বচ্ছ ব্যৱহাৰ নিশ্চিত কৰিছে ।
#WATCH | Budget session | President Droupadi Murmu receives Guard of Honour as she arrives at the Parliament.
— ANI (@ANI) January 28, 2026
(Video: Sansad TV) pic.twitter.com/sUV4pBGiBK
সংসদৰ এই অধিৱেশনত ভাষণ দি মই অতি সুখী : ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ দুয়োখন সদনক সম্বোধন কৰি এনেদৰে কয়, ‘‘সংসদৰ এই অধিৱেশনত ভাষণ দিবলৈ পাই মই অতিশয় সুখ অনুভৱ কৰিছো । সমগ্ৰ দেশতে বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে । এই মহৎ প্ৰেৰণাৰ বাবে বংকিম চন্দ্ৰ চেটাৰ্জীক দেশে শ্ৰদ্ধাঞ্জলি জনাইছো । এই বিষয়ত সংসদত অনুষ্ঠিত হোৱা বিশেষ আলোচনাৰ বাবে সকলো সাংসদক অভিনন্দন জনাইছো ।’’
#WATCH | Budget session | President Droupadi Murmu says, " i am delighted to be addressing this session of the parliament. last year was memorable as the festival of india's rapid progress and heritage...150 years of vande mataram is being celebrated across the country. the… pic.twitter.com/jSS5qXF3Nr
— ANI (@ANI) January 28, 2026
দেশৰ উন্নয়নত নাৰী শক্তিয়ে প্ৰথম স্থান লাভ কৰে : ৰাষ্ট্ৰপতি মুৰ্মু
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘‘মোৰ চৰকাৰৰ উন্নয়নমূলক চিন্তাধাৰা আৰু নীতিৰ বাবে দেশৰ প্ৰতিখন বৃহৎ মঞ্চত মহিলাসকলে দ্ৰুতগতিত আগবাঢ়িছে । ইয়াৰ ফলত দেশৰ উন্নয়ন আৰু সবলীকৰণৰ ক্ষেত্ৰত মহিলা শক্তিয়ে প্ৰথম স্থান লাভ কৰাত বিশ্বাস আৰু অধিক শক্তিশালী হৈছে ।’’
#WATCH | Budget session | President Droupadi Murmu says, " as a result of the progressive mindset and policies of my government, women have gone ahead rapidly in every ambitious area of the country. in this direction, a few months back, the country achieved another major milestone… pic.twitter.com/Hvdx5I4ynW
— ANI (@ANI) January 28, 2026
দৰিদ্ৰতা নিৰ্মূলকৰণ অভিযান দ্ৰুতগতিত আগুৱাইছে
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘‘বাবাচাহেব আম্বেদকাৰে সদায় সমতা আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । আমাৰ সংবিধানেও আমাক এই কাম কৰিবলৈ অনুপ্ৰাণিত কৰে । দেশৰ প্ৰতিজন নাগৰিকে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ নিজৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰা উচিত । মোৰ চৰকাৰ প্ৰকৃত সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধ । ফলত বিগত দশকত ২৫ কোটি নাগৰিকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে । মোৰ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দৰিদ্ৰতা নিৰাময় অভিযান ত্বৰান্বিত হৈছে ।’’
#WATCH | Budget session | President Droupadi Murmu says, " babasaheb ambedkar always laid emphasis on equality and social justice. our constitution too inspires us for the same. every citizen of the country should get their full rights without any discrimination. my government is… pic.twitter.com/lxhvdqnAYT
— ANI (@ANI) January 28, 2026
দেশৰ পৰা মাওবাদী সম্পূর্ণৰূপে নিঃশেষ হ’বলগীয়া দিনটো বৰ বেছি দূৰৈত নাই
ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত কয়, ‘‘মোৰ চৰকাৰৰ নীতি অনুসৰি নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল । বছৰ বছৰ ধৰি সমগ্ৰ দেশৰ ১২৬ খন জিলাতে ভয় আৰু আতংকই জুৰুলা কৰিছিল । মাওবাদী মতাদৰ্শই বহু প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে ।’’
#WATCH | Budget session | President Droupadi Murmu says, " in line with the policies of my government, security forces have taken decisive action against maoist terror. for years, there was fear and distrust in 126 districts of the country. maoist ideology pushed the future of… pic.twitter.com/cJVGjbeoGy
— ANI (@ANI) January 28, 2026
উল্লেখ্য যে, দেশৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ লগে লগে ইয়াৰ আৰম্ভণি হয় ৷ কাৰ্যসূচী অনুসৰি, ২৯ জানুৱাৰীত ভাৰতৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন দাখিল কৰা হ’ব ৷ ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব ২০২৬-২৭ ৰ কেন্দ্ৰীয় বাজেট ৷
বিত্ত মন্ত্ৰালয়ে প্ৰস্তুত কৰা অৰ্থনৈতিক সমীক্ষাত ২০২৫-২৬(এপ্ৰিল-মাৰ্চ) অৰ্থনীতিৰ অৱস্থা আৰু আগন্তুক বিত্তীয় বৰ্ষৰ বিভিন্ন পৰিমাপৰ তথ্য প্ৰদান কৰা হৈছে । এই অধিবেশন ৬৫ দিন ধৰি চলিব, য’ত ৩০ খন বৈঠক অনুষ্ঠিত হ’ব । ২ এপ্ৰিলত বাজেট অধিৱেশনৰ সামৰণি পৰিব ।
এই অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব ১৩ ফেব্ৰুৱাৰীত ৷ পুনৰ ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ বাজেট অধিৱেশন, যাতে স্থায়ী সমিতিসমূহে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ অনুদানৰ দাবী পৰীক্ষা কৰিব পাৰে ।

