গৰ্ভপাতৰ বাবে ভাবুকি দি মহা বিপদত পৰিছে কংগ্ৰেছৰ এজন বিধায়ক: ধৰ্ষণৰ অভিযোগতো অভিযুক্ত
অডিঅ' ৰেকৰ্ডিং ভাইৰেল । ৰেকৰ্ডিংটোত বিধায়ক আৰু এগৰাকী মহিলাৰ ভাষ্য শুনা গৈছে, য'ত বিধায়কজনে মহিলাগৰাকীক গৰ্ভপাত কৰিবলৈ হেঁচা দিছিল ।

Published : November 28, 2025 at 3:19 PM IST
তিৰুৱনন্তপুৰম/পালাক্কাড় (কেৰালা) : বিপদত কেৰালাৰ এজন কংগ্ৰেছী বিধায়ক । ধৰ্ষণ, বলপূৰ্বক গৰ্ভপাতত সহায় আৰু ভাবুকি প্ৰদানৰ অভিযোগত ৰাজ্যখনৰ পালাক্কাড় বিধানসভা সমষ্টিৰ বিধায়ক ৰাহুল মামকূটাথিলৰ বিৰুদ্ধে কেৰালা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । গোচৰটো প্ৰথমে ৱালিয়ামা থানাত পঞ্জীয়ন হৈছিল আৰু পিছত নিমোম থানালৈ স্থানান্তৰ কৰা হয় । নগৰ আৰক্ষী আয়ুক্তৰ প্ৰত্যক্ষ তত্বাৱধানত বিশেষ তদন্তকাৰী দলে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে ।
বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ কাৰ্যালয়ত পোনপটীয়াকৈ দাখিল কৰা আনুষ্ঠানিক অভিযোগৰ পিছতে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে সামাজিক মাধ্যমত অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে আৰক্ষী অধিক তৎপৰ হৈ পৰে । অডিঅ' ৰেকৰ্ডিংটোত বিধায়ক আৰু এগৰাকী মহিলাৰ ভাষ্য শুনা গৈছে, য'ত বিধায়কজনে মহিলাগৰাকীক গৰ্ভপাত কৰিবলৈ হেঁচা দিছিল ।
লুক আউট জাৰি আৰু তদন্ত
বিধায়কজনে গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰিব বুলি বাতৰি প্ৰকাশ পোৱাৰ লগে লগে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । তেওঁ যাতে দেশৰ পৰা পলায়ন কৰিব নোৱাৰে তাৰ বাবে লুক আউট জাৰি কৰাৰ সিদ্ধান্ত লৈছে আৰক্ষীয়ে । আৰক্ষী সঞ্চালক প্ৰধান ৰাৱাদা চন্দ্ৰশেখৰৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত বিশেষ তদন্তকাৰী দল গঠনৰ সিদ্ধান্ত লোৱা হৈছে ।
ইফালে অজ্ঞাত স্থানৰ পৰাই বিধায়ক ৰাহুল মামকূটাথিলে সামাজিক মাধ্যমৰ হেণ্ডেলত নিজকে নিৰ্দোষী বুলি ঘোষণা কৰিছে । তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে আইনী যুঁজ দিয়াৰ লগতে ন্যায়পালিকা আৰু 'জনতাৰ আদালত'ত নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰাৰো আস্থা প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে নিশাৰ পৰা বন্ধ হৈ থকা তেওঁৰ মোবাইল ফোনটো শুকুৰবাৰে পুৱা মাত্ৰ কিছু সময়ৰ বাবে পুনৰ সক্ৰিয় হৈছিল । বৃহস্পতিবাৰে যুৱ মৰ্চা আৰু ডি ৱাই এফ আইৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কজনৰ কাৰ্যালয়ৰ গেটত তলা লগাইছিল যদিও শুকুৰবাৰে পালাক্কাড়ত থকা কাৰ্যালয়টোত পুনৰ কাম আৰম্ভ হয় । কাৰ্যালয়ৰ কৰ্মচাৰীসকলে অৱশ্যে তেওঁৰ অৱস্থান সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ।
কংগ্ৰেছত বিভাজন
বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ লগে লগে প্ৰদেশ কংগ্ৰেছত বিভাজন আৰম্ভ হৈছে । জ্যেষ্ঠ সাংসদ ৰাজমোহন উন্নিথানে বিধায়কগৰাকীৰ নিলম্বনৰ সিদ্ধান্তক আদৰণি জনাইছে । উন্নিথানে অভিযোগ কৰিছে যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক বদনাম কৰিবলৈ মামকূটাথিলে বিভিন্ন প্ৰচেষ্টা চলাইছিল । এনে অভিযোগৰ বোজা দলটোৱে বহন কৰিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে । উন্নিথানে কয়, "আপুনি যদি আৱৰ্জনা লৈ ফুৰে, তেন্তে অৱশেষত আপোনাৰ পৰাও দুৰ্গন্ধ ওলাব ।"
জ্যেষ্ঠ নেতা কে মুৰালীধৰণেও দলৰ স্থিতি স্পষ্ট কৰি কয় যে দলে অভিযুক্তসকলক সুৰক্ষা দিবলৈ ঢাল হিচাপে কাম নকৰে । তেওঁ উল্লেখ কৰে যে এই নিলম্বন ৬ বছৰৰ বাবে বহিষ্কাৰৰ সমান, যাৰ দ্বাৰা দলীয় অনুষ্ঠানত বিধায়কজন থাকিব নোৱাৰিব । অৱশ্যে ইউ ডি এফৰ আহ্বায়ক অদূৰ প্ৰকাশে এক বিৰোধী মতামত আগবঢ়াই মামকূটাথিলৰ পক্ষ লোৱা দেখা যায় । তেওঁ ইয়াক আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চি পি আই(এম)ৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ষড়যন্ত্ৰ বুলি অভিযোগ কৰে । পালাক্কাড়ৰ সাংসদ ভি.কে. শ্ৰীকান্দনে অৱশ্যে এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিয়াকৈ আইনে সকলো বিচাৰ কৰিব বুলি উল্লেখ কৰে ।
চৰকাৰৰ স্থিতি
ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ভি শিৱনকুট্টিয়ে এই অভিযোগ অতি গুৰুতৰ বুলি অভিহিত কৰি মামকূটাথিলৰ তাৎক্ষণিক পদত্যাগৰ দাবী জনাইছে । অভিযুক্তক সমৰ্থন কৰি থকা কংগ্ৰেছ নেতাসকলকো তেওঁ সমালোচনা কৰি কেৰালাৰ মহিলাসকলৰ বাবে ইয়াক প্ৰত্যাহ্বান বুলি অভিহিত কৰে । চৰকাৰে আপোচবিহীন আইনী ব্যৱস্থা লৈ আগবাঢ়ি যাব বুলিও আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে এগৰাকী অভিনেত্ৰী, তৃতীয় লিংগৰ লোক আৰু একাধিক মহিলাই বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল । তাৰ পিছতে ২৫ আগষ্টত বিধায়কগৰাকীক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হয় । যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি পদৰ পৰাও তেওঁ পদত্যাগ কৰে ।
লগতে পঢ়ক :দিল্লীৰ বায়ু প্ৰদূষণক লৈ চৰকাৰৰ মৌনতাক সমালোচনা ৰাহুল গান্ধীৰ

