ETV Bharat / politics

সন্মুখ সমৰত বিজেপি-কংগ্ৰেছ; ফালিলে গৌৰৱ গগৈ সম্বলিত কংগ্ৰেছ দলৰ ফটো

গোলাঘাটত গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত বিজেপিৰ সমদল ।

BJP protest in Golaghat demands arrest of MP Gaurav Gogoi
গোলাঘাট জিলা কংগ্ৰেছে কাৰ্যালয় সন্মুখত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 10:20 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: গোলাঘাটত সন্মুখ সমৰত বিজেপি আৰু কংগ্ৰেছ । বিজেপিৰ সমৰ্থকে ফালিলে গৌৰৱ গগৈ সম্বলিত কংগ্ৰেছ দলৰ পোষ্টাৰ । গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত গেৰুৱা দলটোৰ সহস্ৰাধিক নেতা-কৰ্মীৰ প্ৰতিবাদী সমদল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসগ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে সবিশেষ তথ্য জনোৱাৰ পাছত গোলাঘাটত গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিল বিজেপি । গোলাঘাট জিলা বিজেপিৰ উদ্যোগত সমন্বয় ক্ষেত্ৰত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গগৈক গ্ৰেপ্তাৰৰ দাবীত সমদল উলিয়ায় ।

গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত উত্তাল গোলাঘাট (ETV Bharat Assam)

এই প্ৰতিবাদী সমদল সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি জিলা কংগ্ৰেছে কাৰ্যালয় সন্মুখত গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া তথ্যৰ সত্যতা প্ৰমাণ কৰক গৌৰৱ গগৈয়ে । মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ তথ্য আছে । তেওঁৰ পুত্ৰ আৰু কন্যা ভাৰতীয় নাগৰিক নহয় । এই সকলো কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে । গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ পাছত ৰাইজৰ মাজত সন্দেহ উপজিছিল তেওঁৰ কথা বতৰাৰ পৰা । এই কাৰ্যৰ বাবে কংগ্ৰেছ দলে ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে দল ত্যাগ কৰিব লাগে ।"

BJP protest in Golaghat demands arrest of MP Gaurav Gogoi
জিলা কংগ্ৰেছে কাৰ্যালয় সন্মুখত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

সাংসদ তাছাই পুনৰ কয়, "আমাৰ শত্ৰু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰা কাৰ্য দুৰ্ভাগ্য়জনক । যাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । অনাগত দিনত কংগ্ৰেছ দল নাইকিয়া হৈ যাব, কাৰণ ভাৰতীয় নাগৰিকে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা কাৰ্য সহ্য কৰিব নোৱাৰে । গৌৰৱ গগৈয়ে কৰা এনে দেশদ্ৰোহী কাৰ্য কোনো কাৰণতে সহ্য নকৰে ।"

BJP protest in Golaghat demands arrest of MP Gaurav Gogoi
জিলা কংগ্ৰেছে কাৰ্যালয় সন্মুখত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

সাংসদগৰাকীয়ে কয়, "লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈয়ে দাখিল কৰা শপতনামাত তেওঁৰ পত্নীৰ বেংকৰ একাউণ্ট পাকিস্তানত আছে বুলি উল্লেখ কৰা নাছিল । যাৰবাবে এই সম্পৰ্কে গোচৰ ৰুজু কৰা হ'ব ।"

BJP protest in Golaghat demands arrest of MP Gaurav Gogoi
গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত উত্তাল গোলাঘাট (ETV Bharat Assam)

উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগে ভাৰ্চুৱেল মাধ্যমেৰে গৌৰৱ গগৈৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । ইফালে, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে আঢ়ৈ ঘণ্টা ছুপাৰ ফ্লপ চিনেমাৰ কথা ব্যাখ্য়া কৰিলে : গৌৰৱ গগৈ

ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে : সৰ্বানন্দ সোণোৱাল