ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক পাথাৰকান্দি বিধানসভা সমষ্টিক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰাক উপত্য়কাত সমষ্টিৰ সংখ্যা সলনি হোৱা নাই যদিও গাঁথনিগতভাৱে বহু পৰিৱৰ্তন হ’ল ।

ASSAM ASSEMBLY ELECTION 2026
পাথাৰকান্দি বিধানসভা সমষ্টিৰ ৰূপৰেখা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 7:05 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰাকৰো ১৩ টা বিধানসভা সমষ্টিৰ ব্যাপক সালসলনি ঘটিল । সমষ্টিৰ সংখ্যা সলনি হোৱা নাই যদিও গাঁথনিগত বহু পৰিৱৰ্তন হ’ল বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি মুঠ ১৩ টা বিধানসভা সমষ্টি আছে । কাছাৰ জিলাৰ ভিতৰত আছে লক্ষীপুৰ, শিলচৰ, সোনাই, ধলাই, উদাৰবন্দ, কাটিগড়া আৰু বৰখলা বিধানসভা সমষ্টি । সেইদৰে পূৰ্বৰ কৰিমগঞ্জ আৰু বৰ্তমানৰ শ্ৰীভূমি জিলাৰ ভিতৰত আছে উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টি ।

আনহাতে, হাইলাকান্দি জিলাৰ ভিতৰত আছে হাইলাকান্দি আৰু আলগাপুৰ-কাটলিচেৰা । এই প্ৰতিবেদন বৰাকৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিক সামৰি প্ৰস্তুত কৰা হৈছে ।

Patharkandi Assembly constituency
বিজেপি পাথাৰকান্দি মণ্ডল কাৰ্যালয় মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে স্থানীয় বিধায়ক কৃষ্ণেন্দু পাল (ETV Bharat Assam)

পাথাৰকান্দি বিধানসভা সমষ্টি

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পাথাৰকান্দি সমষ্টিটো আগৰ দৰে আছে যদিও সীমাৰ ব্যাপক সালসলনি ঘটিল । সংৰক্ষণমুক্ত সমষ্টিটো ১৯৫‍১ চনত গঠন কৰা হৈছিল । সমষ্টিটো বেছিভাগ সময় কংগ্ৰেছ আৰু বিজেপিৰ দখলত আছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুন ৰূপ পোৱা সমষ্টিটোৱে এইবাৰ নতুন প্ৰতিনিধি লাভ কৰিব । ১২৫ নং পাথাৰকান্দি সমষ্টিটো কৰিমগঞ্জ জিলাৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত ।

Patharkandi Assembly constituency
সমষ্টিটোৰ ভোটাৰৰ ৰূপৰেখা (ETV Bharat Assam)

পাথাৰকান্দি সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা

১২৫ নং পাথাৰকান্দি সমষ্টিটোৰ শেহতীয়া প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮৫,৫০৯ গৰাকী । ইয়াৰ ভিতৰত আছে ৯৩,৯৭২ জন পুৰুষ ভোটাৰ, ৯১,৫৩৩ গৰ‍াকী মহিলা ভোটাৰ আৰু চাৰিগৰাকী তৃতীয় লিংগৰ ভোটাৰ । এই সমষ্টিটোত মহিলাৰ তুলনাত পুৰুষ ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২২৮ টা ।

পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহ

পাথাৰকান্দি সমষ্টিটোৰ অন্তৰ্গত এলেকাসমূহৰ ভিতৰত আছে লৱাইৰপুৱা উন্নয়ন খণ্ড আৰু দুৰ্লভচেৰা উন্নয়ন খণ্ডৰ অংশবিশেষ । চৰগোলা গাঁও পঞ্চায়তৰ টাৰ্বিনচেৰা গ্ৰাণ্ট, পশ্চিম টাৰ্বিনচেৰা, কাজিৰ বাজাৰ গাঁও পঞ্চায়তৰ আৱালালা (পি এছ), বেথুবাৰী, মুলিয়ালা খণ্ড ১১, মুলিয়ালা খণ্ড ১, চাগি খৌৰি, কচু খৌৰি, পালদাহাৰ গাঁও পঞ্চায়তৰ বৰগল, ধালগ্ৰাম খণ্ড ২, ভৈৰবনগৰ, গুলালকান্দি, পাতিয়ালা গাঁও পঞ্চায়তৰ দুৰ্লভচেৰা গ্ৰাণ্ট ।

Patharkandi Assembly constituency
পাথাৰকান্দিৰ মাজমজিয়াৰ এক দৃশ্য (ETV Bharat Assam)

সেইদৰে আছে পাথাৰকান্দি উন্নয়ন খণ্ডৰ অংশবিশেষ । কানাই বাজাৰ গাঁও পঞ্চায়তৰ সাতঘড়ী প্ৰথম খণ্ড, সাতঘড়ী দ্বিতীয় খণ্ড, দুৰ্লভপুৰ চতুৰ্থ খণ্ড, দুৰ্লভপুৰ তৃতীয় খণ্ড, মুৰাউৰা, বাঘেৰ চাংগান, মাইনা তৃতীয় খণ্ড, বন্দৰকোনা গাঁও পঞ্চায়তৰ উত্তৰ বন্দৰকোনা(টি এছ), বাতাইয়া পুঞ্জি, ইৰালিগ'ল পশ্চিম লেণ্ড গ্ৰাণ্ট, চৈয়দপুৰ, ইৰালিগ'ল দশম খণ্ড, ইৰালিগ'ল প্ৰথম খণ্ড, ইৰালিগ'ল তৃতীয় খণ্ড, ইৰালিগ'ল দ্বিতীয় খণ্ড, সত্য পুঞ্জি, আচিমগঞ্জ গাঁও পঞ্চায়তৰ হাইতৰখা প্ৰথম খণ্ড, দুৰ্লভপুৰ প্ৰথম খণ্ড, দুৰ্লভপুৰ দ্বিতীয় খণ্ড, হাতখেলা কিতে আলাপুৰ গুলেৰবন্দ, কান্দিগ্ৰাম প্ৰথম খণ্ড, নানকাৰ, কান্দিগ্ৰাম দ্বিতীয় খণ্ড, ফৰিদকোনা, দুৰ্লভপুৰ পঞ্চম খণ্ড, ফৰিদকোনা-দুহালিয়া গাঁও পঞ্চায়তৰ পূৰ্বগ'ল, পূৰ্ব ফৰিদকোনা, বাৰচেৰা, যোৰাবাৰী-দেফ'লালা গাঁও পঞ্চায়তৰ মেন্দিবাৰী, হাতীৰগ'ল, চান্দপুৰ, দেফ'লালা, কাচেৰগাঁও, লক্ষীপুৰ, কাবেৰিবন্দ দ্বিতীয় খণ্ড, কাবেৰিবন্দ গাঁও পঞ্চায়তৰ বাৰোইল, কাবেৰিবন্দ প্ৰথম খণ্ড, কাবেৰিবন্দ তৃতীয় খণ্ড, মইনা গাঁও পঞ্চায়তৰ দক্ষিণ বন্দৰকোনা (টি এছ), দক্ষিণ বন্দৰকোনা প্ৰথম খণ্ড, হাফানিয়া, গোপীনাথৰ আখাৰা, কালাখাউৰি, মদনদুৰি, ছায়াবাৰী দ্বিতীয় খণ্ড আৰু পাথাৰকান্দি গাঁও পঞ্চায়তৰ শ্ৰীপুৰ । সেইদৰে ৰামকৃষ্ণ নগৰ খণ্ডৰ বাজাৰঘাট, ঘিলাইটিকাৰ প্ৰথম খণ্ড আৰু নগেন্দ্ৰ নগৰ গাঁও পঞ্চায়তৰ এৰাইগ'ল নৱম খণ্ড ।

Patharkandi Assembly constituency
পাথাৰকান্দি মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ (ETV Bharat Assam)

পাথাৰকান্দি সমষ্টিৰ ৰাজনৈতিক ইতিহাস

পাথাৰকান্দি সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে বিজেপিৰ কৃষ্ণেন্দু পাল । তেওঁ ২০১৬ চনৰ পৰা পাথাৰকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে । বৰ্তমান তেওঁ কেবিনেট মন্ত্রী । ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ কৃষ্ণেন্দু পালে ৭৪,৮৪৬ টা ভোট(৫০ শতাংশ) লাভ কৰি জয়ী হৈছিল । কংগ্ৰেছৰ শচীন চাহুৱে ৭০,৩৭৯ টা ভোট(৪৭ শতাংশ) লাভ কৰি দ্বিতীয় স্থানত আছিল । ভোটৰ ব্যৱধান আছিল ৪,৪৬৭ টা ।

Patharkandi Assembly constituency
বৰ্তমানলৈকে বিধায়কসকল (ETV Bharat Assam)

আনহাতে ২০১৬ চনৰ নিৰ্বাচনত কৃষ্ণেন্দু পালে ৪৬,৫৪৪ টা ভোট (৩৮ শতাংশ) লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ দেবেন্দ্ৰ কুমাৰ সিনহাই ৩৭,২৭৬ টা ভোট(৩০ শতাংশ) লাভ কৰিছিল । ইতিহাসৰ পৰা চালে সমষ্টিটো প্ৰতিষ্ঠা হোৱাৰ পাছত ১৯৫১ চনত পাথাৰকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল চি পি আইৰ গোপেশ নমশূদ্ৰই ।

ইয়াৰ পিছত ১৯৫৭ চনত নিৰ্দলীয় প্ৰাৰ্থী বিশ্বনাথ উপাধ্যায়, ১৯৬২ চনত আই এন চিৰ ৰামদেৱ মল্ল, ১৯৬৭ চনত নিৰ্দলীয় প্ৰাৰ্থী মতিলাল কানু, ১৯৭২ চনত আই এন চিৰ বিশ্বনাথ উপাধ্যায়, ১৯৭৮ চনত নিৰ্দলীয় প্ৰাৰ্থী ফখৰুল ইছলাম, ১৯৮৩ চনত নিৰ্দলীয় প্ৰাৰ্থী মইনুদ্দিন, ১৯৮৫ চনত আই এন চিৰ মণিলাল গোৱালাই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে ।

Patharkandi Assembly constituency
বাওঁফালৰ পৰা ক্ৰমে কৃষ্ণেন্দু পাল, মণিলাল গোৱালা আৰু কাৰ্তিক সেনা সিনহা (ETV Bharat Assam)

ইয়াৰ পিছত ১৯৯১ চনত বিজেপিৰ মধুসূধন তিৱাৰী, ১৯৯৬ চনত বিজেপিৰ সুখেন্দু শেখৰ দত্ত, ২০০১ চনত আই এন চিৰ মণিলাল গোৱালা, ২০০৬ চনত বিজেপিৰ কাৰ্তিক সেনা সিনহা, ২০১১ চনত আই এন চিৰ মণিলাল গোৱালাই প্ৰতিনিধিত্ব কৰে । ২০১৬ চনৰ পৰা বিজেপিৰ কৃষ্ণেন্দু পালে পাথাৰকান্দিক প্ৰতিনিধিত্ব কৰি আহিছে ।

লক্ষণীয় বিষয় যে পাথাৰকান্দি সমষ্টিত কোনো এগৰাকী বিধায়কে একেলেথাৰিয়ে দুবাৰৰ বেছি প্ৰতিনিধিত্ব কৰিব পৰা নাই ।

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক মাহমৰা সমষ্টিক