ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক মাহমৰা সমষ্টিক

সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে মাহমৰা সমষ্টিৰ ৰূপৰেখা । এক চমু অৱলোকন ।

Overview of the newly formed Mahmora assembly constituency after delimitation
বিধানসভা বৃত্তান্ত: জানো আহক মাহমৰা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 4:30 PM IST

5 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে । শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ দিনে-নিশাই ভোটাৰ ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে ।

ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত সেই একেই পৰিৱেশ । পূৰ্বে শিৱসাগৰ জিলাত থকা মাহমৰা সমষ্টি ২০১৫ চনত চৰাইদেউ জিলাত অন্তৰ্ভূক্ত হয় । কিয়নো ২০১৫ চনত সোণাৰি আৰু মাহমৰা সমষ্টিক লৈ গঠন হৈছিল চৰাইদেউ জিলা ।

বৰ্তমান ১৭টাকৈ গাঁও পঞ্চায়ত আৰু এটা পৌৰসভা থকা সমষ্টিটোৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে মন্ত্ৰী যোগেন মহনে । মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হোৱা সমষ্টিটোৱে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি, চৰাইদেউ জিলাৰ সোণাৰি সমষ্টি আৰু শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ মাজত অৱস্থিত ।

Overview of the newly formed Mahmora assembly constituency after delimitation
২০২১ চনৰ নিৰ্বাচনী ফলাফল (ETV Bharat Assam GFX)

চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চলেৰে গঠিত মাহমৰা সমষ্টিত মৰাণহাট আৰু চেপন ৰে'ল ষ্টেচন থকাত যাতায়তৰ ক্ষেত্ৰত সমষ্টিটো কিছু আগবঢ়া । উচ্চ শিক্ষাৰ বাবে আছে সমষ্টিটোত মৰাণ মহাবিদ্যালয়, মৰাণ মহিলা মহাবিদ্যালয়, চেপন মহাবিদ্যালয় আছে । সমষ্টিটো প্ৰাকৃতিকভাৱে চহকী নহ'লেও মৰাণহাট আৰু চেপন মাহমৰা সমষ্টিৰ দুখন সৰু বাণিজ্যিক চহৰ ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মাহমৰাৰ ৰূপৰেখা:

১৭ টাকৈ গাঁও পঞ্চায়ত আৰু এটা পৌৰসভা থকা মাহমৰা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণত কিছু ৰূপৰেখা সলনি হয় । সমষ্টি পুনৰ নিৰ্ধাৰণত মৰাণ পৌৰসভা কোনো সাল-সলনি নহ'ল যদিও মাহমৰা সমষ্টিয়ে লাকুৱা, শীলাকুটি, গড়গাঁও গাঁও পঞ্চায়ত হেৰুৱাব লগা হয় । এই তিনিটা পঞ্চায়ত অন্তৰ্ভুক্ত হয় শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত । আনহাতে সোণাৰি সমষ্টিৰ পৰা ভজো আৰু চফ্ৰাই গাঁও পঞ্চায়ত লাভ কৰে মাহমৰা সমষ্টিয়ে ।‌

Overview of the newly formed Mahmora assembly constituency after delimitation
ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam GFX)

মাহমৰা সমষ্টিৰ জনগাঁথনি:

৯৪ নং মাহমৰা সমষ্টিত পূৰ্বৰ তুলনাত ভোটাৰৰ সংখ্যা কিছু সালসলনি ঘটিছে । চৰাইদেউ জিলা নিৰ্বাচন আয়োগে ২০২৫ চনৰ ২৭ জানুৱাৰীত ৰাজহুৱা কৰা তথ্য অনুসৰি মাহমৰা সমষ্টিত পুৰুষ ভোটাৰ ৭৩,৩৫২ জন , মহিলা ভোটাৰ ৭৭,০২৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ সমষ্টিটোত শূন্য । সমষ্টিটোত মুঠ ভোটাৰ হ'ল ১,৫০,৩৮১ জন । এইবাৰ ১.৫% ভোট সংখ্যা বৃদ্ধি পাইছে সমষ্টিটোত ।

Overview of the newly formed Mahmora assembly constituency after delimitation
বৰ্তমানৰ বিধায়ক যোগেন মহন (ETV Bharat Assam)
Overview of the newly formed Mahmora assembly constituency after delimitation
মানিক গগৈ, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী (ETV Bharat Assam)

মাহমৰাৰ বৰ্তমানৰ বিধায়ক:

মাহমৰা সমষ্টিত বৰ্তমান বিধায়ক হিচাপে আছে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন । ২০১৬ চনৰ পৰাই ধাৰাবাহিকভাৱে দুবাৰকৈ ভাৰতীয় জনতা পাৰ্টী দলৰ পৰা জয়লাভ কৰি কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে মন্ত্ৰী যোগেন মহনে । ২০১৬ আৰু ২০১২ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ধাৰাবাহিকভাৱে পৰাজিত কৰি মাহমৰা সমষ্টিৰ বিধায়ক হৈ আছে মন্ত্ৰী যোগেন মহন ।

২০২১ৰ নিৰ্বাচনৰ ফলাফল:

মাহমৰা সমষ্টিত যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল অতি আকৰ্ষণীয় । বিগত বিধানসভা নিৰ্বাচনত বিজেপি, কংগ্ৰেছৰ লগতে আন কেইবাটাও দলৰ প্ৰাৰ্থী আছিল । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত নেচনেল কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিমান বৰুৱাই ৬৯৩ টা ভোট লাভ কৰিছিল ।

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী যোগেন মহনে লাভ কৰিছিল ৫১,২৮২ টা, ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিংগীয়াই লাভ কৰিছিল ৩৮,১৪৭ টা, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মানিক গগৈয়ে লাভ কৰিছিল ১১,৩৫৭ টা ভোট । ঠিক সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জিত চাহুৱে লাভ কৰিছিল ৬৪২ আৰু লোহিত গগৈয়ে লাভ কৰিছিল ৯,৪৪১ টা ভোট ।

মাহমৰা সমষ্টিৰ নিৰ্বাচনী ইতিহাস:

মাহমৰা সমষ্টিৰ নিৰ্বাচনী ইতিহাস চালে দেখা যায় কংগ্ৰেছ দলে দীঘলীয়া সময় সমষ্টিটোত শাসন কৰিছিল । ১৯৬৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ৰত্নেশ্বৰ কোঁৱৰ, ১৯৭২চনত পুনৰ খগেন গগৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বিধায়ক হয় । ১৯৭৮ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ পৰা বুদ্ধ বৰুৱা মাহমৰা সমষ্টি বিধায়ক হিচাপে নিৰ্বাচিত হয় । কিন্তু ১৯৮৩ চনত পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা নাৰদ কুমাৰ বিধায়ক হয় মাহমৰা সমষ্টিত । ১৯৮৫চনত মাহমৰা সমষ্টিত প্ৰথমবাৰলৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পদ্ম আৰন্ধৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

Overview of the newly formed Mahmora assembly constituency after delimitation
বৰ্তমানলৈ বিধায়কসকল (ETV Bharat Assam GFX)

১৯৯১ চনত পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা লক্ষীপ্ৰসাদ বৰগোঁহাই বিধায়ক হিচাপে নিৰ্বাচিত হয় । ১৯৯৬ চনত অসম গণ পৰিষদ দলৰ পৰা হিৰণ্য কুমাৰ কোঁৱৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ‌।‌ ইয়াৰ পিছত ২০০১ চনৰ পৰা ২০১৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই শৰৎ শইকীয়াই তিনিবাৰকৈ মাহমৰা সমষ্টিৰ বিধায়ক হয় । ইয়াৰ পিছত ভাৰতবৰ্ষত আৰম্ভ হোৱা মোদী ঢৌৰ ফলত ২০১৬ চনত প্ৰথমবাৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই যোগেন মহনে জয়লাভ কৰে আৰু ২০২১ চনতো তেওঁ জয়লাভ কৰিবলৈ সক্ষম হয় ।

কি হ'ব ২০২৬ৰ বিধানসভা নিৰ্বাচন:

এইবাৰ সমাগত বিধানসভা নিৰ্বাচনৰ যুঁজ অতি লক্ষ্যণীয় হ'ব মাহমৰা সমষ্টিত । বিজেপি দলে পুনৰ মন্ত্ৰী যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে । আনহাতে কংগ্ৰেছ দলৰ পৰাও কেইবাজনেও প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে গুৱাহাটীৰ ৰাজীৱ ভৱনত আবেদন দাখিল কৰিছে । ইয়াৰ ওপৰিও অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মানিক গগৈয়ে প্ৰাৰ্থিত্ব দাবী কৰি মাহমৰা সমষ্টিত সাংগঠনিক কাম-কাজ চলাই নিছে ।

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত: জানো আহক ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিষয়ে

বিধানসভা বৃত্তান্ত : জানো আহক ঢেকীয়াজুলি বিধানসভা সমষ্টিক