ETV Bharat / politics

বিধানসভা বৃত্তান্ত: জানো আহক ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিক

সমষ্টি পুনৰ নিৰ্ধাৰণে কিদৰে সলনি কৰিছে দুলীয়াজান সমষ্টিৰ ৰূপৰেখা । এক চমু অৱলোকন ।

Overview of the newly formed Duliajan assembly con
জানো আহক ৯০ নং দুলীয়াজান বিধানসভা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 2:15 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দ্বিতীয় ৰাজধানী হিচাপে পৰিচিত হোৱা ডিব্ৰুগড় জিলাখনৰ ৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এটা উল্লেখযোগ্য সমষ্টি হৈছে ৯০ নং দুলীয়াজান বিধানসভা সমষ্টি । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমাত অৱস্থিত দুলীয়াজান সমষ্টিয়ে ডিব্ৰুগড় জিলাখনক ঔদ্যোগিকভাৱে চহকী এখন জিলা হিচাপে পৰিচিত কৰি তুলিছে । কাৰণ দুলীয়াজান সমষ্টিতে অৱস্থিত ভাৰতৰবৰ্ষৰ এটা অতি গুৰুত্বপূৰ্ণ উদ্যোগ, 'অইল ইণ্ডিয়া লিমিটেড'ৰ মুখ্য কাৰ্যালয় আৰু অসম গেছ কোম্পানীৰ মুখ্য কাৰ্যালয় ।

১৬ খনকৈ গাঁও পঞ্চায়তেৰে গঠিত দুলীয়াজান সমষ্টিটোৱে চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চল সামৰি গঠিত হৈছে । ঔদ্যোগিকভাৱে চহকী সমষ্টিটো যাতায়তৰ ক্ষেত্ৰত আগবঢ়া, কাৰণ এটা ৰে'ল ষ্টেচন আছে সমষ্টিত । দুলীয়াজান মহাবিদ্যালয়ৰ লগতে আন কেইবাখনো বিদ্যালয়-মহাবিদ্যালয় সমষ্টিটোত থকা বাবে শৈক্ষিক ক্ষেত্ৰতো আগবঢ়া সমষ্টিটো । কিন্তু আন্তঃগাথঁনি উন্নয়নত গ্ৰাম্য অঞ্চল আৰু চাহ বাগিচাৰ কিছু কিছু অঞ্চল আজিও পিছপৰি আছে ।

Overview of the newly formed Duliajan assembly constituency after delimitation
'অইল ইণ্ডিয়া লিমিটেড'ৰ মুখ্য কাৰ্যালয় (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰূপৰেখা:

সমষ্টি পুনৰ নিৰ্ধাৰণে ডিব্ৰুগড় জিলাৰ প্ৰায়সমূহ সমষ্টিত ৰূপৰেখা সলনি কৰা লগতে লাহোৱাল নামৰ সমষ্টিটো একেবাৰে বিলুপ্ত কৰিলে । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰভাৱ দুলীয়াজানৰ সমষ্টিত বিশেষ নপৰিল । দুলীয়াজান সমষ্টিৰ ৰংচঙী গাঁও পঞ্চায়ত চাবুৱা-লাহোৱাল সমষ্টিৰ পৰা লাভ কৰাৰ বিপৰীতে দুলীয়াজান সমষ্টিয়ে হেৰুৱাবলগীয়া হ'ল উষাপুৰ গাঁও পঞ্চায়ত ।

Overview of the newly formed Duliajan assembly constituency after delimitation
ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam Gfx)

জনগাঁথনি আৰু আনুমানিক ভোটাৰ:

৯০ নং দুলীয়াজান বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৭৬,৬২৪ জন । ইয়াৰে ৮৫,৪৪৩ গৰাকী পুৰুষ ভোটাৰ, ৯১,১৭৮ গৰাকী মহিলা ভোটাৰ আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ২০২৫ চনৰ ২৭ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি দুলীয়াজান সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৭৯, ৯২০। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮৭,১৫৬, মহিলা ভোটাৰৰ সংখ্যা ৯১,৭৬১ আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

Overview of the newly formed Duliajan assembly constituency after delimitation
বৰ্তমানৰ বিধায়ক তেৰছ গোৱালা (ETV Bharat Assam)
Overview of the newly formed Duliajan assembly con
কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ (ETV Bharat Assam)

বৰ্তমানৰ বিধায়ক:

দুলীয়াজান সমষ্টিত বৰ্তমান বিধায়ক হিচাপে দায়িত্বত আছে তেৰছ গোৱলা । বিগত ২০১৬ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি দুলীয়াজান সমষ্টিৰ বিধায়কৰ দায়িত্ব পালন কৰি আহিছে তেৰছ গোৱলাই ।

Overview of the newly formed Duliajan assembly constituency after delimitation
২০২১ ৰ নিৰ্বাচনী ফলাফল (ETV Bharat Assam Gfx)

২০২১ ৰ নিৰ্বাচনৰ ফলাফল:

ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিটোত কংগ্ৰেছ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰি বিধায়কৰ দায়িত্ব লাভ কৰি আহিছে । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলসমূহ চালে দেখা যায় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তেৰছ গোৱলাই ৫৪,৭৬২ টা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈয়ে ৪৬,৬৫২ টা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ২৪,১৯২ টা ভোট লাভ কৰিছিল । ফলত দ্বিতীয় বাৰলৈ দুলীয়াজানৰ বিধায়ক হোৱাৰ সুবিধা লাভ কৰিছিল তেৰছ গোৱলাই ।

নিৰ্বাচনী ইতিহাস:

দুলীয়াজান সমষ্টিৰ নিৰ্বাচনী ইতিহাস চালে দেখা যায় সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি দলৰ বিধায়কে নেতৃত্ব বহন কৰি আহিছে ।‌ ইতিহাস ফঁহিয়াই চালে দেখা যায়-

Overview of the newly formed Duliajan assembly constituency after delimitation
বৰ্তমানলৈ বিধায়কসকল (ETV Bharat Assam Gfx)
  1. ১৯৭৮ চনত জনতা পাৰ্টীৰ পৰা যোগেন্দ্ৰনাথ হাজৰিকা
  2. ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈ একেৰাহে তিনিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বিধায়ক হয় অমিয়া গগৈ
  3. ২০০১ চনৰ পৰা ২০০৬ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰামেশ্বৰ তেলী
  4. ২০১১ চনত পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অমিয়া গগৈ
  5. ২০১৬ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় জনতা পাৰ্টীৰ তেৰছ গোৱলা

২০২৬ৰ বিধানসভা নিৰ্বাচনত কি হ'ব দুলীয়াজানত:

২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ দুলীয়াজান সমষ্টিৰ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে সাংগঠনিক কাম-কাজ শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে । বৰ্তমানৰ বিধায়ক তেৰছ গোৱলাৰ বিৰুদ্ধে আৰম্ভ হৈছে সমষ্টিটোত প্ৰতিষ্ঠান বিৰোধী ঢৌ । বিধায়কগৰাকীয়ে তৃতীয়বাৰলৈ দলীয় টিকট লাভ কৰিব নে নাই সেই কথা স্পষ্ট হোৱা নাই যদিও সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ হৈ টিকট লাভ কৰাৰ আশাত বিভিন্ন কাৰ্যসূচীত ব্যস্ত হৈ পৰিছে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাই ।

আনহাতে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি পুনৰ আবেদন কৰিছে ধ্ৰুৱজ্যোতি গগৈয়ে । কংগ্ৰেছ দলৰ পৰা ধ্ৰুৱজ্যোতি গগৈয়ে টিকট লাভ কৰাতো নিশ্চিত হ'লেই এইবাৰ বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত দুলীয়াজান সমষ্টিত ভোট যুদ্ধ অতি আকৰ্ষণীয় হৈ উঠিব ।

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক লাহৰীঘাট বিধানসভা সমষ্টিক

বিগত ৫ বছৰত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে নে, কি কয় ডুৰুং চাহ বাগিচাৰ ভোটাৰে ?