ETV Bharat / politics

৩ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলকাৰীৰ কৱলত: বিধানসভাত বনমন্ত্ৰী

আঠখন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ১৭,৪২১.৫ হেক্টৰ আৰু ২৮১ খন সংৰক্ষিত বনাঞ্চলৰ ২৯৬,৭১৭.৯৩৫ হেক্টৰ ভূমিকে ধৰি মুঠ ৩,১৪,১৩৯.৪৩৫ হেক্টৰ ভূমি বেদখলৰ কবলত আছে ৷

ENCROACHMENT IN ASSAM
বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (ANI)
author img

By ANI

Published : July 7, 2026 at 7:07 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত অব্যাহত আছে বনাঞ্চলসমূহত চলোৱা বেদখল কাৰ্য ৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ দ্বিতীয়টো দিনত বনমন্ত্ৰীয়ে বনাঞ্চলৰ বেদখল সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰে ৷

বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আদিত হোৱা বেদখল এক ​​ডাঙৰ চিন্তাৰ বিষয় হৈ পৰা বুলি বিধানসভাক অৱগত কৰে ৷ আজিৰ তাৰিখত ৰাজ্যৰ প্ৰায় ৩.১৪ লাখ হেক্টৰৰো অধিক বনভূমিত বেদখল হৈ আছে ।

বন বিভাগে অসম বিধানসভাত দিয়া তথ্য় অনুসৰি, ৰাজ্যৰ আঠখন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ১৭,৪২১.৫ হেক্টৰ ভূমি আৰু ২৮১ খন সংৰক্ষিত বনাঞ্চলৰ ২৯৬,৭১৭.৯৩৫ হেক্টৰ ভূমিকে ধৰি মুঠ ৩,১৪,১৩৯.৪৩৫ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে ৷ বঙাইগাঁৱৰ অগপৰ বিধায়ক দীপ্তিময়ী চৌধুৰীৰ এক প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত এই তথ্য দাঙি ধৰে ৷

অসম চৰকাৰে বিগত ৫ বছৰত ৰাজ্যজুৰি বৃহৎ পৰিসৰত উচ্ছেদ অভিযান চলাই ৰাজ্যখনৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চলৰ ১৬,৯৩৭.২৪৬৬ হেক্টৰ(১,২৬,৬০৫.৯২ বিঘা) বেদখলকৃত ভূমি মুকলি কৰা বুলি বন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

মন্ত্ৰী বৰুৱাই লগতে কয়, ‘‘২০২৫-২৬ চনত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চলৰ ৪,৬৮৮.৩৪ হেক্টৰ বেদখলকৃত ভূমিত উচ্ছেদ চলাই মুকলি কৰিছিল । আনহাতে, ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈ বিগত ৫ বছৰত ৰাজ্যৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে ৮ খনকৈ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ৫৯১৮.১৪ হেক্টৰ বেদখলকৃত ভূমি মুকলি কৰিছিল ।’’

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে বিধানসভাক অৱগত কৰে । মন কৰিবলগীয়া যে, অসম বন বিভাগে আগষ্ট মাহৰ ভিতৰত(১৪ আগষ্টৰ ভিতৰত) সমগ্ৰ ৰাজ্যতে এক কোটি গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লৈছে ৷ এই কাৰ্যসূচীত নৱম শ্ৰেণী বা তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব ।

ৰাজ্যত অধিক পৰিমাণৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে অসমৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই বীজ আৰু ৰোপণ সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কামৰূপ জিলাৰ কাঁহিকুছিত উদ্যান শস্য গৱেষণা কেন্দ্ৰ চৌহদত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল ।

এই পদক্ষেপৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে এক কোটি উচ্চ উৎপাদনক্ষম উদ্যান শস্যৰ পুলি বিতৰণৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে । আনহাতে, মন্ত্ৰী হাজৰিকাই ৰাজ্যৰ যুৱক-যুৱতীসকলক এটা সামান্য চাকৰিৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিকভাৱে খেতিৰ কাম হাতত ল’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক: চৰকাৰে গৃহীত কৰিলেও ইউচিচি নামানে আজমলে