বিধানসভা বৃত্তান্ত: জানো আহক তেজপুৰ সমষ্টিক
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত তেজপুৰ বিধানসভা সমষ্টিৰ এক অৱলোকন । ন-দুৱাৰ সমষ্টিৰ অন্তৰ্গত হৈছে কেবাটাও অঞ্চল ।

Published : January 2, 2026 at 8:10 PM IST
|Updated : January 5, 2026 at 10:04 AM IST
তেজপুৰ: ২০২৫ বাগৰি ২০২৬ সোমোৱাৰ লগে লগে বাঢ়িছে নিৰ্বাচনী উৎসুকতা । এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যৰ মুঠ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম এক গুৰুত্বপূৰ্ণ বিধানসভা হৈছে অসমৰ সংস্কৃতিৰ বৰঘৰখ্যাত তেজপুৰ বিধানসভা সমষ্টি ।
পুনৰ নিৰ্ধাৰণৰ পিছত:
৬৭ নং তেজপুৰ বিধানসভা সমষ্টিৰ কেইটামান অংশ যোৱা লোকসভাৰ নিৰ্বাচনৰ পৰা কাষৰীয়া বিধানসভা সমষ্টিৰ লগত সংলগ্ন হৈ পৰিছে । পূৰ্বৰ তেজপুৰ চহৰৰ পৰা লৈ জীয়াভৰলী নদীৰ সমীপৰ পাঁচমাইলৰ কিছু অংশ বৰ্তমান জিলাখনৰ ন-দুৱাৰ সমষ্টিৰ লগত সন্নিবিষ্ট হৈছে ।
সমষ্টিটো চুবুৰীয়া সমষ্টি ৰঙাপৰা আৰু পশ্চিমে বৰচলা সমষ্টিৰ লগত সন্নিবিষ্ট হৈ আছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নতুনকৈ নামাকৰণ হোৱা ন-দুৱাৰ সমষ্টিৰ অন্তৰ্গত হৈছে তেজপুৰ সমষ্টিৰ কিছু অংশ ।
মুঠ ৱাৰ্ডৰ সংখ্যা:
তেজপুৰ বিধানসভা সমষ্টিৰ চহৰখনৰ মুঠ ১৯ টা ৱাৰ্ড পৌৰসভাৰ অন্তৰ্গত । সেয়ে পুনৰ নিৰ্ধাৰণৰ ফলত এই ৱাৰ্ডৰ কোনো সালসলনি হোৱা নাই, কাৰণ চহৰখন সমষ্টিৰ পৰা সম্পূৰ্ণ একাষৰীয়া ।
তেজপুৰ পৌৰসভাৰ ৱাৰ্ডসমূহৰ বিৱৰণ এনেধৰণৰ-
- ১ নং ৱাৰ্ড: জাহাজঘাট, কপাহী পথ ,
- ২ নং ৱাৰ্ড: লালমাটি,
- ৩ নং ৱাৰ্ড: কুমাৰগাঁও, কছাৰীগাঁও,
- ৪ নং ৱাৰ্ড: কমাৰচুবুৰী ,ত্ৰিবেণী,
- ৫ নং ৱাৰ্ড: এ এছ টি চি, ৰানু চিং ৰোড, ক’ল পাৰ্ক,
- ৬ নং ৱাৰ্ড: হৰাইজন কলনী, বৰহোলিয়া,
- ৭ নং ৱাৰ্ড: এল বি ৰোড, মহাভৈৰৱ ,
- ৮ নং ৱাৰ্ড: জ্যোতিষ পথ, বেংগলী থিয়েটাৰ হল, আম্বাগান,
- ৯ নং ৱাৰ্ড: হৰি পটি, অনন্ত হল ৰোড, বিকে মেমৰিয়েল,
- ১০ নং ৱাৰ্ড: এল ডি এছ ৰোড, তেজপুৰ একাডেমী,
- ১১ নং ৱাৰ্ড: কলিবাৰী,
- ১২ নং ৱাৰ্ড: এক্স পুলিচ লাইন, পুৰণি এন টি পথ, ধনু বজাৰ,
- ১৩ নং ৱাৰ্ড: প’ল’ ফিল্ড, নেপালী পট্টি
- ১৪ নং ৱাৰ্ড: প’ল’ ফিল্ড, গাৰোৱান পট্টি,
- ১৫ নং ৱাৰ্ড: ৰবৰ বাগান, মধ্যপাৰা
- ১৬ নং ৱাৰ্ড: ঘৰপোৰা চুবুৰী, দৰং কলেজ পশ্চিম,
- ১৭ নং ৱাৰ্ড: উষা নগৰ, হাজৰাপাৰ, কামাৰ চুবুৰী,
- ১৮ নং ৱাৰ্ড: হাজাৰাপাৰ, ৰে'লগেট,
- ১৯ নং ৱাৰ্ড: ব্ৰজেন নগৰ, চান্দমাৰী, ঔগুৰি
ভোটাৰ তালিকা:
বিশেষ পুনৰীক্ষণ (Special Revision–SR) প্ৰক্ৰিয়াৰ অন্তৰ্গত ৬৭ নং–তেজপুৰ বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ – ২২৫টা । বৰ্তমান নতুন সংযোজন হৈছে– ৩,৫৩১ জন । নাম কৰ্তন হৈছে-২,৪৬৩ জনৰ । মুঠ বৃদ্ধি হোৱা ভোটাৰ সংখ্যা-১,০৬৮ জন । মুঠ ভোটাৰ-১,৮০,৮৮৫ জন ।
পূৰ্বতে সমষ্টিত মহিলা ভোটাৰ আছিল ৯০,৮৯৩ গৰাকী আৰু পুৰুষ ভোটাৰ আছিল ৮৫,৭৮৮ গৰাকী । বৰ্তমান ১০৬৮ বৃদ্ধি হৈ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ ১,৮০,৮৮৫ জন । অৱশ্যে নিৰ্বাচনী আয়োগৰ ঘোষণা অনুসৰি সম্পূৰ্ণ তথ্য প্ৰকাশ পাব ফেব্ৰুৱাৰী মাহতহে ।

তেজপুৰ বিধানসভা সমষ্টি:
ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা ,সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কৰ্ম সাধনাৰ স্থান তেজপুৰ বিধানসভা সমষ্টি অসমৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ সমষ্টি । সমষ্টিটোত স্বাধীনতাৰ পিছৰে পৰা প্ৰতিনিধিত্ব কৰা বিধায়কসকলৰ অন্যতম কমলা প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, বিজয় চন্দ্ৰ ভাগৱতী, ডাঃ ৰবীন্দ্ৰ কুমাৰ গোস্বামী আৰু নবীন চন্দ্ৰ কাঠ হাজৰিকা । বৰ্তমানো সমষ্টিটোৰ বিধায়ক হিচাপে আছে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ অসম গণ পৰিষদ দলৰ পৃথ্বীৰাজ ৰাভা ।
সমষ্টিৰ ইতিহাস:
১৯৫২ চনত বিশ্বদেৱ শৰ্মা (ভাৰতীয় জাতীয় কংগ্ৰেছ) আৰু কমলা প্ৰসাদ আগৰৱালা (ভাৰতীয় জাতীয় কংগ্ৰেছ) ১৯৫৭ চনত নিৰ্বাচিত হৈছিল ৷ সেই সময়ৰ সীমা নিৰ্ধাৰণৰ পূৰ্বে তেজপুৰ উত্তৰ আৰু তেজপুৰ দক্ষিণ সমষ্টিৰ এক বিশেষ অস্তিত্ব আছিল । বৰ্তমান পশ্চিমে মিলনপুৰ পক্ষীয়াঝাৰ আৰু উত্তৰে গৰৈমাৰি আৰু পূবে নপাম আৰু পাঁচমাইলৰ পৰা লৈ ভোমোৰাগুৰি আৰু দক্ষিণে ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল আৰু বুঢ়া চাপৰি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ।

স্বাধীনোত্তৰৰ পৰা বৰ্তমানলৈ বিধায়কসকলৰ তালিকা:
- দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৭ চনত প্ৰথম গৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কমলা প্ৰসাদ আগৰৱালা । ইয়াৰ পৰৱৰ্তী সময়তো ১৯৬২ চনতো তেৱেঁই বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
- ১৯৬৭ চনত নিৰ্দলীয় ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
- ১৯৭০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিজয় চন্দ্ৰ ভাগৱতী ।
- ১৯৭২ চনত ৰবীন্দ্ৰ কুমাৰ গোস্বামীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰে ।
- ১৯৭৮ চনত জনতা পাৰ্টীৰ পৰা জীবন বৰাই বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰে ।
- ১৯৮৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নবীন চন্দ্ৰ কাঠ হাজৰিকাই বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত গঠন হোৱা অসম গণ পৰিষদ দলৰ প্ৰথমগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হয় বৃন্দাবন গোস্বামী । ১৯৮৫ চনতো বৃন্দাবন গোস্বামীয়েই বিধায়ক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।
- ১৯৯১ চনত সমষ্টিটো পুনৰ কংগ্ৰেছৰ অধীনলৈ যায় । এই কাৰ্যকালত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিজিত শইকীয়া জয়ী হৈ উদ্যোগ মন্ত্ৰী হিচাপে সমষ্টিটোত প্ৰতিনিধিত্ব কৰে ।
- ১৯৯৬ চনত পুনৰ অসম গণ পৰিষদৰ পৰা বৃন্দাবন গোস্বামী বিধায়ক হিচাপে নিৰ্বাচিত হয় । একেৰাহে ২০০১ চনত তৃতীয় বাৰৰ বাবে, ২০০৬ চনত চতুৰ্থ বাৰৰ বাবেও আৰু ২০১৬ চনতো পঞ্চমবাৰৰ বাবে বৃন্দাবন গোস্বামীয়েই বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে ।
- মাজতে ২০১১ চনত বৃন্দাবন গোস্বামীৰ হাতৰ পৰা এটা কাৰ্যকাল কাঢ়ি নিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছে । ২০১১ চনৰ বিধানসভা নিৰ্বাচনত ৰাজেন বৰঠাকুৰে পৰাস্ত কৰে বৃন্দাবন গোস্বামীক ।
- ২০২১ চনত কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই তেজপুৰ বিধানসভা সমষ্টিত বিজয় মুকুট পিন্ধি বৰ্তমানৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে ।
উল্লেখ যে, সমষ্টিটোত সৰ্বাধিক সময় বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিধায়কগৰাকী হৈছে, প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী ।


