ETV Bharat / politics

বিধানসভা বৃত্তান্ত: জানো আহক অভয়াপুৰী বিধানসভা সমষ্টিক

অসমৰ বঙাইগাঁও জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ১৬ নং অভয়াপুৰী সমষ্টি ৷ পলকতে নামনি অসমৰ এই সমষ্টিৰ এক চমু অৱলোকন

Outline of the highly respected Abhayapuri Assembly constituency in state
অভয়াপুৰী বিধানসভা সমষ্টিৰ আভাস (ETV Bharat Assam Gfx)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 11:52 AM IST

6 Min Read
Choose ETV Bharat

বঙাইগাঁও: ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬ টা সমষ্টিৰ অন্যতম বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । আজিৰ এই প্ৰতিবেদনত জিলাখনৰ ঐতিহাসিক অভয়াপুৰী সমষ্টিৰ বৃত্তান্ত দিবলৈ প্ৰয়াস কৰা হৈছে । সমষ্টি পুণৰ নিৰ্ধাৰণৰ পিছত ৰাজনৈতিক ৰেহৰূপ তথা জনগাঁথনি সলনি হৈ পৰিছে এই সমষ্টিটোৰ ৷

১৬ নং অভয়াপুৰী বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসৰ:

অভয়াপুৰী সমষ্টিৰ উত্তৰ আৰু পূব দিশত আছে বৰপেটা জিলা । দক্ষিণ দিশত গোৱালপাৰা জিলা আৰু পশ্চিম দিশত ধুবুৰী জিলা অৱস্থিত । সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টি ধৰ্মীয় সংখ্যাগুৰু (হিন্দু) ভোটাৰ সংখ্যাধিক্য হৈ পৰে । ঐতিহাসিক অভয়াপুৰী চহৰক কেন্দ্ৰ কৰি নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টিত পূৰ্বৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত মাণিকপুৰ, দক্ষিণ অভয়াপুৰী সমষ্টিৰ যোগীঘোপা আৰু বঙাইগাঁও সমষ্টিৰ হিন্দু বসতি প্ৰধান কেবাটাও অঞ্চলক সামৰি লোৱা হয় ।

Outline of the highly respected Abhayapuri Assembly constituency in state
অভয়াপুৰী সমষ্টিৰ পৰিসীমা (ETV Bharat Assam)

অভয়াপুৰীৰ ৰাজনৈতিক ইতিহাস:

পূৰ্বৰ গোৱালপাৰা জিলাৰ অন্তৰ্ভুক্ত অভয়াপুৰী আছিল প্ৰাচীন বিজনী ৰাজ্যৰ ৰাজধানী ৷ ১৯৭৮ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে অভয়াপুৰী বিধানসভা সমষ্টি মূলতঃ ধৰ্মীয় সংখ্যাগুৰু লোকৰ বসতি প্ৰধান সমষ্টি হিচাপে পৰিচিত আছিল । ১৯৭৮ চনৰ পৰা অভয়াপুৰী সমষ্টিক দুটা ভাগত অৰ্থাৎ উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী (অনুসূচিত জাতি) বিধানসভা সমষ্টি নামেৰে গঠন কৰা হয় ।

Outline of the highly respected Abhayapuri Assembly constituency in state
অভয়াপুৰী সমষ্টিৰ গণেশ মন্দিৰ (ETV Bharat Assam)

১৯৮৯ চনৰ ২৯ ছেপ্টেম্বৰত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশ সামৰি গঠন হোৱা বঙাইগাঁও জিলাৰ অন্যতম অভয়াপুৰী নগৰ পূৰ্বতে ৪ টা ৱাৰ্ডৰে গঠিত আছিল যদিও ২০২১ চনত ১১ টা ৱাৰ্ডেৰে অভয়াপুৰী পৌৰসভা গঠন কৰা হয় । অভয়াপুৰী পৌৰসভাৰ ১১ খন আসনৰ ৮ খনেই বিজেপিয়ে দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে ১ খন আৰু দুখন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় অসম গণ পৰিষদ ।

Outline of the highly respected Abhayapuri Assembly constituency in state
বিধায়কৰ তালিকা (ETV Bharat Assam Gfx)

অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়কসকল:

  • ১৯৫১ হৰেশ্বৰ দাস (কংগ্ৰেছ)
  • ১৯৫৭ ড৹ ঘনশ্যাম দাস (কংগ্ৰেছ)
  • ১৯৬২ ড৹ ঘনশ্যাম দাস (কংগ্ৰেছ)
  • ১৯৬৬ ড৹ ঘনশ্যাম দাস (কংগ্ৰেছ)
  • ১৯৬৭ কন্দৰ্প বনিক্য (নিৰ্দলীয়)
  • ১৯৭২ অযোধ্যা ৰাম দাস (কংগ্ৰেছ)
  • ১৯৭৭ ৰবিন্দ্ৰ নাথ চৌধুৰী (জনতা দল)
  • ১৯৮৫ ৰত্নেশ্বৰ সৰকাৰ (নিৰ্দলীয়)
  • ১৯৯১ চন্দন কুমাৰ সৰকাৰ (কংগ্ৰেছ)
  • ১৯৯৬ ৰবিন বনিক্য (অগপ)
  • ২০০১ চন্দন সৰকাৰ (কংগ্ৰেছ)
  • ২০০৬ ৰবিন বনিক্য (অগপ)
  • ২০১১ চন্দন সৰকাৰ (কংগ্ৰেছ)
  • ২০১৬ অনন্ত কুমাৰ মালো (এ আই ইউ ডি এফ)
  • ২০২১ প্ৰদীপ সৰকাৰ ( কংগ্ৰেছ)

নিৰ্বাচিত বিধায়কসকলৰ চমু তথ্য:

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫১ চনত অনুস্থিত হোৱা ৰাজ্যৰ প্ৰথমটো বিধানসভা নিৰ্বাচনত গুৱাহাটীৰ হৰেশ্বৰ দাস কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে অভয়াপুৰীৰ প্ৰথম বিধায়ক হিচাবে নিৰ্বাচিত হয় । তেওঁ অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তীকালত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডঃ ঘনশ্যাম দাস বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

Outline of the highly respected Abhayapuri Assembly constituency in state
কন্দৰ্প বনিক্য (ETV Bharat Assam)

১৯৬১ আৰু ১৯৬৬ চনত ডঃ ঘনশ্যাম দাস পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় । কিন্তু ১৯৬৬ চনত ডঃ ঘনশ্যাম দাসে মাত্ৰ এবছৰৰ বাবে বিধায়ক হিচাপে কাৰ্যভাৰ হাতত লয় । কিয়নো ১৯৬৭ চনত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই নিৰ্বাচনত স্থানীয় নিৰ্দলীয় প্ৰাৰ্থী কন্দৰ্প বানিক্যই ডঃ ঘনশ্যাম দাসক পৰাস্ত কৰে । ইয়াৰ পিছত ১৯৭২ চনত অযোধ্যা ৰাম দাসে কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰে ৷

Outline of the highly respected Abhayapuri Assembly constituency in state
পূৰ্নেন্দু বনিক্য (ETV Bharat Assam)

উল্লেখযোগ্য যে ১৯৭৭ চনত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি অনুসুচীত জাতিৰ সংৰক্ষিত হিচাপে নতুন সমষ্টিৰ সৃষ্টি হয় । ১৯৭৮ চনত অনুস্থিত হোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰথমজন বিধায়ক হিচাবে ৰবীন্দ্ৰ নাথ চৌধুৰী জনতা দলৰ পৰা নিৰ্বাচিত হয় ।

১৯৮৫ চনত ৰবীন্দ্ৰ নাথ চৌধুৰীক হৰুৱাই নিৰ্দলীয় প্ৰাৰ্থী ৰত্নেশ্বৰ সৰকাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় । আনহাতে, দক্ষিণ অভয়াপুৰী সমষ্টিত ১৯৯১ চনত চন্দন কুমাৰ সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হয় । কিন্তু পৰৱৰ্তী ১৯৯৬ চনত অসম গণ পৰিষদৰ ৰবীন বনিক্যৰ হাতত তেওঁ পৰাস্ত হয় ।

Outline of the highly respected Abhayapuri Assembly constituency in state
ৰবীন বনিক্য (ETV Bharat Assam)

২০০১ চনত চন্দন কুমাৰ সৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় । একেদৰেই ২০০৬ চনত ৰবীন বনিক্য আৰু ২০১১ চনত চন্দন কুমাৰ সৰকাৰ পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ পদমৰ্যাদা লাভ কৰে । কিন্তু লক্ষণীয়ভাৱে ২০১৬ চনত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF)ৰ প্ৰাৰ্থী অনন্ত কুমাৰ মালোৰ হাতত মাত্ৰ ২৯১ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় মহা প্ৰতাপী চন্দন কুমাৰ সৰকাৰ ।

Outline of the highly respected Abhayapuri Assembly constituency in state
চন্দন কুমাৰ সৰকাৰ (ETV Bharat Assam)

২০১৯ চনত পিতৃ চন্দন কুমাৰ সৰকাৰৰ মৃত্যুৰ পিছত ২০২১ চনত তেওঁৰ বৰপুত্ৰ প্ৰদীপ কুমাৰ সৰকাৰক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াই আৰু প্ৰদীপ কুমাৰ সৰকাৰে অগপ প্ৰাৰ্থী পূৰ্নেন্দু বনিক্যক হৰুৱাই বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

Outline of the highly respected Abhayapuri Assembly constituency in state
প্ৰদীপ সৰকাৰ (ETV Bharat Assam)

২০২১ৰ ভোটৰ পৰিসংখ্যা:

২০২১ চনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ কুমাৰ সৰকাৰে লাভ কৰিছিল ১ লাখ ১২ হেজাৰ ৬ শ ৫৪ টা ভোট বিপৰীতে অসম গণ পৰিষদৰ পূৰ্নেন্দু বনিক্যই লাভ কৰিছিল ৬৫ হেজাৰ ৮শ ৬৯ টা ভোট । দুয়োৰে মাজত জয়ৰ হাৰ আছিল ৩২% ৷ শেহতীয়াকৈ যোৱা ২৭ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ১৬ নং অভয়াপুৰী সমষ্টিত মুঠ ভোটাৰ এক লাখ বিৰাশী হেজাৰ ছয়শ সাতষষ্ঠি গৰাকী ।

Outline of the highly respected Abhayapuri Assembly constituency in state
ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam Gfx)
  • পুৰুষ ভোটাৰ: ৯০৯৪৭ গৰাকী
  • মহিলা ভোটাৰ: ৯১৭১৮ গৰাকী

সেই অনুপাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত মুঠ জনসংখ্যাৰ অনুপাতে হিন্দু ভোটাৰ ৭৪.৪২ শতাংশ আৰু মুছলমান ভোটাৰ ২৫.১৫ শতাংশ চিহ্নিত কৰা হয় ।

Outline of the highly respected Abhayapuri Assembly constituency
ধৰ্মৰ ভিত্তিত ভোটৰ বিন্যাস (ETV Bharat Assam Gfx)

উল্লেখযোগ্য যে অভয়াপুৰী বিধানসভা সমষ্টিত ১৯৬৭ চনৰ পিছত কোনো এগৰাকী বিধায়কে একেলেথাৰিয়ে ১০ বছৰ বিধায়ক হিচাবে নিৰ্বাচিত হোৱা নাই । অভয়াপুৰীৰ ভোটাৰে এগৰাকী বিধায়কক ৫ বছৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰে যদিও পিছৰ ৫ টা বছৰ আন গৰাকীক নিৰ্বাচিত কৰে । সেই হিচাপে ২০২৬ টো বিধায়ক সলনি হোৱাটো একপ্ৰকাৰ নিশ্চিত ।

Outline of the highly respected Abhayapuri Assembly constituency in state
অভয়াপুৰী সমষ্টিৰ দৃশ্য (ETV Bharat Assam)

লগতে পঢ়ক: '৬৭ ত পিতৃ '২১ ত পুত্ৰ, ২০২৬ ত ? জানো আহক তেজপুৰ সমষ্টিক

অসমত কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত শেষ মোহৰ মাৰিব প্ৰিয়ংকা গান্ধীয়ে