ETV Bharat / politics

৩৮ কিঃমিঃ অসম-বাংলাদেশ সীমা কিয় উন্মুক্ত ? তাৰ কাৰণ ক'লে মন্ত্ৰী অতুল বৰাই

বিধানসভাত ন্যায়াধীশ বিপ্লব শৰ্মাৰ প্ৰতিবেদনৰ ৮০ টা দফা কাৰ্যকৰী কৰাৰ পথত বুলি উল্লেখ মন্ত্ৰী অতুল বৰাৰ ৷

INDO BANGLA BORDER IN ASSAM
৩৮.৯৫৯ কিঃমিঃ অসম-বাংলাদেশৰ সীমা উন্মুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 4:57 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অবৈধ প্ৰবজনকাৰীয়ে অসমত ব্যাপক জনগাঁথনিৰ সলনি কৰিছে বুলি সঘনাই চৰ্চাৰ মাজতে ভাৰত তথা অসম-বাংলাদেশ সীমান্ত ছীল কৰাৰ সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে ৷

ভাৰত তথা অসম-বাংলাদেশ সীমা সম্পূৰ্ণকৈ কাইটীয়া তাঁৰৰ বেৰা দিয় হ'লনে ? বৰ্তমান অসম-বাংলাদেশ সীমাৰ কিমান অংশ উন্মুক্ত হৈ আছে ? কিমান অংশ কাইটীয়া তাঁৰৰ বেৰা দিবলৈ আছে ? চলিত বিধানসভাত বিধায়ক অখিল গগৈ আৰু বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰে প্ৰশ্ন ৷

৩৮ কিঃমিঃ অসম-বাংলাদেশৰ সীমা উন্মুক্ত (ETV Bharat Assam)

দুই বিধায়কৰ প্ৰশ্নৰ উত্তৰত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰাই ৷ অসম বিধনসভা অধিৱেশনৰ তৃতীয়া দিনাখন বিধায়ক গগৈ আৰু দাসে উত্থাপন কৰা প্ৰশ্নৰ সন্দৰ্ভত উত্তৰ প্ৰদান কৰি মন্ত্ৰী বৰাই কয়," অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসম-বাংলাদেশ সীমান্ত ছীল কৰাটো চৰকাৰৰ প্ৰথম দায়িত্ব ৷ ন্যায়াধীশ বিপ্লব শৰ্মাৰ প্ৰতিবেদনৰ ৮০ টা দফা কাৰ্যকৰী কৰাৰ পথত ৷ যিটো অসমৰ খিলঞ্জীয়া ভূমপুত্ৰ সুৰক্ষাৰ বিষয়টো জৰিত হৈ আছে ৷"

মন্ত্ৰী বৰাই কয়,"অসম-বাংলাদেশৰ সীমাৰ পৰিমাণ হৈছে ২৬৭ কিঃমিঃ ৷ ইয়াৰে শ্ৰীভূমি জিলাই ৯৮.৩০ কিলোমিটাৰ, কাছাৰ জিলাই ২৭ কিলোমিটাৰ আৰু ধুবুৰী জিলাই ১৪১ কিলোমিটাৰ বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ হয় ৷ ইয়াৰে শ্ৰীভূমিত ৯৩.৯৫ কিলোমিটাৰ, কাছাৰত ২৭ কিলোমিটাৰ, ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাচৰত ১০৭ কিলোমিটাৰ কাইটীয়া তাঁৰৰ ব্যৱস্থা সম্পূৰ্ণ হৈছে ৷"

INDO BANGLA BORDER IN ASSAM
৩৮ কিঃমিঃ অসম-বাংলাদেশ সীমা কিয় উন্মুক্ত (ETV Bharat Assam)

ইফালে বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী বৰাই কয়,"মুঠ ২৬৭ কিঃমি দৈৰ্ঘ্যৰ সীমাৰ বৰ্তমান ৩৮.৯৫৯ কিঃমি কাইটীয়া তাঁৰৰ বেৰা দিবলৈ আছে ৷ নদী হোৱাৰ কাৰণে আৰু কিছু বিবাদমান এলেকেৰা বাবে উক্ত অঞ্চলত কাইটীয়া তাঁৰৰ বেৰা দিব পৰা নাই, লগতে কেন্দ্ৰীয় চৰকাৰ , গৃহমন্ত্ৰণালয়ৰ অধীনত পৰা বিষয়ৰ বাবে সেয়ে উক্ত অঞ্চলত বৰ্তমানো কাইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰিব পৰা নাই ৷"

তেওঁ লগতে কয়," এনডিএ চৰকাৰে কেতিয়াও অবৈধ প্ৰবজনকাৰীক অসমত আশ্ৰয় নিদিয়ে ৷ আমাৰ চৰকাৰ এই ক্ষেত্ৰত কঠোৰ ৷ সীমান্তত চিচিটিভি স্থাপন কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ ১৪ টা চেক পেষ্ট স্থাপন কৰা হৈছে সীমান্তত ৷

লগতে পঢ়ক: এইবাৰৰ পূৰ্ণাংগ বাজেট কেনে হ'ব? কি ক'লে জয়ন্ত মল্লবৰুৱাই