বিৰোধী ঐক্য গঠনত অনিশ্চয়তা; ১৫ খন আসন ৰাইজৰ দলক লাগিবই বুলি দাবী অখিল গগৈৰ
৩ খন আসন কংগ্ৰেছৰ পচন্দৰ মতে খেলিবলৈ সাজু ৰাইজৰ দল ।

Published : February 21, 2026 at 8:47 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই ৰাজ্যত বিৰোধী ঐক্য গঠনকলৈ উৎকণ্ঠা আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছে । বিৰোধী ঐক্য গঠনক লৈ আলোচনা কৰি আহিলেও এই ঐক্য গঠন হ'ব নে নাই সেই প্ৰশ্ন উত্থাপিত হৈছে । ৰাইজৰ দলৰ সভাপতিয়ে কংগ্ৰেছলৈ বল ঠেলি দিয়াৰ লগে লগে বিৰোধী ঐক্য় অনিশ্চিত হৈ পৰিছে ।
শনিবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কার্যলয়ত দলৰ নির্বাচনী মিত্ৰতা সম্পৰ্কীয় জৰুৰী বৈঠক অনুষ্ঠিত হয় । পুৱা ৯ বজাৰ আবেলি ৫ বজালৈ দলটোৰ এই ৰুদ্ধদাৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত বিৰোধী ঐক্য গঠন কৰাত কংগ্ৰেছ দলে বিলম্ব কৰা বুলি অভিযোগ কৰাৰ লগতে অহা দুদিনৰ ভিতৰতে আলোচনা কৰি মিত্ৰতা সন্দৰ্ভত চূড়ান্ত কৰাৰ বাবে আহ্বান জনাইছে ৰাইজৰ দলে ।
ৰাইজৰ দলে অনুষ্ঠিত কৰা বৈঠকৰ অন্তত এই সন্দৰ্ভত দলটোৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, " কংগ্ৰেছক ১৫ খন আসন বিচাৰিছে ৰাইজৰ দলে । মোক সভাপতি হিচাপে ১৫ খন পচন্দৰ আসন আজুৰি আনিবলৈ কাৰ্যনিৰ্বাহকে কৰ্তৃত্ব দিছে । ১৫ খন আসন আটাইকেইখন ৰাইজৰ দলৰ পচন্দৰ হ'ব লাগিব । যদি একেবাৰে নহয় তেন্তে ১২ খন হ'লেও পচন্দৰ আসন দিব লাগিব । ৩ খন আসন কংগ্ৰেছৰ পচন্দৰ মতে খেলিবলৈ আমি সাজু । যদি কংগ্ৰেছৰ লগত আসন বুজাবুজি নহয়, তেতিয়া সকলো সিদ্ধান্ত ল'ব পাৰিব দলৰ সভাপতিয়ে । এতিয়াও ১৫ খন কংগ্ৰেছে সন্মান সহকাৰে এৰি দিব । অহা দুই- তিনি দিনৰ ভিতৰত আসন বুজাবুজি কৰিবলৈ কংগ্ৰেছ দলক আহ্বান জনাইছো ।"

কংগ্ৰেছৰ শীৰ্ষনেতা জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈলৈ লিখা চিঠিৰ উত্তৰ এতিয়ালৈ পোৱা নাই বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, "কংগ্ৰেছ ডাঙৰ দল কাৰণে আমি ১০০ খন এৰি দি ১৫ খন আসনতে ৰৈছো ।" আনহাতে শনিবাৰে দিনজোৰাকৈ হোৱা এই জৰুৰী বৈঠকত নতুনকৈ ৰাইজৰ দলত যোগদান কৰা নেতা শ্বেৰমান আলি আহমেদ, আব্দুল ৰচিদ মণ্ডল, জ্ঞানশ্ৰী বৰা উপস্থিত থাকে ।

