ETV Bharat / politics

বিজেপিৰ ‘পইণ্ট-ব্লেংক শ্বট’ শীৰ্ষক ভিডিঅ’ক লৈ সৰৱ কংগ্ৰেছ

মুখ্যমন্ত্ৰীয়ে ৰাইফলেৰে দুজন ব্যক্তিক গুলীচালনা কৰাৰ ভিডিঅ' কিয় কৰিলে ডিলিট ।

Screengrab of Assam BJP's 'point-blank shot' video
বিজেপিৰ ‘পইণ্ট-ব্লেংক শ্বট’ শীৰ্ষক ভিডিঅ’ ((@kcvenugopalmp))
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 2:55 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুক কেন্দ্ৰ কৰি পুনৰ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী । ইয়াৰ মাজতেই ৰাজ্য়িক বিজেপিয়ে সামাজিক মাধ্যমত পোষ্ট কৰা এটা ভিডিঅ’ক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এই ভিডিঅ'টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পইণ্ট ব্লেংক ৰেঞ্জত সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা দেখা গৈছে । সেয়েহে এই বিষয়টোত ন্যায়পালিকাই ব্যৱস্থা ল’ব লাগিব বুলি কয় বিৰোধীয়ে ।

অৱশ্য়ে এই ভিডিঅ’ ইয়াৰ পিচতেই ডিলিট কৰা হৈছে । ডিলিট হোৱা ভিডিঅ’টোত দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইফলৰে দুজন ব্যক্তিৰ ওপৰত গুলীচালনা কৰিছে । এই ব্য়ক্তি দুজনৰ এজনে মূৰত টুপী পিন্ধিছে আৰু আনজনৰ দাড়ি আছে । উল্লেখ্য় যে এই ‘পইণ্ট-ব্লেংক শ্বট’ শীৰ্ষক ভিডিঅ’টোত ‘কোনো দয়া নাই’ আৰু ‘বিদেশীমুক্ত অসম’ আদি কেপচন দিয়া হৈছে ।

ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ভিডিঅ’টোক লৈ সৃষ্টি হৈছে বিতৰ্কৰ । ৰাজ্যত বাঙালী মূলৰ মুছলমানক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে । এই ভিডিঅ'ক লৈ উত্তেজনাৰ মাজতে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে ।

ভিডিঅ'টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় প্ৰযুক্তি বিদ্য়া মন্ত্ৰী অশ্বিনী বৈষ্ণৱক টেগ কৰি নিজৰ এক্স হেণ্ডেলত লিখিছে, "লজ্জাজনক । যিয়ে এই বিজ্ঞাপনটো প্ৰস্তুত কৰিছে তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা উচিত । আপোনালোকে কাম কৰিব লাগিব ।"

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে বিজেপিক 'গণহত্যাকাৰী' বুলি অভিহিত কৰি 'বিহ, ঘৃণা আৰু হিংসা'ৰ বাবে প্ৰধানমন্ত্ৰী মোদীক দোষাৰোপ কৰি আইনী ব্যৱস্থা কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'POINT BLANK SHOT' বুলি কেপচন দি মুছলমান পুৰুষক গুলীয়াই হত্যা কৰা ভিডিঅ'টো ডিলিট কৰাটোৱেই যথেষ্ট নহয় । প্ৰকৃততে বিজেপি কোন সেয়াই হৈছে: গণহত্যাকাৰী । এই বিহ, ঘৃণা আৰু হিংসা আপোনাৰ ওপৰত আছে মোদী ডাঙৰীয়া । আদালত আৰু অন্যান্য প্ৰতিষ্ঠানবোৰ কুম্ভকৰ্ণ নিদ্ৰাত নেকি ?"

কংগ্ৰেছৰ সাংসদ তথা সংগঠনৰ দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেণুগোপালেও এইক্ষেত্ৰত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এই ভিডিঅ’টোক 'গণহত্যাৰ আহ্বান'আৰু 'এই ফেচিষ্ট শাসনে দশক দশক ধৰি আশ্ৰয় লৈ অহা সপোন'বুলি মন্তব্য় কৰি কয়, 'এইটো শীৰ্ষৰ পৰা বিয়পি পৰা বিহ' । বেণুগোপালে আদালতৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিন্দা নকৰে বা ব্যৱস্থা গ্ৰহণ নকৰে;কিন্তু ন্যায়পালিকাই কোনো ধৰণৰ নৰম ভাব দেখুৱাব নালাগে।

কংগ্ৰেছ নেতা শ্বামা মহম্মদে এক্সত এটা পোষ্টত কয়,"@narendramodi, আপুনি “সবকা সাথ, সবকা বিকাশ"ৰ কথা কয়; কিন্তু আপোনাৰ প্ৰিয় ব্যক্তি হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' বনাই মুছলমানক গুলীয়াই থকা বিজেপি অসমৰ অফিচিয়েল হেণ্ডেলৰ পৰা পোষ্ট কৰাইছিল । এয়া ভাৰতীয় সংবিধানৰ ওপৰত আক্ৰমণ । মই স্তম্ভিত হৈছো যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰৱ দৰ্শক হিচাপে কাম কৰি আছে ।" শিৱসেনাৰ (ইউ বি টি)সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও বিজেপিক গৰিহণা দিছে ।

লগতে পঢ়ক:গৌৰৱ গগৈৰ পাকিস্তান সংযোগ : এছ আই টিৰ প্ৰতিবেদন দেওবাৰে ৰাজহুৱা কৰাৰ সিদ্ধান্ত কেবিনেটৰ

আমি মিঞাক খেদিছোঁ, কংগ্ৰেছে আকৌ মিঞাক লৈ বটদ্ৰৱাত সোমাইছে : পীযুষ হাজৰীকা