ETV Bharat / politics

পুৰণা বস্তুক নতুন ৰূপ দি নিৰ্বাচনী কৌশল ৰচিছে মুখ্যমন্ত্ৰীয়ে; দেৱব্ৰত শইকীয়া

মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত লাভ কৰা প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কংগ্ৰেছৰ ।

Opposition leader Debabrata Saikia
বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 9:53 AM IST

4 Min Read
Choose ETV Bharat

নলবাৰী : পুৰণা বস্তুক নতুন ৰূপ দি নিৰ্বাচনী কৌশল ৰচিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মানুহক আঁভুৱা ভাৰিবলৈকে এই কাম কৰিছে চৰকাৰে । ৰাজ্য় চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জনকল্যাণমূলক আঁচনি সোমবাৰে মুখ্য়মন্ত্ৰীয়ে শুভাৰম্ভ কৰাৰ পিচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

এইদৰে চৰকাৰে ভোট কিনাৰ চেষ্টা চলাইছে :

খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰি থকা ৰেচন কাৰ্ডপ্ৰাপ্ত প্ৰতিটো পৰিয়ালে নৱেম্বৰৰ পৰা মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত লাভ কৰিব । এই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতি শইকীয়াই কয়, "চৰকাৰে দাইল,চেনি, নিমখ বিতৰণ কৰাটো পুৰণি বস্তু । চৰকাৰে এনেকৈ বিজ্ঞাপন দিছে যে অসমৰ ৰাইজক এয়া আঁভুৱা ভাৰিছে । যিবোৰ বস্তু বিতৰণ কৰিছে সেয়া ৰেচন কাৰ্ডত লিখা আছে । এই সকলোবোৰ সামগ্ৰীৰ নাম উল্লেখ আছে কাৰ্ডত । পূৰ্বতে এয়া বিতৰণ হৈছিল; কিন্তু বিজেপি চৰকাৰে বহিৰাগত বনিয়া পুঁজিপতি গোষ্ঠীক লুণ্ঠন কৰাৰ সুবিধা দিবলৈ বিগত ১০ বছৰে মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সেয়া বিতৰণ নকৰি, এতিয়া নিৰ্বাচনৰ পূৰ্বে ১০০ টকাৰে সকাহ দি ৰাইজৰ পৰা ভোট কিনাৰ চেষ্টা চলাইছে । ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব । ৰাইজে যদি বিগত ১০ বছৰে চৰকাৰী সাহাৰ্য নোপোৱাকৈও দাইল খাব পাৰিছে, আগন্তুক ছমাহো খাব পাৰিব সেয়া নিশ্চিত ।"

বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

আঁচনিৰ বিজ্ঞাপনেৰে নিউজ চেনেলক ব্য়স্ত ৰাখিছে :

বিহু আৰু পূজাত অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাত দেবব্ৰত শইকীয়াই কয়,"যিটো চিলিণ্ডাৰ কংগ্ৰেছৰ দিনত আঢ়ৈশ টকা আছিলে , এতিয়া ৮০০ টকা হ'ল । কংগ্ৰেছৰ দিনত ২০ টকাৰ চাউল এতিয়া ৬০ টকা হ'ল, ৩০ টকাৰ দাইল এতিয়া ১০০ টকা হ'ল । ইয়াত অৰুণোদয়ৰ ১২০০ টকাই কি কাম দিব ? তেওঁলোকে ভাল দিন আহিব, মূল্যবৃদ্ধি কমিব বুলি কৈ এতিয়া মূল্যবৃদ্ধি বছৰে বছৰে কৰি বনিয়া ব্যৱসায়িক ধনী কৰি দুখীয়াৰ পেটত গামোচা পিন্ধালে । এইবিলাক আঁচনিৰ বিজ্ঞাপনেৰে বাতৰি কাকত আৰু নিউজ চেনেলক ব্যস্ত ৰখাই গণতান্ত্ৰিক হত্যাৰ প্ৰচেষ্টা চলাইছে ।"

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰে লিংক সম্পৰ্কত ১০ ছেপ্টেম্বৰত SIT ৰ তথ্য় সদৰী কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু মখ্যমন্ত্ৰীয়ে আজিও এই তথ্য অপ্ৰকাশ্যৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে প্ৰতি মাহৰ ১০ তাৰিখত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে । সেইমৰ্মে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত ১০ নৱেম্বৰত অসমৰ ভিন্ন জিলাত একোখনকৈ যোগদান সভাৰ আয়োজন কৰে কংগ্ৰেছ দলটোৱে । সোমবাৰে পুৱা মহানগৰীৰ মানৱেন্দ্ৰ শৰ্মা ভৱনত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান সভাৰে শুভাৰম্ভ হৈ বিয়লি, সন্ধিয়াৰ ভাগলৈ অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় দলটোৰ যোগদান কাৰ্যসূচী ।

Congress joining meeting in Nalbari
অসম প্ৰদেশ কংগ্ৰেছৰ যোগদান সভা (ETV Bharat Assam)

সোমবাৰে নলবাৰী জিলাতো অনুষ্ঠিত হয় দলটোৰ যোগদান সভা । সভাত অগপ, বিজেপি, এজেপি আৰু ভিন্ন দল- সংগঠন তথা ৰাজনৈতিক দলৰ বহু নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে । উক্ত যোগদান সভাখন নলবাৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় । এই সভাৰ পিচতেই বিৰোধী দলপতি শইকীয়াই এইদৰে মন্তব্য় কৰে ।

আমাৰ দেশখনেই যুৱকৰ দেশ:

ইপিনে,কংগ্ৰেছৰ সভাপতিগৰাকী সৰু ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই কয়, "আমাৰ দেশখনেই যুৱকৰ দেশ । গতিকে যুৱ প্ৰজন্মক সুযোগ দিবলৈ সকলোৱে কয় । আমাৰ ৫০ শতাংশতকৈও বেছি যুৱক আছে । যদি কোনো যুৱকক সুযোগ দিয়া হয় তাত কোনেও আপত্তি কৰিব নালাগে । মুখ্যমন্ত্ৰীয়ে কিয় আপত্তি কৰিছে মই নাজানো ; কিন্তু গৌৰৱ গগৈৰ লগত সকলো জ্য়েষ্ঠ নেতা আছে । সকলোৱে দিহা পৰামৰ্শ দিব । সেইমৰ্মে গোৰৱ গগৈয়ে দলটো আগুৱাই নিব আৰু কংগ্ৰেছ দলে আগন্তুক সময়ত জয়লাভ কৰিব ।"

উক্ত সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ্যূৎ কুমাৰ ভূঞা , অৰুণ তিৱাৰী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰঞ্জন ডেকা, বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিব্যজ্যোতি হালৈ, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আদি ।

লগতে পঢ়ক:১০০ টকাতে তিনিবিধ সামগ্ৰী যোগান ধৰিব চৰকাৰে : মুখ্য়মন্ত্ৰী

ৰেচন কাৰ্ডত ৰাজসাহায্যৰে তিনিবিধ সামগ্ৰী : কিমান টকা দৰত কি কি সামগ্ৰী কেতিয়া লাভ কৰিব