এছ আৰৰ যোগেদি অসমত বিষবাষ্প বিয়পাবলৈ বিচৰা হৈছে : বিৰোধীয়ে মুখ্য নিৰ্বাচনী বিষয়াক দিলে স্মাৰক পত্র
বিজেপিৰ বিৰুদ্ধে এছ আৰৰ নামত লাখ লাখ ভোটৰৰ নাম কৰ্তনৰ অভিযোগ বিৰোধীৰ । ।

Published : January 25, 2026 at 6:24 PM IST
গুৱাহাটী: এছ আৰৰ নামত অসমত বিজেপিয়ে লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিসন্ধি ৰচনা কৰিছে । এই অভিযোগ বিৰোধী দলৰ । দেওবাৰে বিৰোধী দলসমূহে যৌথভাৱে এছ আৰৰ নামত ভোট চুৰিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে এই সমস্ত ঘটনাৰ তদন্ত দাবী কৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে । লগতে তেওঁলোকে এই কাৰ্যত জড়িত দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।
কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই এম আৰু চি পি আই এম এল দলে যৌথভাৱে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে । স্মাৰক পত্র প্ৰদানৰ পূৰ্বে বিৰোধী দলৰ নেতৃত্বই যৌথভাৱে দিছপুৰৰ নতুন বিধায়ক আৱাসৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "এছ আৰৰ যোগেদি অসমত বিষবাষ্প বিয়পাবলৈ বিচৰা হৈছে । নিৰ্বাচন আয়োগৰ দায়িত্ব হৈছে এখন শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় নাগৰিকৰ বাবে প্ৰস্তুত কৰি গণতন্ত্রক মজবুত কৰা । এই ব্যৱস্থাটো ৰাজনীতিকৰণ কৰা হৈছে আৰু নাগৰিকসকলৰ মাজত বিভাজন আনিব বিচৰা হৈছে । ৰাহুল গান্ধীয়ে ইতিমধ্যে ভোট চুৰিৰ কথাটো উদঙাই দিছে । লাখ লাখ মানুহৰ নাম কৰ্তন কৰি অচিনাকী মানুহৰ নাম অন্তৰ্ভুক্ত কৰি যোৱা সময়ছোৱাত বিজেপিয়ে বিভিন্ন ৰাজ্যত গণতন্ত্রক নিশেষ কৰাৰ চেষ্টা কৰিছিল ।"
শইকীয়াই কয়,"বহু ঠাইত সফলো হৈছিল । এই ভোট চুৰি বৰ্তমান আমি অসমৰ ক্ষেত্রত দেখা পাইছোঁ । ইয়াত নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে । বিশেষকৈ সংখ্যালঘু ভোটাৰৰ ক্ষেত্রত বহুখিনি দেখা গ'ল । শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত এজনো সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাত নাছিল । এজনো ডি ভোটাৰ নাছিল । শিৱসাগৰত আজান পীৰ, বাঘ হাজৰিকাৰ পৰিয়ালৰ বহু মানুহ আছে । বিভিন্ন উপাধিৰ মানুহ আছে আৰু এই উপাধিবোৰ ৰজাদিনীয়া উপাধি । ৰজাই কামৰ ভিত্তিত উপাধি দিছিল ।"
তেওঁ আৰু কয়, "সেই অঞ্চলৰ বহুত মানুহক এতিয়া সন্দেহ কৰি বি এল অ'ৰ এপত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে । অভিযোগ দিছে বিজেপিৰ মানুহে । অনুৰূপ ঘটনা বিভিন্ন ঠাইত দেখা গৈছে । অসমত বহু লোকৰ নাম কৰ্তন কৰা হৈছে । এই সকলো বিলাক খেলিমেলি নিৰ্বাচন আয়োগে নিয়ম অনুসৰি ২১ দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে । কিন্তু অসমত সময় দিয়া হোৱা নাই । অভিযোগসমূহ সময়মতে নিষ্পত্তি নকৰিলে আগন্তুক নিৰ্বাচনত বহু ভোটাৰে ভোট দিবলৈ সক্ষম নহ'ব পাৰে । যাৰ বাবে আজি মুখ্য নিৰ্বাচনী বিষয়াক আমি বিৰোধী দলে এই আপত্তিসমূহ দিম ।"

সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, "বিজেপিয়ে এই নিৰ্বাচন প্ৰহসনত পৰিণত কৰিছে । নিৰ্বাচনটো নিজৰ আয়ত্তলৈ অনাৰ ষড়যন্ত্র কৰিছে । বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্ত্রী অশোল সিংহলক ৬ লাখ ভোট কৰ্তনৰ দায়িত্ব দিছে । সকলো বিধায়কক বিজেপিক ভোট নিদিয়া ভোটাৰৰ তালিকা দিবলৈ নিৰ্দেশ দিছে । বিজেপিয়ে বাহিৰৰ ভোটাৰ আনি নিৰ্বাচন খেলাৰ ষড়যন্ত্র কৰিছে ।"
গগৈয়ে কয়, "বকো সমজিলা কাৰ্যালয়ত চাৰিজন বিজেপি নেতাই ভোটাৰ তালিকা সলনি কৰাৰ ঘটনা ৰাজহুৱা হৈছে । অবৈধভাৱে ভোটাৰ তালিকা সলনি কৰি আছিল । জিলা আয়ুক্তৰ সহায় নোহোৱাকৈ এইটো কেনেকৈ সম্ভৱ । শিৱসাগৰ জিলাত ৭৫ হাজাৰ মানুহৰ বিৰুদ্ধে আপত্তি দিয়া হৈছে । বিজেপিৰ বুথ কমিটীৰ সদস্যই আপত্তি দিছে । শিৱসাগৰ জিলাত গৰিয়া আৰু মৰিয়া মানুহ আছে । মিঞা শিৱসাগৰত নাই । কিন্তু তথাপিও ৭৫ হাজাৰ লোকৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে । অনলাইনতো অভিযোগ দিছে ।"
এই সন্দৰ্ভতে তেওঁ পুনৰ কয়, "অসমত লাখ লাখ লোকৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে । সময় দিয়া হৈছে ২ ফেব্ৰুৱাৰীৰ ভিতৰত । ২১ দিনৰ সময়সীমা দিয়া হোৱা নাই । এই অভিসন্ধি বন্ধ কৰাৰ দাবী জনাইছোঁ । নহ'লে এই নিৰ্বাচন খেলা-নেখেলা একেই কথা । এই কাৰ্য বন্ধ নকৰিলে প্ৰৱল আন্দোলন গঢ়ি তোলিব লাগিব । নহ'লে নিৰ্বাচন বৰ্জন কৰিব লাগিব । এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব ।"
সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়,"বিজেপিৰ বাবে আগন্তুক নিৰ্বাচন জয়ীৰ বিকল্প হৈছে ভোট চুৰি কৰা । অসমৰ ৰাইজৰ সাংবিধানিক অধিকাৰ চুৰি কৰাৰ বাবে বিজেপি উঠিপৰি লাগিছে । জনগণ এতিয়া তেওঁলোকৰ পক্ষত নাই । যাৰ বাবে ভোট চুৰিত লাগিছে । যিসকল লোক তেওঁলোকৰ লগত নাই সেইসকলৰ নাম কৰ্তন কৰিব লাগে । সমজিলাৰ কাৰ্যালয় বিজেপিৰ কাৰ্যালয়ৰ দৰে ব্যৱহাৰ কৰিছে । ভুৱা অভিযোগ দিয়া হৈছে ।"
তেওঁ কয়,"ভুৱা অভিযোগ দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । চৰকাৰী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব লাগিব । অন্যথা এই নিৰ্বাচনৰ কোনো মূল্য নাথাকিব । স্বচ্ছ আৰু নিকা নিৰ্বাচন নহ'ব । আমি ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছোঁ । নিৰ্বাচন আয়োগে এইক্ষেত্রত মৌনতা ত্যাগ কৰি ব্যৱস্থা গ্ৰহণ কৰা উচিত ।"
আনহাতে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়,"সংবিধানৰ শপত লৈ মুখ্যমন্ত্রী হোৱা হিমন্ত বিশ্ব শৰ্মাই মুছলমানক জুলুম কৰিম বুলি কৈছে । ভোট চুৰিৰ এই প্ৰক্ৰিয়াটো হিমন্ত বিশ্ব শৰ্মাৰ ডিজাইন । বিজেপিক ভোট নিদিয়াসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্র কৰা হৈছে । অভিযোগসমূহ অদ্ভুত । বি এল অ'ৰ বিৰুদ্ধেই অভিযোগ দিছে । বিজেপিয়ে নিৰ্বাচনটোক প্ৰহসনত পৰিণত কৰাৰ চক্ৰান্ত কৰিছে । আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।" সংবাদমেলৰ পাছতে তেওঁলোকে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ গৈ স্মাৰক পত্র প্ৰদান কৰে ।

