ETV Bharat / politics

ৰজাৰ যুগ শেষ হৈ অসমত ৰাইজৰ যুগ আৰম্ভ হ’ব : গৌৰৱ গগৈ

অসমত বিহাৰ-ইউ পিৰ পৰা বাছত বিজেপি, আৰ এছ এছৰ কৰ্মী আনি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে । নগাঁৱত গৌৰৱ গগৈৰ মন্তব্য ।

congress samvidhan Yatra Nagaon
নগাঁৱত কংগ্ৰেছৰ সংবিধান যাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 5:00 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : সংবিধান দিৱস উপলক্ষে কংগ্ৰেছে গ্ৰহণ কৰিছে সংবিধান সুৰক্ষা যাত্ৰা । বুধবাৰে নগাঁও জিলা কংগ্ৰেছ আৰু সেৱাদলৰ উদ্যোগত নগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰে সংবিধান সুৰক্ষা যাত্ৰা । নগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা সংবিধান সুৰক্ষা যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয় ।

বুধবাৰে নগাঁও কলেজ চ’কৰ মতিৰাম বৰা ক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা সংবিধান সুৰক্ষা যাত্ৰাত হাতে হাতে দেশৰ সংবিধান লৈ পদযাত্ৰা কৰে গৌৰৱ গগৈৰ লগতে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে ।

নগাঁৱত কংগ্ৰেছৰ সংবিধান যাত্ৰা (ETV Bharat Assam)

সংবিধান সুৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “যিসকলে ৰজাৰ দৰে থাকিবলৈ বিচাৰে তেওঁলোকক মনত পেলাই দিব বিচাৰোঁ যে অসমত ৰজাৰ শাসন শেষ হৈ এতিয়া ৰাইজৰ শাসন আৰম্ভ হ’ব । কংগ্ৰেছ দল সদায় ৰাইজৰ লগত থাকিব । সংবিধান দিৱস উপলক্ষে কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত স্থানীয় ৰাইজৰ লগত চর্চা কৰিলোঁ । ইয়াৰ মূল অংশ হৈছে বৰ্তমান অসমত ভুৱা ভোটাৰ তালিকাৰ এটা প্ৰচেষ্টা বিজেপি দলে হাতত লৈছে ।"

তেওঁ লগতে কয়, "যিদৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ যোগেদি সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ তেওঁলোকে আৰম্ভ কৰিলে, একেদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পৰাজয়ক লৈ নিশ্চিত হৈ পুনৰবাৰ শংকিত হৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ কাষ চাপি অসমৰ ভিতৰত ভুৱা ভোটাৰ তালিকা সৃষ্টি কৰিব বিচাৰিছে । ইতিমধ্যে আমাৰ কাণত পৰিছে অসমৰ বিভিন্ন অঞ্চলত ইউ পি-বিহাৰৰ পৰা বিজেপি কৰ্মী বাছত ভৰাই গাঁৱৰ ভিতৰত সোমুৱাইছে, ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছে এটা অভিযান আৰম্ভ কৰিছে । সেয়া হৈছে অসমৰ ভৱিষ্যত অসমৰ হাতত । যাৰ ফলত আমাৰ ৰাজনৈতিক ভৱিষ্যত ইউ পি-বিহাৰৰ বিজেপি, আৰ এছ এছ কৰ্মীয়ে নিৰ্ধাৰণ কৰিব নোৱাৰিব । অসমৰ ভোটাৰেহে নিৰ্ণয় কৰিব ।”

congress samvidhan Yatra Nagaon
নগাঁৱত কংগ্ৰেছৰ সংবিধান যাত্ৰা (ETV Bharat Assam)

এজন ভোটাৰৰ দুই-তিনি ঠাইত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, “এই কাম বিজেপি চৰকাৰৰ । ইচ্ছা কৰিলে এটা বুটাম টিপিয়েই সকলো ধৰা পেলাব পাৰে । ছফ্টৱেৰৰ জৰিয়তে শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ আমি দাবী জনাইছোঁ ।”

আনহাতে, জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি জুবিন গাৰ্গৰ হত্যা হৈছে তেন্তে কোনগৰাকী শক্তিশালী ব্যক্তিয়ে এই গোটেই পৰিকল্পনা কৰিলে তাৰ পৰিচয় ফাদিল হোৱাটো আমি বিচাৰোঁ ।”

সংবিধান সুৰক্ষা যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ ৰকিবুল হুছেইনেও জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, “এইজন মুখ্যমন্ত্ৰীয়েই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে বুলি কৈছিল । আজি এটা কথা, কালি এটা কথা। এতিয়া ৰাইজৰ হেঁচাত এইদৰে ক'বলৈ বাধ্য হ’ল । সময় আছে, আমি তেওঁৰ কথাৰেই এটা এটা উত্তৰ দিম ।"

উল্লেখ্য যে নগাঁও কলেজ পইণ্টৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ সংবিধান সুৰক্ষা যাত্ৰাত সহস্ৰাধিক দলীয় নেতা, কর্মীৰ সৈতে নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে ।

লগতে পঢ়ক :বিজেপিয়ে ৮৩ৰ ঘটনাক লৈ আকৌ সমাজত এটা উত্তেজনা সৃষ্টি কৰিব খুজিছে, ক’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে
লগতে পঢ়ক :জুবিন গাৰ্গৰ হত্যাৰ মাষ্টাৰমাইণ্ড কোন: গৌৰৱ গগৈৰ প্ৰশ্ন