ETV Bharat / politics

ব্যৱসায়ীৰ পৰা বিধায়কলৈ: ওড়িশাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ ৮৩,৭৪৮ ভোটৰ ব্যৱধানত জয়

নিৰ্বাচনী ফলাফল অনুসৰি কংগ্ৰেছ দ্বিতীয় আৰু বিজেডি তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হয় ৷

NUAPADA BY ELECTION RESULTS 2025
জয় ঢোলাকিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 7:28 PM IST

3 Min Read
Choose ETV Bharat

নুৱাপাড়া: ওড়িশাৰ নুৱাপাড়া বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ বিজয়ধ্বজা ৷ ৮৩,৭৪৮ টা ভোটৰ ব্যৱধানত ঐতিহাসিক জয় লাভ কৰিলে বিজেপি প্ৰাৰ্থী জয় ঢোলাকিয়াই ৷ আনহাতে, নিৰ্বাচনী ফলাফল অনুসৰি কংগ্ৰেছে দ্বিতীয় আৰু বিজেডিয়ে তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হয় ৷

চূড়ান্ত ফলাফল

বিজেপিৰ জয় ঢোলাকিয়া: 1,23,869 টা ভোট লাভ

কংগ্ৰেছৰ ঘছিৰাম মাঝি: 40,121 টা ভোট লাভ

বিজেডিৰ স্নেহাংগিনী ছুৰিয়া: 38,408 টা ভোট

নিশাটোৰ ভিতৰতে ৩২ বছৰীয়া ব্যৱসায়ী জয় ঢোলাকিয়া বিধায়কত পৰিণত হয় ৷ জয় ঢোলাকিয়া প্ৰয়াত বিজেডি নেতা ৰাজেন্দ্ৰ ঢোলাকিয়াৰ পুত্ৰ । তেওঁৰ পিতৃ ৰাজেন্দ্ৰ ঢোলাকিয়াই বিজেডি চৰকাৰত চাৰিবাৰৰ বিধায়ক আৰু মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

অৱশ্যে জয়ে ৰাজনীতিৰ পৰা আঁতৰি ব্যৱসায় চম্ভালিছিল । পিতৃ ৰাজেন্দ্ৰ ঢোলাকিয়াৰ মৃত্যুৰ পিছত জয় ঢোলাকিয়াই ৰাজনীতিত প্ৰৱেশ কৰে । ১১ অক্টোবৰত তেওঁ বিজেপিত যোগদান কৰে । পৰৱৰ্তী সময়ত তেওঁ বিজেপিৰ টিকট লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷

নুৱাপাড়াক বিজেডিৰ দুৰ্গ হিচাপে গণ্য কৰা হয় । বিগত দুটা দশকৰ নিৰ্বাচনৰ ফলাফলৰ পৰা বিচাৰ কৰিলে দেখা যায় যে বিজেডিয়ে ইয়াত তিনিবাৰকৈ জয়লাভ কৰিছে । অৱশ্যে এইবাৰ বিজু জনতা দলে বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছে ৷ বিজেডিৰ সভাপতিৰ জোৰদাৰ প্ৰচাৰ অভিযানে নিৰ্বাচনত কোনো সহায় নকৰিলে । মুখ্যমন্ত্ৰী নবীন পাটনায়কে দুবাৰকৈ নুৱাপাড়ালৈ গৈ বিজেডিৰ প্ৰাৰ্থী স্নেহাংগিনী ছুৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল । প্ৰথমে কমনাত নিৰ্বাচনী সভা আৰু তাৰ পিছত নুৱাপাড়াত ৰোড শ্ব’ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ পিছতো ভোটাৰৰ মন জয় কৰিব নোৱাৰিলে পাটনায়কে ।

কংগ্ৰেছ প্ৰাৰ্থী-বিধায়কৰ সপোন আধৰুৱা

কংগ্ৰেছ প্ৰাৰ্থী ঘছিৰাম মাঝিৰ বিধায়ক হোৱাৰ সপোন এইবাৰো আধৰুৱা হৈয়ে ৰ’ল ৷ পাঁচবাৰকৈ নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা ঘছিৰামে এইবেলি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বুলি আত্মবিশ্বাসী আছিল ।

ইয়াৰ পূৰ্বে ই টিভি ভাৰতক দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁৰ নিৰ্বাচনত জয় লাভ কৰাটো ২০০০ শতাংশ সম্ভাৱনা আছে ৷ অৱশ্যে ঘছিৰামৰ সেই সপোন এইবাৰো আধৰুৱা হৈ ৰ’ল ৷

এইবেলি নিৰ্বাচনত নুৱাপাড়াত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱা দেখা যায় । বিজেপি, বিজেডি, কংগ্ৰেছৰ মাজতে মূল যুঁজ হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে ভৱিষ্যদ্বাণী কৰা হৈছিল । আনকি প্ৰচাৰৰ অন্তিম দিনটোতো তিনিওটা দলে নিজৰ নিজৰ প্ৰদৰ্শনক লৈ আশাবাদী আছিল ৷ সেই লৈ যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । অৱশ্যে বিজেপিয়ে ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হয় ৷

যাৰ বাবে নুৱাপাড়াৰ পৰা বিজয়ৰ শেষ হাঁহি মাৰে বিজেপি প্ৰাৰ্থী জয় ঢোলাকিয়াই । এই জয়ত নুৱাপাড়াৰ পৰা ৰাজধানী ভূৱনেশ্বৰলৈকে উল্লাসিত হৈ পৰে বিজেপি কৰ্মীসকল ।

লগতে পঢ়ক: বাস্তৱ হ'ল সপোন ! বিধায়ক হ'ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ