ETV Bharat / politics

সমগ্ৰ দেশবাসীক অপমান কৰিছে মল্লিকাৰ্জুন খাৰ্গেই: ৰিজিজু

নিৰ্বাচন আয়োগৰ ৰোষত পৰিব নেকি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ? নিৰ্বাচন আয়োগৰ কাষ চাপিছে বিজেপি নেতৃত্ব ৷

Kiren Rijiju
সমগ্ৰ দেশবাসীক অপমান কৰিছে মল্লিকাৰ্জুন খাৰ্গেই (ANI)
author img

By ANI

Published : April 22, 2026 at 1:55 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী সন্ত্ৰাসবাদী বুলি আখ্যা দিয়া কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জে'ললৈ যাব লাগিব নেকি ? কিয়নো এইবাৰ খাৰ্গেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিছে বিজেপিৰ নেতৃত্ব ৷ বুধবাৰে নিৰ্বাচন আয়োগৰ বিষয়ববীয়াক সাক্ষাৎ কৰে বিজেপিৰ একাংশ নেতাই ৷ সেই দলটোত আছিল কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালসহ কেইবাগৰাকী বিজেপি নেতা ৷

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয়, "খাৰ্গেই প্ৰধানমন্ত্ৰী মোদীক এগৰাকী সন্ত্ৰাসবাদী বুলি অভিযোগ কৰা মানে দেশবাসীক অপমান কৰিছে ৷ সেয়ে আমি নিৰ্বাচন আয়োগক সকলো অৱগত কৰিছো আৰু কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দেশবাসীৰ আগত ক্ষমা খুজিব লাগে ৷"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়,"এই বিষয়টো বিজেপিৰ বিষয় নহয় ই বৰঞ্চ ৰাষ্ট্ৰৰ বিষয় ৷ দেশবাসীয়ে প্ৰধানমন্ত্ৰী বুলি সম্বোধন কৰে, কিন্তু কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী বুলি উল্লেখ কৰি গণতন্ত্ৰক আঘাত কৰিছে ৷ মই ভাবো যিকোনো দলে প্ৰধানমন্ত্ৰী পদক লৈ এইধৰণৰ অপমানসূচক মন্তব্য কৰা উচিত নহয় ৷"

তেওঁ কয়, "প্ৰধানমন্ত্ৰী কোনো নিৰ্দিষ্ট দলৰ নহয়, তেওঁ সমগ্ৰ দেশৰ ৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নাগৰিকে তেওঁক নিৰ্বাচিত কৰিছে ৷ কিন্তু কংগ্ৰেছে প্ৰধানমন্ত্ৰীক বিষাক্ত সাপ, সন্ত্ৰাসবাদী বুলি সমালোচনা কৰে ৷ সেয়ে আমি নিৰ্বাচন আয়োগক অনুৰোধ জনাইছো যে যদি কোনো ৰাজনৈতিক দলে এনে শব্দ ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি লাগে ৷ এইটো বিজেপিৰ সমস্যা নহয়, কিন্তু গণতন্ত্ৰতৰ বাবে ই বৃহৎ প্ৰত্যাহ্বান ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷"

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, "কংগ্ৰেছৰ সভাপতি খাৰ্গেই প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদী বুলি মন্তব্য কৰি চৰম অপমান কৰিছে ৷ দেশৰ কেইবাখনো ৰাজ্যত চলি থকা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীক এইদৰে কংগ্ৰেছে সমালোচনা কৰাৰ এটাই উদ্দেশ্য আছিল ভোটবেংক ৷ সেয়ে কংগ্ৰেছে বাৰে বাৰে প্ৰধানমন্ত্ৰীক লৈ আপত্তিজনক শব্দ ব্যৱহাৰ কৰি আহিছে ৷"

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদী এগৰাকী সন্ত্ৰাসবাদী ! কংগ্ৰেছ নেতাৰ মন্তব্যৰ পিছতে বিজেপি নেতাই ধৰিলে উভতি