সকলো বিধায়কে যে পুনৰ টিকট পাব তাত কোনো নিশ্চয়তা নাই : মুখ্যমন্ত্ৰী
অগপ এটা স্বতন্ত্র দল, গতিকে অগপই যিমান টিকট দিব বিচাৰে নিশ্চিতভাৱে দিব পাৰে । ক'লে মুখ্যমন্ত্ৰীয়ে ৷

Published : January 3, 2026 at 2:11 PM IST
গুৱাহাটী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিৰ তৎপৰতা আৰু অধিক বৃদ্ধি পাইছে । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এতিয়া ব্যাপক ব্যস্ততা । এখনৰ পাছত আনখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে । শুকুৰবাৰে নিশা বাজপেয়ী ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় ।
বৈঠকত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহপ্ৰভাৰী দৰ্শনা জৰ্দোশ উপস্থিত আছিল । বৈঠকত আগন্তুক নিৰ্বাচনৰ ৰণকৌশল আৰু মিত্রদলৰ লগত আসনৰ বুজাবুজি সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।
আগন্তুক নিৰ্বাচনত প্রাৰ্থিত্ব প্রদান কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা যে সকলো বিধায়কে টিকট পাব বুলি কোনো কথা নাই । মুখ্যমন্ত্রীয়ে কয়, "প্রত্যেকগৰাকী বিজেপি বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে । ৫ বছৰৰ বাবে বিধায়ক হয় আৰু তাৰ পাছত জনপ্ৰিয়তাৰ ভিত্তিত দলে টিকট দিয়ে । আমাৰ ইয়াত আৱেদনৰ ব্যৱস্থা নাই । কোনে টিকট পাব সেই ক্ষেত্রত বুথ কমিটীৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটীলৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে । ৰাজ্যিক নিৰ্বাচনী কমিটীয়ে সেই নাম দলৰ সংসদীয় ব'ৰ্ডলৈ প্ৰেৰণ কৰে । তাৰ পিছত তাতে সিদ্ধান্ত হ'ব । এতিয়াই কোৱাটো সম্ভৱ নহয় । বিধায়কৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি টিকট প্রদান কৰা হ'ব । যুৱ আৰু মহিলা প্রতিনিধিক অগ্রাধিকাৰ দিয়া হ'ব । বিজেপিয়ে সদায়ে নতুন মুখক প্ৰাধান্য দিয়ে । সংসদীয় ব'ৰ্ডে সিদ্ধান্ত ল'ব ।"

বি টি আৰত মিত্ৰতা প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বি টি আৰত মিত্রতাৰ প্ৰসংগটো কেনেকৈ সমাধান কৰিব পাৰো সেই সন্দৰ্ভতো আলোচনা কৰা হৈছে । অনাগত দিনত এই বিষয়ত আলোচনা হ'ব । বি টি এ ডিত থকা সকলোৰে লগত আমাৰ আলোচনা চলি আছে । আমি বিচাৰো সকলোকে লগত লৈ চলা ৰাস্তা কি ।"
অগপৰে আসন ভাগ-বাটোৱাৰা প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অগপ এটা স্বতন্ত্র ৰাজনৈতিক দল । অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই । অগপই ১০০ সমষ্টিতে প্ৰাৰ্থী দিব পাৰে । অগপ এটা স্বতন্ত্র দল আৰু তেওঁলোকে কৰা মন্তব্যৰ ওপৰত মই মন্তব্য কৰাটো ঠিক নহয় । কাৰণ তেওঁলোকৰ সভাপতি জে পি নাড্ডা নহয়, তেওঁলোকৰ সভাপতি অতুল বৰা । গতিকে অগপই যিমান টিকট দিব বিচাৰে নিশ্চিতভাৱে দিব পাৰে । কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথা কয় তেতিয়া অতুল বৰা আৰু দিলীপ শইকীয়াৰ লগত বৈঠক হ'ব লাগিব । তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব । কিন্তু অগপই যদি কয় বিজেপি নিজৰ ঠাইত থাকিব আৰু আমি ১০০ খনত খেলিম । তাত আমি বাধা দিব নোৱাৰো ।"
দুয়োটা দলৰ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বৈঠকৰ ক্ষেত্রত আমাৰ প্ৰতিনিধিয়ে অতুল বৰা আৰু কেশৱ মহন্তৰ লগত কথা পাতি আছে । ময়ো দুই-তিনিবাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতিছোঁ । আমি কেবিনেটত একেলগে থাকো যেতিয়া অতুল বৰা আৰু কেশৱ মহন্তৰ লগত প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকো । আমাৰ সম্পৰ্ক বেয়া নহয় । আমি সাংবাদিকক বাহিৰত ৰখাই থৈ ভিতৰত বৈঠক কৰি ওলাই আহি কোৱাৰ প্ৰয়োজন নাই । কথা পাতি থকা হৈছে । বিজেপি আৰু অগপৰ কথাবাৰ্তা সকলো সময়তে চলি আছে । আমাৰ আলোচনাটো কেনেকৈ হৈ যাব আপোনালোকে গমেই নাপাব । কংগ্ৰেছ বা ৰাইজৰ দলৰ দৰে হোৱা বৈঠক আমাৰ নহয় । একেবাৰে শেষত অগপ নাইবা বিজেপিৰ কাৰ্যালয়ত দুয়োটা দল একেলগে বহি আলোচনা কৰিব আৰু দুয়োগৰাকী সভাপতিয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব । সেইটো এটা বেলেগ কথা । আলোচনা আমি বিগত ৩ মাহ ধৰি কৰি আছো । কোনে কেইখন আসনত নিৰ্বাচন খেলিব । অগপই তেওঁলোকৰ কথা কৈছে আৰু আমি আমাৰ কথা কৈ আছো । আমাৰ মন্ত্রীসকলে তেওঁলোকৰ লগত কথা পাতি আছে ।"
বিজেপিৰ বিধায়কৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিজেপিৰ কোনো বিধায়কৰ বিৰুদ্ধে আজিৰ দিনত ৰাইজৰ অভিযোগ নাই । কাৰণ মই প্ৰত্যেক সমষ্টিতে গৈছো । কোনেও আমাৰ বিধায়কৰ বিৰুদ্ধে কোৱা নাই । বিগত ৫ বছৰত প্ৰতিগৰাকী বিধায়কে ৩০০ ৰ পৰা ৫০০ নামঘৰত অনুদান দিছে । বহু আঁচনি কৰিছে । প্ৰত্যেক সমষ্টিতে ৩৫ হাজাৰ পৰিয়ালে অৰুণোদয় পাইছে । মহিলা উদ্যমিতা পাইছে । গতিকে আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে ক'তো একো অভিযোগ পোৱা নাই ।"
তেওঁ লগতে কয়, "এইবাৰ টিকট কটাত আমাৰ কষ্ট হ'ব । মই জনাত আমাৰ ছাৰ্ভেত বৰ্তমানৰ সকলো বিধায়ক এক-দুইৰ ভিতৰত আহি যাব । বিধায়কে কাম কৰিছে । বিজেপত পুৰণা বিধায়কৰ টিকট নকটাকৈ আমি নতুন মুখৰ প্ৰাৰ্থী এইবাৰ দিব পাৰিম । ২২ টা সমষ্টি আমাৰ নতুনকৈ আছে । য'ত আমি ২২ জন নতুন প্ৰাৰ্থী দিব পাৰো । ১০৩ টা সমষ্টিৰ ভিতৰত আমি ২২ টা সমষ্টিত এনেয়ে টিকট দিব পাৰিম । কিবা কাৰণত ১০ জন বিধায়কৰ পৰিৱৰ্তন হ'লে ৩২ টা পাব । গতিকে এইবাৰ নতুন মুখক প্ৰাধান্য দিয়াত আমাৰ কোনো অসুবিধা নাই ।"
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে লগতে কয়, "বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়াকৈ অসমলৈ অহাৰ সম্ভাৱনা আছে । এই বিষয়টো আলোচনা কৰা হয় । ২৯ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ অসমলৈ অহাৰ সম্ভাৱনা আছে । এই ভ্ৰমণ সম্পৰ্কতো আলোচনা কৰা হয় । অহা ৫ জানুৱাৰীৰ পৰা বিজেপিয়ে সমগ্ৰ ৰাজ্যতে দলৰ চিহ্নকলৈ ৱাল পেইণ্টিং কৰিব । সেই বিষয়টো আলোচনা কৰা হয় । আনহাতে বৈঠকত মিত্রতা, প্ৰাৰ্থী বাচনিৰ প্ৰক্ৰিয়া, প্ৰচাৰৰ বাবে কোন কোন নেতাক মাতিব লাগিব আদি বিভিন্ন বিষয়কলৈ বিশদ আলোচনা কৰা হয় । একপ্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে ।"
কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰাৰ্থিত্বৰ আবেদনৰ নামত মাচুল সংগ্ৰহ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছে ৫০ হাজাৰ টকা বিচাৰিছে, ৰাইজৰ দলে ২৫ হাজাৰ টকা বিচাৰিছে । সেইটো তেওঁলোকৰ দলীয় বিষয় । তাত আমি মন্তব্য দিয়াটো উচিত নহয় ।"
লগতে পঢ়ক :কংগ্ৰেছৰ ১০০ আসন ! গৌৰৱৰ সিদ্ধান্ত মানি লোৱা নাই অখিল গগৈয়ে

