টাইগাৰ অভি জিন্দা হ্য়ায় ! নীতিশৰ গৰ্জনত বিধ্বস্ত বিৰোধী
পলটু ৰাম বুলি নিন্দা কৰাসকলক যোগ্য় প্ৰত্য়ুত্তৰ নীতিশ কুমাৰৰ ।

Published : November 14, 2025 at 6:57 PM IST
পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰাকক্ষণত আজি এখন বিশেষ পোষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এই পোষ্টাৰখনত লিখা আছিল “টাইগাৰ অভি জিন্দা হ্য়ায়” অৰ্থাৎ বাঘ এতিয়াও জীয়াই আছে ।
দিনটোৰ চৰ্চাত এখন পোষ্টাৰ :
ইয়াৰ পিছতেই চৰ্চালৈ অহা এই পোষ্টাৰখন আঁৰি দিয়া লোকজনৰ চাইকোফেণ্টিক প্ৰশংসাৰ কাম হিচাপে গণ্য কৰা হৈছে । লোকজনে শুকুৰবাৰে ভোট গণনা আৰম্ভ হোৱাৰ দুঘণ্টামানৰ ভিতৰতে এই পোষ্টাৰখন জনতা দল ইউনাইটেডৰ মুখ্য কাৰ্যালয়ত আঁৰিছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ফটোসহ পোষ্টাৰখনত “টাইগাৰ অভি জিন্দা হ্য়ায়” । জনতা দল ইউনাইটেডে মিত্ৰদল বিজেপিৰ পিছতে ৰাজ্যৰ দ্বিতীয় বৃহত্তম দল হোৱাৰ দিশত আগবাঢ়ি থাকোতেই “টাইগাৰ অভি জিন্দা হ্য়ায়” বুলি লিখাই নহয়,টাইগাৰৰ গৰ্জনত বিধ্বস্ত বিৰোধী ।

উল্লেখ্য় যে ২০০৫ চনৰ পৰা অবিৰতভাৱে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে নীতিশ কুমাৰে । অৱশ্য়ে ২০১৪–২০১৫ চনত ৯ মাহৰ বাবে নীতিশ কুমাৰে মুখ্য়মন্ত্ৰীৰ আসনত উপবিষ্ট হোৱা নাছিল । ইয়াৰ পিছতেই তেওঁ চালকৰ আসনত বহিবলৈ সক্ষম হয় ।
নিৰ্বাচনৰ পূৰ্বে এইগৰাকী নেতাক মুখ্যমন্ত্ৰী হিচাপে কাম কৰিবলৈ অক্ষম, শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ তথা পলটু ৰাম বুলি নিন্দা কৰা হৈছিল; কিন্তু ভোট গণনাৰ সময়ত মুখ্য়মন্ত্ৰীক এইদৰে উপলুঙা কৰাসকলৰ লগে লগে সুৰ সলনি হ’ল । তেওঁলোকে ক'লৈ বাধ্য় হ'ল যে নীতিশে কেৱল নেতৃত্ব দিয়াই নহয়, প্ৰকৃততে ছুনামীৰ ঢৌত এন ডি এ (National Democratic Alliance)ক দুই তৃতীয়াংশতকৈ অধিক সংখ্যাগৰিষ্ঠতাৰ দিশে লৈ গ’ল ।
এই প্ৰতিবেদন লিখাৰ সময়ত জে ডি ইউৱে ৮২খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিতকৈ অলপ কম লাভ কৰিছে । উল্লেখ্য় যে ২০২০ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত এয়া হৈছে এক উল্লেখযোগ্য সফলতা । কাৰণ সেইবাৰ তেওঁৰ দলটোৱে মাত্ৰ ৪৩খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । ২৪৩ জনীয়া সদনত তৃতীয় স্থানতেই ক্ষান্ত থাকিবলগীয়া হৈছিল ।
এইবাৰৰ গণনাত বৰ্তমান বিহাৰত নীতিশ কুমাৰক এক অপৰিহাৰ্য ৰাজনৈতিক শক্তি হিচাপেও প্ৰতিষ্ঠা কৰিছে । ইয়াৰ উপৰি ২০১০ চনৰ নিৰ্বাচনত যি সন্দেহ কৰা হৈছিল এইবাৰ ৭৪ বছৰীয়া নেতাগৰাকীয়ে জনকল্যাণমূলক নীতিক ভোটলৈ ৰূপান্তৰিত কৰি সেই সন্দেহ আঁতৰাই পেলালে । মাত্ৰ ২২খন আসনত সীমাবদ্ধ হৈ থকা আৰ জে ডিক যুঁজত পিছ পেলাই জে ডি ইউৱে ১১৫ আৰু বিজেপিয়ে ৯১ খন আসন লাভ কৰিছিল ।
এই সন্দৰ্ভত সামাজিক-ৰাজনৈতিক কৰ্মী তথা পাটনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক এন কে চৌধাৰীয়ে ই টিভি ভাৰতক কয়, "এয়া এক ঐতিহাসিক ফলাফল । নীতিশ কুমাৰৰ উন্নয়নমূলক এজেণ্ডাক ৰাইজে গ্ৰহণ কৰিছে । আপুনি গ্ৰামাঞ্চললৈ গ'লেই লক্ষ্য কৰিব নলৰ পানী যোগান, ২৪ ঘণ্টীয়া বিদ্যুৎ যোগান, গাঁওবোৰক ইটোৱে সিটোৰ লগত সংযোগ কৰা পথ আৰু কোনোবা নহয় কোনোবা কামত নিয়োজিত লোক, বিশেষকৈ মহিলাসকল । এই নিৰ্বাচনে সকলো দলক এক শিকনি দিলে ।"
নীতিশ কুমাৰৰ নাৰী সৱলীকৰণ নীতিয়েও এন ডি এৰ বৃহৎ বিজয়ত অৰিহণা যোগাইছে । তেওঁ বিভিন্ন কল্যাণ আৰু উন্নয়নমূলক আঁচনিৰ সহায়ত মহিলা ভোটাৰক সুকীয়া ক্ষেত্ৰ হিচাপে তৈয়াৰ কৰিবলৈ সক্ষম হৈছে । ২০০৫ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।
বিগত দুটা দশকত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানত তেওঁলোকক ৫০ শতাংশ সংৰক্ষণ, চাকৰিৰ ক্ষেত্ৰত ৩৫ শতাংশ সংৰক্ষণ, অধিক অধ্যয়নৰ বাবে বৃত্তি, ছাত্ৰ-ছাত্ৰীক স্কুলৰ সাজ-পোচাক আৰু চাইকেল দিয়াৰ লগতে মহিলাসকলৰ বাবে গ্ৰাম্য জীৱিকা কাৰ্যসূচীৰ অধীনত জীৱিকা আত্মসহায়ক গোট আৰম্ভ কৰে মুখ্য়মন্ত্ৰী নীতিশ কুমাৰে ।
যোৱা কেইমাহমানত নীতিশ কুমাৰে প্ৰায় ১.৪ কোটি মহিলাক কিছু নিয়োগ বা উদ্যোগ আৰম্ভ কৰিবলৈ ১০ হাজাৰকৈ টকা প্ৰদান কৰিছিল । আনকি ভাল কাম কৰিলে ২ লাখ টকা পৰ্যন্ত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁ মধ্যাহ্ন ভোজন ৰান্ধনীক দিয়া ধন বৃদ্ধি কৰিছিল, আশাকৰ্মীক প্ৰদান কৰা সন্মানীয় ধন বৃদ্ধি কৰাৰ লগতে জীৱিকা আত্মসহায়ক গোট পৰিচালনাৰ কামত নিয়োজিত সকলকো বৃদ্ধি কৰিছিল ।
ৰাজ্যত নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ বাবেও মহিলাসকল সুখী হৈছে । যদিও বহুলাংশে সফল নহয় তথাপি জনস্বাস্থ্য়ৰ প্ৰতি হানিকাৰক উপাদান আৰু গৃহ হিংসা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিছে । তদুপৰি ১৯৯০ চনৰ পৰা ২০০৫ চনলৈকে আৰ জে ডিৰ শাসনৰ সময়ত ৰাজ্যখনে সন্মুখীন হোৱা আইন-শৃংখলতাত ব্য়াঘাত জন্মাৰ পৰিস্থিতি ঘূৰি অহাৰ আশংকা ।
সমষ্টিপুৰ জিলাৰ উজিয়াৰপুৰৰ সমীপৰ মাধোপুৰ গাঁৱৰ বাসিন্দা বীণা দেৱীয়ে কয় , "মই প্ৰাৰ্থনা কৰি আছিলো যে আৰ জে ডিৰ শাসন আৰু জংঘলৰাজ ৰাজ্যলৈ ঘূৰি নাহক । কোনো আইন নমনা আমি নিজৰ চকুৰে দেখিছো । সেই সময়ছোৱাত দুখীয়া আৰু নিপীড়িত লোকৰ কণ্ঠত কোনেও গুৰুত্ব নিদিলে । মই সকাহ পাইছো যে নীতিশ জয়ী হৈছে ।"
মহিলামুখী উন্নয়ন আঁচনিৰ বাবেই নীতিশ কুমাৰে মহিলাসকলৰ পৰা সমৰ্থন লাভ কৰিছে । ইয়াৰ প্ৰতিফলন সদ্য়সমাপ্ত নিৰ্বাচনৰ পিছতেই নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পাইছে । এইবাৰ মহিলাই ভোটদান কৰাৰ হাৰ আছিল লক্ষ্য়ণীয় ।
উল্লেখ্য় যে ৰাজ্যখনৰ ৩৮খন জিলাৰ ভিতৰত ৩৭খন জিলাত পুৰুষক পিছ পেলাই মহিলাসকলে ‘কিংমেকাৰ’ হিচাপে আত্মপ্ৰকাশ কৰে । ৬২.৯ শতাংশ পুৰুষ ভোটাৰৰ তুলনাত প্ৰায় ৭১.৮ শতাংশ মহিলা ভোটাৰে ভোটাধিকাৰ সাব্য়স্ত কৰে । এইবাৰ পুৰুষ আৰু মহিলাৰ মাজত ব্যৱধান আছিল ৮.৯ শতাংশ ।

