নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে আনুষ্ঠানিক ঘোষণা
"দল সম্পৰ্কীয় বিষয়ত মোৰ বছ ৷" প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য ৷

Published : January 20, 2026 at 1:37 PM IST
নতুন দিল্লী : মঙলবাৰে আনুষ্ঠানিকভাৱে নীতিন নবীনক নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে ঘোষণা কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । লগে লগে শাসকীয় দলটোৰ সাংগঠনিক নেতৃত্বৰ বাবে ই এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে পৰিগণিত হৈছে ।
দলৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা বিজেপিৰ ‘সংগঠন পৰ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ বিদায়ী ৰাষ্ট্ৰীয় প্ৰধান জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত নীতিন নবীনক নিৰ্বাচনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে ।
নীতিন নবীনক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে দলটোৰ নিৰ্বাচনী প্ৰক্ৰিয়াক 'এশ শতাংশ গণতান্ত্ৰিক' বুলি প্ৰশংসা কৰে । তেওঁ কয়, "বিশ্বৰ বৃহত্তম ৰাজনৈতিক দলৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাবে নীতিন নবীনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । বিগত কেইবামাহো ধৰি সংগঠনটোৰ আটাইতকৈ সৰু ইউনিটৰ পৰা ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো এশ শতাংশ গণতান্ত্ৰিক পদ্ধতিৰে সম্পন্ন হৈছে । আজিৰ এই প্ৰক্ৰিয়াটোও সঠিক আৰু আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হৈছে ।"
বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "দলক শক্তিশালী কৰাত অৱদান আগবঢ়োৱা বিজেপিৰ সকলো প্ৰাক্তন সভাপতিক ধন্যবাদ জনাইছোঁ ।"
প্ৰধানমন্ত্ৰীয়ে লগতে অতি স্পষ্টভাৱে কয়, "মই এগৰাকী দলীয় কৰ্মী আৰু দলৰ সৈতে জড়িত বিষয়ত নীতিন নবীন মোৰ বছ ।"
ইয়াৰ পূৰ্বে সোমবাৰে বিজেপিয়ে নীতিন নবীনক একক প্ৰাৰ্থী হিচাপে মনোনয়ন কৰে আৰু পৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাপতি পদৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি দলৰ দ্বাদশ ৰাষ্ট্ৰীয় প্ৰধান হিচাপে তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনৰ পথ মুকলি কৰি দিয়ে ।
সোমবাৰে সন্ধিয়া জাৰি কৰা এক আনুষ্ঠানিক ঘোষণাত ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে কয় যে মনোনয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মাত্ৰ এটা নাম, নীতিন নবীনৰ নামহে ৰৈ গৈছে ।
ৰিটাৰ্ণিং বিষয়াই নিশ্চিত কৰে যে ২ৰ পৰা ৪ বজাৰ ভিতৰত নবীনৰ সমৰ্থনত ৩৭ খন মনোনয়ন-পত্ৰ লাভ কৰা হৈছে, সেইবোৰ পৰীক্ষাৰ পিছত বৈধ হিচাপে পৰিগণিত হৈছে । কোনো ধৰণৰ মনোনয়ন প্ৰত্যাহাৰ হোৱা নাই আৰু আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিলো কৰা নাই ।
উল্লেখ্য যে দলীয় সংবিধানৰ অধীনত ৫০ শতাংশ ন্যূনতম প্রয়োজনৰ সসীমা অতিক্রম কৰি বিজেপিৰ ৩৬ গৰাকী ৰাজ্যিক সভাপতিৰ ভিতৰত ৩০ জন সভাপতি নির্বাচিত হোৱাৰ পাছতে নির্বাচন প্রক্রিয়াটোৱে গতি লাভ কৰে ৷ ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১৬ জানুৱাৰীত নিৰ্বাচনৰ সময়সূচীৰ বাবে অধিসূচনা জাৰি কৰা হৈছিল আৰু নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হৈছিল । সোমবাৰে মনোনয়ন-পত্ৰ মুকলি আৰু বন্ধ কৰা হয় আৰু তাৰ কিছু সময়ৰ পিছতে পৰীক্ষা সম্পূৰ্ণ হয় ।
২০২৫ চনৰ ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি পোৱা ৪৫ বছৰীয়া নবীনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ বিদায়ী সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা বিপুল সমৰ্থন লাভ কৰিছে ।
ইয়াৰ পূৰ্বে সোমবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা, মুখ্যমন্ত্ৰী আৰু একাধিক ৰাজ্যৰ প্ৰতিনিধিয়ে নবীনৰ পক্ষত মনোনয়ন-পত্ৰ দাখিল কৰি এক শক্তিশালী সাংগঠনিক সহমতৰ সংকেত দিয়ে ।
একমাত্ৰ প্ৰাৰ্থী হিচাপে নবীনক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাজ্যিক পৰিষদৰ সদস্যৰে গঠিত ইলেক্টৰেল কলেজে । এই প্ৰক্ৰিয়াটো বিজেপিৰ উক্ত নিয়মৰ সৈতে মিল আছে, য’ত এজন প্ৰাৰ্থীক ৰাজ্যৰ কমেও ২০ জন ইলেক্টৰেল কলেজৰ সদস্যই প্ৰস্তাৱ দিব লাগিব আৰু তেওঁৰ ন্যূনতম ১৫ বছৰৰ দলীয় সদস্যপদ থাকিব লাগিব ।
আনহাতে, নবীনৰ এই উত্থানক ধাৰাবাহিকতা ৰক্ষা কৰি বিজেপি দলৰ সাংগঠনিক ক্ষেত্ৰত যুৱ নেতৃত্বৰ প্ৰৱেশৰ কৌশলগত পদক্ষেপ হিচাপে লক্ষ্য কৰা হৈছে ।

