ETV Bharat / politics

অসম বিধানসভা নিৰ্বাচনঃ যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব আৰু নতুন মুখৰ প্ৰাৰ্থীৰে কংগ্ৰেছৰ চমক

বিজেপিতকৈ আগেয়েই তালিকা প্ৰকাশ কংগ্ৰেছৰ ৷ কোন কোন নতুন মুখে পালে প্ৰাৰ্থিত্ব ?

Assam Assembly Election 2026
গৌৰৱ গগৈ (Gaurav Gogoi FB Account)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 11:12 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নৌহওতেই ৪২ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণাৰে কংগ্ৰেছে নিৰ্বাচনী যুঁজৰ চমক দিলে ৷ মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ৫১ লোধী ইষ্টেটস্থিত কাৰ্যালয়ৰ পৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্ৰথমখন তালিকা ঘোষণা কৰে । কংগ্ৰেছৰ প্ৰাৰ্থী বাচনি সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ এই প্ৰথমখন তালিকাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ চমক ।

যোৰহাটত যুঁজ নামিব গৌৰৱ গগৈ :

প্ৰথমটো চমকেই হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ সংসদীয় ৰাজনীতিৰ পৰা ৰাজ্যৰ ৰাজনীতিলৈ আগমন ২০২৬ৰ নিৰ্বাচনী যুঁজ সন্মুখৰ পৰা নেতৃত্ব দিয়া গৌৰৱ গগৈৰ । যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছে 2026ৰ বাবে প্ৰক্ষেপ কৰিছে গৌৰৱ গগৈক ৷ যিটো কংগ্ৰেছ দলৰ উজনি অসমত এক শক্তিশেল হিচাবে বিবেচিত হৈছে । ২০২৪ৰ বিধানসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পিছত গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বিতাই যোৰহাট সমষ্টিক ২০২৬ৰ নিৰ্বাচনী ৰণৰ সবাতোকৈ হাই প্ৰফাইল সমষ্টি কৰি তুলিব সেয়া নিশ্চিত । নিশ্চিতভাৱে যোৰহাট এইবাৰ নিৰ্বাচনত হ’ব ৰাজ্যৰ অন্যতম উত্তেজনাপূৰ্ণ ৰণক্ষেত্ৰ ।

প্ৰাধান্য পাইছে নতুন মুখ আৰু যুৱ প্ৰজন্মই :

আনহাতে, প্ৰথমখন তালিকাত প্ৰাধান্য পাইছে নতুন আৰু যুৱ মুখে ৷ ঘোষিত প্ৰথমখন তালিকাৰ ৪২জনৰ ভিতৰত ১৮ জনেই নতুন মুখ ৷

কোন কোন নতুন মুখে ঠাই পাইছে এই তালিকাত ?

  • গোৱালপাৰা পশ্চিম (ST): মাৰ্কলিন মাৰাক
Assam Assembly Election 2026
মাৰ্কলিন মাৰাক (ETV Bharat Assam)
  • বঙাইগাঁও: গিৰিশ বৰুৱা
  • বৰপেটা (SC) মহানন্দ সৰকাৰ
Assam Assembly Election 2026
মহানন্দ সৰকাৰ (ETV Bharat Assam)
  • বকো-ছয়গাওঁ: ৰমেন সিং ৰাভা
  • ৰহা (SC): উৎপল বণিয়া
Assam Assembly Election 2026
উৎপল বণিয়া (ETV Bharat Assam)
  • বিহপুৰীয়া: নাৰায়ণ ভূঞা (ৰাম ভূঞা)
Assam Assembly Election 2026
নাৰায়ণ ভূঞা (ETV Bharat Assam)
  • জোনাই (ST): ৰাজ কুমাৰ মেদক
  • মাৰ্ঘেৰিটা: প্ৰতীক বৰদলৈ
Assam Assembly Election 2026
প্ৰতীক বৰদলৈ (ETV Bharat Assam)
  • চাবুৱা-লাহোৱাল: প্ৰাঞ্জল ঘাটোৱাৰ
Assam Assembly Election 2026
প্ৰাঞ্জল ঘাটোৱাৰ (Pranjal Ghatowar FB Account)
  • সোণাৰি: উৎপল গগৈ
Assam Assembly Election 2026
উৎপল গগৈ (ETV Bharat Assam)
  • ডিমৌ: অজয় কুমাৰ গগৈ
Assam Assembly Election 2026
অজয় কুমাৰ গগৈ (ETV Bharat Assam)
  • মাজুলী (ST): ইন্দ্ৰনীল পেগু
Assam Assembly Election 2026
ইন্দ্ৰনীল পেগু (ETV Bharat Assam)
  • বোকাজান(ST): ৰতন ইংতি
  • ৰংখাং(ST): আগষ্টাইন ইংহি

আনহাতে, বৰাক উপত্যকাৰ মুঠ ১৩ সমষ্টিৰ ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম মঙলবাৰে ঘোষণা কৰিছে কংগ্ৰেছে ৷ প্ৰথম তালিকাৰ ৬ জন প্ৰাৰ্থীৰ ভিতৰত ৫ জনেই নতুন মুখ ৷

বৰাকৰ কংগ্ৰেছৰ নতুন মুখকেইখন :

  • শিলচৰ: অভিজিত পাল
Assam Assembly Election 2026
অভিজিত পাল (ETV Bharat Assam)
  • লক্ষীপুৰ: ডাঃ এম শান্তি কুমাৰ সিনহা
Assam Assembly Election 2026
ডাঃ এম শান্তি কুমাৰ সিনহা (ETV Bharat Assam)
  • বৰখলা: ডাঃ অমিত কুমাৰ কালোৱাৰ
Assam Assembly Election 2026
ডাঃ অমিত কুমাৰ কালোৱাৰ (ETV Bharat Assam)
  • উত্তৰ কৰিমগঞ্জ: জাকাৰিয়া আহমেদ
  • ৰামকৃষ্ণ নগৰ(SC): সুৰুচি ৰায়
Assam Assembly Election 2026
সুৰুচি ৰায় (ETV Bharat Assam)

আনহাতে, কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰ তাঞ্জিল হুচেইন যুৱ প্ৰাৰ্থী হ’লেও নিৰ্বাচনী যুঁজত একেবাৰে নতুন নহয় ৷ ২০২৪ত চামগুৰি সমষ্টিৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৰকিবুল হুচেইনৰ পুত্ৰ । এইবাৰো ২০২৬ত চামগুৰিৰ পৰা তাঞ্জিলক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছ দলে ।

লগতে পঢ়ক : কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ