ETV Bharat / politics

ভোটাৰে কি কয় : উত্তৰ কামৰূপৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ নতুন ভোটাৰৰ মনৰ বতৰা

"বিনামূলীয়া চাউল-দাইল পোৱাৰ ফলত যুৱ প্ৰজন্ম এলেহুৱা হ'বলৈ ধৰিছে । আমাক কাম কৰিবলৈ দিয়ক, নিজেই যোগাৰ কৰি ল'ম ।" এগৰাকী যুৱ ভোটাৰৰ মনৰ কথা ।

Assam Assembly Elections 2026
উত্তৰ কামৰূপৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ নতুন ভোটাৰৰ মনৰ বতৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 1:51 PM IST

4 Min Read
Choose ETV Bharat

ৰঙিয়া : ২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত । এই নিৰ্বাচনত ৰাজ্যখনৰ বহু যুৱক-যুৱতীয়ে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব । এই নতুন ভোটাৰৰ মনৰ বতৰা ল'বলৈ আমি উপস্থিত হৈছিলোঁ ৰঙিয়া তথা উত্তৰ কামৰূপৰ একমাত্ৰ নাৰী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত ।

বৰ্তমান মহাবিদ্যালয়খনত মহাবিদ্যালয় সপ্তাহ চলি আছে । ছাত্ৰীসকলৰ মাজত চলি থকা বিভিন্ন প্ৰতিযোগিতাৰ মাজতে আমি গৈ উপস্থিত হৈছিলোঁ তেওঁলোকৰ মনৰ বতৰা ল'বলৈ । প্ৰথমবাৰলৈ ভোট দিবলৈ ওলোৱা ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ।

উত্তৰ কামৰূপৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ নতুন ভোটাৰৰ মনৰ বতৰা (ETV Bharat Assam)

ছাত্ৰীসকলৰ মনোভাব হ'ল, তেওঁলোকে ভোটাধিকাৰ পাইছে মানে দেশৰ আইনে তেওঁলোকক সম অধিকাৰ প্ৰদান কৰিছে । তেওঁলোকে অনুভৱ কৰিছে যে এই ভোটৰ জৰিয়তে তেওঁলোকে ৰাজ্য আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব ।

ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা বিশাখা মহন্তই ইটিভি ভাৰতৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰি কয়, "প্ৰথমবাৰ ভোট দিবলৈ লৈ বহুত ভাল লাগিছে । চৰকাৰে আমাক বহু সুবিধা দিছে । পঢ়া বিনামূলীয়া কৰি দিছে, মেধাৱী ছাত্ৰীসকলক শিক্ষানুষ্ঠানত অহা-যোৱা কৰিবলৈ গাড়ী দিছে ।"

Assam Assembly Elections 2026
মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ নতুন ভোটাৰৰ মনৰ বতৰা (ETV Bharat Assam)

মহাবিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰী তথা ছাত্ৰী একতা সভাৰ সভাপতি সংগীতা দাসেও নিজৰ মনৰ ভাব ব্যক্ত কৰি ৰাইজে বাছনি কৰা প্ৰতিনিধিসকলক উদ্দেশ্যি কয় যে ৰাইজৰ প্ৰতিনিধিসকল সততাৰ পথত থকাটো উচিত । তেওঁ আগন্তুক সময়ত চৰকাৰৰ পৰা কি বিচাৰে বুলি প্ৰশ্ন কৰাত কয়, "আমাৰ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল । ইতিমধ্যে মহাবিদ্যালয়খনত শেহতীয়াকৈ নতুন বিল্ডিং নিৰ্মাণ কৰি থকা হৈছে যদিও পৰিষ্কাৰ খোৱাপানীৰ ব্যৱস্ , আধুনিক পুথিভঁৰাল, প্ৰেক্ষাগৃহৰ প্ৰয়োজন আছে ।"

Assam Assembly Elections 2026
মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ নতুন ভোটাৰৰ মনৰ বতৰা (ETV Bharat Assam)

তেওঁ কয় যে যদিও শেহতীয়াকৈ মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ চলি আছে, তথাপিও মৌলিক সুবিধাৰ অভাৱে ছাত্ৰীসকলৰ শিক্ষাৰ পৰিৱেশক প্ৰভাৱিত কৰি আহিছে । তেওঁক ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ আৰু কি কৰণীয় আছে বুলি প্ৰশ্ন কৰাত তেওঁ কয়, "চৰকাৰে আমাক মইনা আচঁনি দিছে । কিন্তু সেইখিনি ধন যথেষ্ট নহয় । বহু দূৰৰ দুৰ্গম অঞ্চলৰ পৰা আহি বিভিন্ন টাউনত শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলৰ বাবে মাত্ৰ ১২০০ টকাত মাহটো পৰা কৰা যথেষ্ট কঠিন । কাৰণ ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়ৰ সমীপত ৰুম ভাৰা কৰি থাকি খোৱা খৰচৰ লগতে অন্যান্য খৰচ কৰিবলৈ ১২০০ তকৈ অধিক ধনৰ প্ৰয়োজন হয় ।"

Assam Assembly Elections 2026
মহাবিদ্যালয় সপ্তাহত অংশগ্ৰহণকাৰী (ETV Bharat Assam)

আনফালে একেখন মহাবিদ্যালয়ৰে আন এগৰাকী ছাত্ৰী তথা তৰ্ক-সাহিত্যৰ সম্পাদিকা জুলফি আখতাৰা বেগমে নিজৰ স্বাভিমান প্ৰকাশ কৰি কয় যে অসমৰ যুৱচামক চাউল-দাইলতকৈ সংস্থাপনৰহে প্ৰয়োজন ।

তেওঁ এই বিষয়ে ব্যাখ্যা কৰি কয়, "মোৰ ব্যক্তিগত মতামত হ'ল যে যুৱ প্ৰজন্মক কামৰ প্ৰয়োজন । কাৰণ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰাৰ লগতে বিনামূলীয়ে চাউল-দাইল পোৱাৰ ফলত যুৱ প্ৰজন্ম এলেহুৱা হ'বলৈ ধৰিছে । আমাক কাম কৰিবলৈ দিয়ক, বাকীখিনি আমি নিজেই যোগাৰ কৰি ল'ম ।"

Assam Assembly Elections 2026
মহাবিদ্যালয় সপ্তাহৰ ভেশচন প্ৰতিযোগিতাৰ এক দৃশ্য (ETV Bharat Assam)

তেওঁ লগতে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ স্থানীয় বিধায়ক তথা চৰকাৰলৈ আহ্বান জনায় ।

উত্তৰ কামৰূপৰ এই অগ্ৰণী নাৰী শিক্ষা প্ৰতিষ্ঠানত বিশাখা, সংগীতা, জুলফিৰ দৰে বহু ছাত্ৰী আছে, যিসকলে ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোট দিব । কিছুসংখ্যক ছাত্ৰীয়ে হয়তো এবাৰ পঞ্চায়ত নিৰ্বাচনত ভোট দিছে যদিও বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ ওলাইছে । প্ৰতিগৰাকী ছাত্ৰীয়েই যথেষ্ট আগ্ৰহী আগন্তুক বিধানসভা নিৰ্বাচনক লৈ । এইসকল ছাত্ৰীয়ে আগন্তুক সময়ত সমাজৰ দিশ পৰিbৰ্তনত মুখ্য ভূমিকা পালন কৰাৰ লগতে বিধানসভা নিৰ্বাচনৰ ফলাফলতো যথেষ্ট প্ৰভাৱ পেলাব ।

লগতে পঢ়ক :ভোটাৰে কি কয়ঃ সৰুপথাৰ সমষ্টিৰ টেঙানিৰ ভোটাৰৰ মনৰ কথা
লগতে পঢ়ক :বিগত ৫ বছৰত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে নে, কি কয় ডুৰুং চাহ বাগিচাৰ ভোটাৰে ?